1. লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।
বৈঠকত BTR ৰ সাংগাঠনিক ভেটি অধিক শক্তিশালি কৰাৰ লগতে আগন্তুক দিনত কম্নপন্থাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
উপস্থিত থাকে ৰাজ্যৰ মন্ত্ৰী বিধায়ক, দলীয় কাৰ্যকৰ্তাসকল।
2. ‘খাৰঘুলিত ২ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম’।
গুৱাহাটীত শীঘ্ৰেই ৩০ হাজাৰ লোকে জলব’ৰ্ডৰ পানী লাভ কৰিব।
বৰ্তমান ১৫ হাজাৰ লোকে পানী লাভ কৰি আছে।
২০২৪ চনৰ ভিতৰত ডেৰ লাখ লোকক পানী দিয়াৰ লক্ষ্য চৰকাৰৰ’।
এই কথা সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।
3. গুৱাহাটীৰ দীপৰ বিলত ১৭-২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাইজিং চান ৱাটাৰ ফেষ্ট, ৰিভিজিটিং শৰাইঘাট-২০২৩ শীৰ্ষক অনুষ্ঠান।
এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই।
নাৰেংগীৰ সেনা শিবিৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত এই উপলক্ষ্যে আজি এখন বিশেষ সভা আয়োজন কৰা হয়।
16. শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ।
উত্তৰ পিছলা মধ্য ইংৰাজী বিদ্যালয় বন্ধ কৰাৰ বিৰোধিতা অভিভাৱক, স্থানীয় ৰাইজৰ।
৪-৫খন গাঁৱৰ এইখনেই একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়।
18. দক্ষিণ কামৰূপৰ পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বৈদ্যুতিক খুঁটাত।
থিতাতে নিহত হয় দুই মটৰ চাইকেল আৰোহী ।