“মনোৰঞ্জন”

Spread the love
Rnewsindia24.com Assam Nov 4/2023:- 

  শকুন্তলমঃ

পুৰণি আখ্যানক নতুন ধৰণে তুলি ধৰাৰ প্ৰয়াসশকুন্তলম

ভাৰতবৰ্ষৰ নামৰ আঁৰৰ মানুহ জনেই হৈছে মহাৰাজ ভৰত।

যাৰ নামৰ আধাৰত আমাৰ এই বিশাল ভুমিখণ্ডৰ নাম ভাৰত ৰখা হৈছে।

এওঁৰেই পিতৃ- মাতৃ হৈছে মহাৰাজ দুষ্যন্ত আৰু মহাৰাণী শকুন্তলা।

তেওঁলোকৰ অগাধ প্ৰেম আৰু জীৱন জোৰা সংঘৰ্ষ ৰ কাহিনী হয়তো কম- বেছি পৰিমাণে আমাৰ সকলোৰে জ্ঞাত।

তেওঁলোকৰ সেই অগাধ প্ৰেমৰ কাহিনীকে লৈ তেলেগু ছবি জগতৰ জনপ্ৰিয় নিৰ্দেশক গুণশেখৰে নিৰ্মাণ কৰি উলিয়াইছে ”শকুন্তলম”।

ৰূপ আৰু গুণৰ অপূৰ্ব সমাহাৰেৰে সমাহিত কণ্ব মুনিৰ দত্তক কন্যা শকুন্তলা।

বনৰ মাজত উমলি থকা শকুন্তলাক এদিন বনত চিকাৰৰ বাবে অহা মহাৰাজ দুষ্যন্তই দেখা পালে।

শকুন্তলাৰ সৌন্দৰ্যত মোহিত ৰজা দুষ্যন্ত আৰু ৰজাৰ পৌৰুষত মুগ্ধ শকুন্তলাই এদিন গোপনে বিবাহ পাশত আবদ্ধ হ’ল।

আৰু শকুন্তলাক নিজৰ প্ৰাসাদলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে ৰজা নিজৰ ঠাইলৈ উভতি গ’ল।

কিন্তু বিধিৰ বিধানত এদিন দুৰ্বাসা মুনিৰ শাপত ৰজাই শকুন্তলাৰ কথা পাহৰি গ’ল।

সেইবাবে যেতিয়া শকুন্তলাই এদিন ৰাজ প্ৰাসাদত গৈ নিজৰ পৰিচয় দিলে ৰজা দুষ্যন্তই তেওঁক অপমানিত কৰি প্ৰাসাদৰ পৰা উলিয়াই দিলে।

চিনেমা খনৰ নাম ভুমিকা অভিনয় কৰিছে সামান্থা ৰুথ প্ৰভু আৰু দুষ্যন্তৰ ৰূপত অভিনয় কৰিছে অভিনেতা দেৱ মোহনে।

সংগীত পৰিচালনা কৰিছে মণি শৰ্মাই।

সুন্দৰ কাহিনী, সুন্দৰ দৃশ্যসজ্জাই ছবি খনক অধিক উপভোগ্য কৰিছে।

পুৰণি কাহিনীক নতুন ৰূপত সজাই তোলাৰ বাবে পৰিচালক- নিৰ্দেশক প্ৰশংসাৰ যোগ্য।

 

তেজসঃ

ভাৰতীয় নাৰীৰ আন এক বীৰ গাঁথাতেজস

বায়ুসেনা বাহিনীৰ এক বিচক্ষণ অফিচাৰ তেজস গীল।

বিভিন্ন দুৰ্যোগপূৰ্ণ মুহুৰ্তত তেওঁ দেশৰ কাৰণে সেৱা আগবঢ়াই আহিছে।

তেওঁৰ জীৱনৰে এনে এক ঘ্টনাৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে ”তেজস”।

কাহিনী অনুসৰি, ভাৰতীয় বায়ুসেনা বাহিনীৰ অফিচাৰ তেজস গীলে ভাৰতৰ এজন গুপ্তচৰক অবৰুদ্ধ কৰি থোৱাৰ এক খবৰ লাভ কৰে।

খবৰ লাভ কৰাৰ লগে লগে বায়ুসেনা বাহিনীৰ লোক সকলে সেই গুপ্তচৰ জনক উদ্ধাৰৰ বাবে আপ্ৰাণ চেষ্টা চলায়।

কিন্তু তেজস গীলক সেই কামৰ কোনো ব্যক্তিগত কাৰণত দূৰত ৰখাৰ চেষ্টা কৰা হয়।

কিন্তু এই সকলো বোৰৰ বাধাৰ পাছতো তেজস গীলে নিজৰ কথাত অটল হৈ সেই গুপ্তচৰ জনক ভাৰতলৈ মুকলি কৰি আনে।

এই সকলো বোৰ কথা আঁৰত আছিল নেকি গীলৰ কোনো পুৰণা স্মৃতি?

কি কাৰণত এই মিছনত তেওঁৰ উদ্যোগ বেছি আছিল?

কি কথাৰ বাবে তেওঁক এই মিছনত ভাগ লোৱাৰ বাবে বাৰণ কৰা হৈছিল?

এই সকলোবোৰ কথাই উল্লেখ কৰি হৈছে নতুন ছবি ”তেজস”ত।

ছবি খনৰ নাম ভুমিকাত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাউতে।

বাকী চৰিত্ৰ বোৰতো বহুতো জনপ্ৰিয় অভিনেতা- অভিনেত্ৰীৰ অভিনয় দৰ্শকে উপভোগ কৰিবলৈ পাব।

ছবি খন নিৰ্দেশনা কৰিছে সৰ্বেশ মেৱাৰাই।

ছবি খনৰ সংগীত পৰিচালনা কৰিছে শাশ্বত সচদেৱাই।

সুন্দৰ অভিনয় আৰু দৃশ্যগ্ৰহণৰ বাবে ”তেজস” পৰিয়ালৰ সকলোৰে এক উপভোগ্য ছবি।

 

অনুৰ

অসমীয়া ছবিৰ জয়যাত্ৰাঃঅনুৰ

অসমীয়া ছবি জগতৰ উত্তৰণ যোৱা কিছু বছৰত মন কৰিব লগীয়া।

অসমীয়া ছবি জগতত বৰ্ত্তমান এনে কিছু পৰিচালক আছে যি সকলে অগতানুগতিক ছবি নিৰ্মাণেৰে ৰাষ্ট্ৰ বাসীৰ মন জয় কৰিবলৈ সক্ষম হৈছে।

সেই সকলৰ ভিতৰত অন্যতম হৈছে “অনুৰ”।

মন্জুল বৰুৱাৰ নিৰ্দেশনা আৰু ড. গোপেন্দ্ৰ মোহন দাসৰ পৰিচালনাই অনুৰক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে।

এগৰাকী বয়সিয়াল বিধবা মানুহৰ চৰিত্ৰত ড. জাহানাৰা বেগমৰ অভিনয় প্ৰসংশনীয়।

হিন্দী ছবি জগতৰ অভিনেতা ৰজত কাপুৰেও ছবিখনত এক উল্লেখযোগ্য চৰিত্ৰত অভিনয় কৰিছে।

ছবিখনে এই বছৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া ছবিৰ পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে।

নিজৰ অভিনয় প্ৰতিভাৰ নিপুণতাৰ স্বাক্ষৰ ৰাখি ড. জাহানাৰা বেগমেও জুৰীৰ বিশেষ বঁটা লাভ কৰিবলৈ দক্ষতা অৰ্জন কৰে।

Sukanya Saikia

সুকন্যা শইকীয়া, Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *