দুবাৰকৈ ন’বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা মেডাম কুৰী (Marie Curie)ৰ জীৱনযাত্ৰাঃ
মেৰী কুৰীৰ জন্ম হৈছিল ১৮৬৭ খ্ৰীষ্টাব্দৰ পোলেণ্ডৰ ৱাৰশ্ব’ চহৰত।
মেৰী কুৰীৰ সম্পূৰ্ণ নাম মেৰী স্ক্লডভ্স্কা-কুৰী ।
তেওঁক মেৰী কুৰী বুলিও জনা যায়।
ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা মেডাম কুৰী পোলেণ্ডৰ এগৰাকী পদাৰ্থবিদ তথা ৰসায়নবিদ আছিল।
পেৰিছ বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা অধ্যাপিকা আছিল মেৰী কুৰী।
তেখেত দুবাৰকৈ ন’বেল বঁটা লাভ কৰা একমাত্ৰ মহিলা।
বিজ্ঞানৰ দুটা ভিন্ন বিষয়ত ন’বেল লাভ কৰিছিল।
জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কৰ্মৰত এইগৰাকী মহিলা তেজস্ক্ৰিয়তা বিষয়ক অগ্ৰগামী গৱেষণাৰ বাবে বিখ্যাত।
তেখেতৰ পিতৃৰ নাম ৱ্লাডিস্ল স্ক্লড’ৱস্কি আৰু আৰু মাতৃৰ নাম ব্ৰনিস্লাৱা আছিল।
তেওঁলোকৰ ৫ গৰাকী সন্তানৰ ভিতৰত মেৰী সৰু আছিল।
মেৰীতকৈ ডাঙৰ চাৰিগৰাকী সন্তান আছিল ক্ৰমে জ’ফিয়া, জোচেফ, ব্ৰনিস্লাৱা, আৰু হেলেনা।
মেৰীৰ পিতৃ গণিত আৰু পদাৰ্থবিদ্যাৰ শিক্ষক আছিল লগতে তেখেত ৱাৰশ্ব’ত থকা দুই শিক্ষাশালাৰ পৰিচালকো আছিল।
ৰুছ শাসকে বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা বাতিল কৰাৰ পাছত বিদ্যালয়ৰ পৰীক্ষাগাৰৰ সৰঞ্জামসমূহ মেৰীৰ পিতৃয়ে ঘৰলৈ লৈ আনে আৰু ঘৰতে ল’ৰা-ছোৱালীক তাৰ ব্যৱহাৰেৰে শিক্ষা দিবলৈ আৰম্ভ কৰে।
পোলেণ্ডৰ প্ৰতি থকা অত্যধিক আনুগাত্যৰ ৰুছী চৰকাৰে তেখেতক চাকৰিৰপৰা বৰ্খাস্ত কৰে।
মেৰীৰ মাতৃয়ে এখন আৱাসিক বিদ্যালয় চলাইছিল।
মেৰীৰ জন্মৰ পাছতে তেখেতে চাকৰিৰপৰা অব্যাহতি লয়।
মেৰীৰ ১২ বছৰ বয়সতে যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মাকৰ মৃত্যু হয়।
মাকৰ মৃত্যুৰ ২ বছৰ আগতে মেৰীৰ ডাঙৰ বায়েক জ’ফিয়াৰ মৃত্যু হয়।
দহ বছৰ বয়সত মেৰীয়ে আৱাসিক বিদ্যালয় এখনত আনুষ্ঠানিক শিক্ষাৰ আৰম্ভণি কৰে।
১৮৮৩ চনৰ ১২ জুন তাৰিখে সোণৰ পদক লাভেৰে তেওঁ স্কুলীয়া জীৱন শেষ কৰে।
ইয়াৰ পাছতে তেওঁ শাৰীৰিক অসুবিধাৰ বাবে এটা বছৰ তেওঁ পৰিয়ালৰ লগতে থাকি দিনবোৰ পাৰ কৰে।
তাৰ পাছৰ তেওঁ দেউতাকৰ লগতে থাকি শিক্ষাদান কৰে।
স্ত্ৰী হোৱা হেতুকে তেওঁ ইচ্ছা থকা সত্ত্বেও উচ্চ-শিক্ষাৰ বাবে আগবাঢ়িব পৰা নাছিল।মেৰি আৰু বায়েক ব্ৰনিস্লাৱাই ‘ফ্লায়িং বিশ্ববিদ্যালয়’ত যোগদান কৰে।
সেই বিশ্ববিদ্যালয়ে ৰুছিয়ান শাসনৰ বিৰোধিতা কৰি প’লিছ স্বাভিমানৰ বিষয়ে পঢ়াইছিল, লগতে স্ত্ৰী-শিক্ষাৰ বাবেও যত্ন কৰিছিল।
বায়েক ব্ৰনিস্লাৱাৰ ডাক্তৰী পঢ়াৰ হাবিয়াস পূৰণ কৰিবলৈ মেৰিয়ে প্ৰথমে ঘৰুৱা শিক্ষয়িত্ৰীৰ কাম কৰে আৰু এবছৰ পাছত এগৰাকী ধনী আত্মীয়ৰ ঘৰত আয়াৰ কাম কৰে।
দুই বছৰ পাছত ব্ৰনিস্লাৱায়ো একেদৰে তেখেতৰ পঢ়াৰ বাবে সহায় কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।
আয়াৰ কাম কৰি থাকোঁতেই সেই পৰিয়ালৰ সন্তান ‘কাজিমিয়েৰ্জ জ’ৰাৱস্কি’ৰ লগত মেৰীৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।
জ’ৰাৱস্কি পাছলৈ এগৰাকী খ্যাতনামা গণিতজ্ঞ হৈছিল
।
কিন্তু ল’ৰাজনৰ পৰিয়ালে দুখীয়া মেৰীক গ্ৰহণ কৰিব পৰা নাছিল।
গণিতজ্ঞ হিচাপে পাছলৈ কাজিমিয়েৰ্জ ৱাৰশ্ব’ পলিটেক্নিক প্ৰতিষ্ঠানৰ অধ্যাপক নিযুক্ত হৈছিল।
বৃদ্ধ বয়সত কাজিমিয়েৰ্জে প্ৰায়েই কুৰী প্ৰতিষ্ঠানৰ প্ৰাংগনত ১৯৩৫ চনত স্থাপিত মেৰীৰ প্ৰস্তৰ মূৰ্তিলৈ চাই চাই দীঘলীয়া সময় কটাইছিল।
১৮৯০ চনত চনত মেৰীৰ বায়েক ব্ৰনিস্লাৱা বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকে মেৰীক পেৰিছত শিক্ষা গ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়।
কিন্তু টকাৰ অভাৱৰ বাবে মেৰীয়ছ এই আমন্ত্ৰণ নাকচ কৰে।
তেনে সময়তে মেৰীৰ দেউতাকে ভাল চাকৰি এটা যোগাৰ কৰিবলৈ সক্ষম হয়।এইখিনি সময় মেৰীয়ে নিজাকৈ কিতাপ পত্ৰ পঢ়ি শিক্ষা লৈছিল।
তাৰ পাছত মেৰীয়ে ফ্লাইং বিশ্ববিদ্যালয়ত যোগদান কৰে, আৰু ৱাৰশ্ব’ৰ ওচৰৰে ‘ক্ৰাক’স্কি প্ৰেজমিচি’ত অৱস্থিত ‘উদ্যোগ আৰু কৃষিৰ যাদুঘৰ’ত ব্যৱহাৰিক বিজ্ঞানৰ শিক্ষা লয়।
১৮৯১ চনত মেৰী পোলেণ্ডৰপৰা পেৰিছলৈ আহে।
১৮৯১ চনৰ শেষৰ ফালে তেওঁ পেৰিছ বিশ্ববিদ্যালয়ত (ছ’ৰবন) নাম ভৰ্তি কৰে।
প্ৰথমে তেওঁ বায়েক-ভিনিহিয়েকৰ লগতে থাকিছিল যদিও সোনকালেই পঢ়া-শুনাৰ সুবিধা হোৱাকৈ বিশ্ববিদ্যলয়ৰ ওচৰতে এটা ভাৰা ঘৰত থাকিবলৈ লয়।
টকা-পইচাৰ অসুবিধাৰ বাবে প্ৰায়েই মেৰীয়ে কষ্ট পাইছিল।
শীতকালত ঠাণ্ডাৰ বাবে আৰু খোৱাৰ অসুবিধাৰ বাবে মাজে মাজে তেওঁ অজ্ঞান হৈ গৈছিল।
নিজৰ খৰচ উলিয়াবলৈ মেৰীয়ে দিনত পঢ়ি, সন্ধিয়ালৈ টিউছন কৰিছিল।
১৮৯৩ চনত তেওঁ পদাৰ্থবিজ্ঞানত ডিগ্ৰী লাভ কৰে আৰু অধ্যাপক গেব্ৰিয়েল লিপমেনৰ প্ৰয়োগশালাত যোগ দিয়ে।
এই সময়ত ছ’ৰবনতো পঢ়া-শুনা অটুট ৰাখে আৰু ১৮৯৪ চনত আন এটা ডিগ্ৰী লাভ কৰে।
মেৰীৰ বৈজ্ঞানিক কৰ্মজীৱন আৰম্ভ হয় ‘ছ’চাইটি ফৰ দ্য এনকাৰেজমেণ্ট অৱ নেচনেল ইণ্ডাষ্ট্ৰি’ৰ দ্বাৰা কমিছন ভুক্ত কাম বিভিন্ন তীখাৰ চুম্বকীয় ধৰ্মৰ গৱেষণাৰ দ্বাৰা।
সেই বছৰেই তেওঁ পিয়েৰ কুৰীৰ সান্নিধ্যলৈ আহে।
একে বিজ্ঞানৰ প্ৰতি থকা দুয়োজনৰ আসক্তিয়ে দুয়োকো ওচৰ চপাই আনে।
মেৰীয়ে সেই সময়ত কামৰ সুবিধাৰ বাবে ডাঙৰ পৰীক্ষাগাৰ বিচাৰি আছিল আৰু পিয়েৰ কুৰীয়ে ‘স্কুল অৱ ফিজিক্স এণ্ড কেমিষ্ট্ৰী’ত কৰ্মৰত আছিল।
মেৰীৰ কামত সুবিধা হ’ব বুলি প্ৰফেছৰ জোছেফ উইৰুজ-কোৱালস্কিয়ে দুয়োকে লগ কৰাই দিছিল।
পিয়েৰৰ নিজাকৈ ডাঙৰ পৰীক্ষাগাৰ নাছিল যদিও তেওঁ মেৰীক ঠাই উলিয়াই দিবলৈ সক্ষম হৈছিল।
তাতেই মেৰীয়ে কামৰ শুভাৰম্ভ কৰিছিল।
বিজ্ঞানৰ প্ৰতি থকা দুয়োৰে ধাউতিয়ে পিয়েৰ আৰু মেৰীক ওচৰ চপাই আনে।
অৱশেষত পিয়েৰে মেৰীক বিয়াৰ প্ৰস্তাৱ দিয়ে।
প্ৰথম মেৰীয়ে বিয়াৰ প্ৰস্তাৱ মানি লোৱা নাছিল, কাৰণ তেওঁ পোলেণ্ডলৈ উভতি গৈ তাতে কাম কৰাৰ কথা ভাবিছিল।
অৱশ্যে পিয়েৰে প্ৰয়োজন হ’লে মেৰীৰ লগত পোলেণ্ডলৈ যাবলৈকো সাজু আছিল।
১৮৯৪ চনত মেৰী পোলেণ্ডৰ ৱাৰশ্ব’লৈ উভতি আহি পৰিয়ালৰ লগত সময় কটায়।
কিন্তু মেৰীয়ে পোলেণ্ডত নিজৰ পছন্দৰ কাম বিচাৰি নাপালে।
নাৰী হোৱা হেতুকেই পোলেণ্ডৰ ক্ৰাকাৱ বিশ্ববিদ্যালয়ত তেখেতৰ আবেদন মঞ্জুৰ কৰা নহ’ল।
পিয়েৰৰ পৰা চিঠি পাই তেওঁ আকৌ পেৰিছলৈ উভতি যায়।
মেৰীৰ অনুৰোধে পিয়েৰে চুম্বকত্বৰ ওপৰত গৱেষণা পত্ৰ লিখি ডক্টৰেট উপাধি লাভ কৰে।
ইয়াৰ লগতে তেওঁ অধ্যাপকৰ পদলৈ পদোন্নতিও লাভ কৰে।
সেই সময়ত প্ৰচলিত এষাৰ কথাত কোৱা হৈছিল যে, পিয়েৰ কুৰীৰ জীৱনৰ আটাইতকৈ ডাঙৰ আৱিষ্কাৰ আছিল মেৰী।
১৮৯৫ চনত দুয়ো আইনমতে বিবাহ সম্পন্ন কৰে।
ধৰ্মীয় ৰীতিৰ বিবাহত দুয়োজনৰেই সন্মতি নাছিল।
বিয়াৰ সময়ত মেৰীয়ে পিন্ধা নীলা পোছাকযোৰেই পাছত পৰীক্ষাগাৰৰ কাম কৰোঁতেও ব্যৱহাৰ হৈছিল।
দুয়োৰে অৱসৰ বিনোদন আছিল চাইকেলেৰে দীঘলীয়া ভ্ৰমণ বা বিদেশলৈ ভ্ৰমণ।
এনে ভ্ৰমণৰ সময়তে দুয়ো দুজনৰ বেছি ওচৰ চাপি গৈছিল।
পিয়েৰৰ মাজত মেৰীয়ে নিজৰ প্ৰেমিক, বন্ধু আৰু বিশ্বাসী সহকৰ্মী তিনিওটাকে লাভ কৰিছিল।
১৮৯৭ চনত কুৰী দম্পতীৰ প্ৰথম সন্তান আইৰিন জলিয়ট কুৰীৰ জন্ম হয়।
১৯০৩ চনত মেৰীয়ে ‘ডক্টৰ অব চায়েন্স’ সন্মান লাভ কৰে।
সেই বছৰৰে ডিচেম্বৰ মাহত হেনৰি বেকুৱেৰেল নামৰ আন এগৰাকী বিজ্ঞানীৰ সৈতে ভগাভগি কৰি মেৰীয়ে ন’বেল পুৰস্কাৰ অৰ্জন কৰিলে।
১৯০৪ চনত তেওঁলোকৰ এটি কন্যা সন্তান জন্ম হয়।
পিয়েৰে মৃত্যুৰ কিছুদিনৰ আগতে মেৰীক কৈছিল- “বুজিছা মেৰী, আমাৰ এজন থাকিলেও যাতে গৱেষণাৰ কাম স্থবিৰ হৈ নপৰে। “
১৯১১ চনত তেওঁ এককভাৱে পুনৰায় ন’বেল পুৰস্কাৰ লাভ কৰে।
পেৰিছত নিৰ্মিত পৰীক্ষাগাৰৰ সমুখৰ পথটোৰ নামকৰণ কৰা হৈছে পিয়েৰ কুৰীৰ নামেৰে।
সেই পৰীক্ষাগাৰৰ নামকৰণ হৈছে ‘ইনষ্টিটিউট অৱ ৰেডিয়াম’।
১৯২১ চনত মেৰীয়ে তেওঁৰ কন্যাসন্তান দুটিৰে সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যায়।
১৯৩৮ চনত মেৰী কুৰীৰ মৃত্যু হয়।
তেখেতৰ আদৰ্শ অনুসৰণ কৰি নৱ প্ৰজন্ম আগবাঢ়ি যাব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব rnewsindia24.com
Sangita Dutta News Editor Rnewsindia24.com