৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 3/2023:- 

1. জাগীৰোডত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত।
দুৰ্ঘটনাত পতিত হয় কনভয়ৰ চাৰিখনকৈ বাহন।
গুৱাহাটীৰ পৰা কাজিৰঙালৈ যোৱাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা।

2. ৰাইজৰ দলৰ নলবাৰী জিলাৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ।
২০০৭ চনৰ এটি গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় চক্ৰৱৰ্তী।

3. বিহগী কবি ৰঘুনাথ চৌধাৰী সোঁৱৰণী বঁটা-২০২৩ ঘোষণা।
কবি প্রণৱ কুমাৰ বৰ্মনলৈ আগবঢ়োৱা হয় এই বিশেষ এই বঁটা।
১৮ নৱেম্বৰত নলবাৰীত সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠীয়ে প্রদান কৰিব এই বঁটা।

4. দুর্নীতি বিৰোধী বিভাগৰ জালত ইডি বিষয়া নৌলকিশোৰ মীনা।
১৫ লাখ টকাৰ উৎকোচলৈ গ্ৰেপ্তাৰ হয় ইডিৰ বিষয়া গৰাকী।

5. “প্ৰধানমন্ত্ৰী মোদী সাধাৰণ মনুষ্য নহয়।
তেওঁ হৈছে অৱতাৰী পুৰুষ।
সনাতন উদ্ধাৰৰ বাবে অৱতাৰ লৈছে নৰেন্দ্ৰ মোদীয়ে”- মন্তব্য অভিনেত্ৰী কংগনা ৰনাৱাতৰ।

6. নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত উপস্থিত বিশেষজ্ঞৰ দল৷
NHPCৰ মুখ্য পৰিচালন সঞ্চালকৰ নেতৃত্বত প্ৰকল্পটো পৰিদৰ্শন কৰে দলটোৱে।
প্ৰকল্পটোৰ পৰীক্ষা-নিৰীক্ষা কৰে ১১ জনীয়া দলটোৱে৷
দলটোত আছে ভূ-বিজ্ঞানীকে ধৰি কেইবাগৰাকীও শীৰ্ষ বিষয়া৷
প্ৰকল্পথলী পৰিদৰ্শন কৰি দলটো মিলিত হয় আলোচনাত৷

7. শ্বিলঙৰ লাইটকৰত অসম ৰাইফলছৰ মহাপৰিদৰ্শক সন্মিলন সম্পন্ন।
লেফটেনেণ্ট জেনেৰেল পি চি নায়াৰৰ সভাপতিত্বত অনুষ্ঠিত হয় এই সন্মিলন।

8. মুছলমানৰ সন্তানে মা দেউতাক সন্মান নকৰে কিন্তু FIVE STAR হোটেলত টয়লেট চাফা কৰে – মন্তব্য কৰে বদৰুদ্দিন আজমলে।

9. যাত্ৰীৰ সুবিধা হোৱাকৈ মহানগৰীৰ বশিষ্ঠত চিটি বাছ আস্থান মুকলি।
বশিষ্ঠ মন্দিৰৰ সমীপত নিৰ্মাণ কৰা হয় আস্থানটো।
বাছ আস্থানটো মুকলি কৰে পৰিবহণ বিষয়া হিমাংশু দাসে।

10. অসমত উপস্থিত ভূটানৰ ৰজা জিগমে খেছাৰ নামগ্যাল ৱাংগচুক৷
মা কামাখ্যাৰ আশিস লয় ভূটানৰ নৃপতিগৰাকীয়ে৷
সন্ধিয়া ৫ বজাত খানাপাৰাৰ ষ্টাফ কলেজৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকে ভূটানৰ নৃপতি গৰাকী।

11. সোণাৰিত আৰক্ষী জোৱানৰ আকস্মিক মৃত্যু।
কৰ্তব্যৰত অৱস্থাতে মৃত্যু হয় জোৱান ৰবীন গগৈ।
মৃত জোৱান জনৰ ঘৰ ডিমৌত ।

12. নৃত্যৰত অৱস্থাত দেখা যায় কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াক।
কানাড়া সাংস্কৃতিক মন্ত্ৰালয়ে হাম্পিত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানত নাচে ছিদ্দাৰামায়াই।

13. তিনিচুকীয়াত দুজন আলফা স্বাধীনৰ কেডাৰৰ আত্মসমৰ্পণ।
ফিল’বাৰী থানাত আত্মসমৰ্পণ পলাশ মৰাণ ওৰফে গোপাল অসমৰ।
তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ।
আন এগৰাকী সদস্য মন্টু মৰাণৰ।
আত্মসমৰ্পণকাৰী ২ আলফা সদস্যৰ ঘৰ পেঙেৰীৰ নলনী গাঁৱত।

14. ধুবুৰীৰ তামাৰহাটত বিদ্যালয়লৈ গৈ থকা সময়ত শিক্ষকক আক্ৰমণ কৰে দুৰ্বৃত্তই।
আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় জয়দৰ আলী ঘৃতিজ্ঞাকুটি এল পি স্কুলৰ প্ৰধান শিক্ষক জয়দৰ আলী।
শিক্ষকগৰাকীৰ মটৰচাইকেল ভাঙি দিয়ে দুৰ্বৃত্তই।

15. বিজেপিত যোগদান কৰে মৰিয়নি পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতিয়ে।
আনহাতে, অসম চাহ মজদুৰ সংঘৰ যোৰহাট শাখাৰ সভাপতি-সম্পাদকেও বিজেপিত যোগদান কৰে।

16. শিৱসাগৰত আত্মসমৰ্পণ আলফা স্বাধীনৰ এজন সদস্যৰ।
আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ৰিয়াজ অসম ওৰফে আছিক আলীৰ।

17. তামুলপুৰৰ ভাৰত-ভূটান সীমান্তত সোণৰ বিস্কুটসহ এজনক আটক কৰে আৰক্ষীয়ে।
জব্দকৃত সোণখিনিৰ ওজন প্রায় ৫০০ গ্রাম।
সোণখিনিৰ বজাৰ মূল্য প্রায় ৩৫ লাখ টকা।

18. মহানগৰীৰ হেঙেৰাবাৰীত পিষ্টল দেখুৱাই দুৰ্বৃত্তই কাঢ়ি নিয়ে চেইন।
বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই কাণ্ড।
আনহাতে, চচলতো পিষ্টল দেখুৱাই চেইন টনাৰ চেষ্টা দুৰ্বৃত্তৰ।

19. তিনিচুকীয়াৰ ফিলবাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ ।
বাগিচাৰ ২২ নং ছেক্টৰত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো।
ডুমডুমাৰ বন বিভাগে উদ্ধাৰ কৰে নাহৰফুটুকীটো।

20. সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন হোজাই জিলা কমিটিৰ উত্তাল প্ৰতিবাদ।
লংকাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যলয়ৰ সন্মূখত সাব্যস্ত কৰে প্ৰতিবাদ।
চৰকাৰৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তুলে খণ্ড বিষয়াৰ কাৰ্য্যলয়ৰ চৌহদ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *