৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Nov 7/2023:- 

1. লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় কেবিনেট বৈঠক।
বৈঠকত BTR ৰ সাংগাঠনিক ভেটি অধিক শক্তিশালি কৰাৰ লগতে আগন্তুক দিনত কম্নপন্থাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
উপস্থিত থাকে ৰাজ্যৰ মন্ত্ৰী বিধায়ক, দলীয় কাৰ্যকৰ্তাসকল।

2. ‘খাৰঘুলিত ২ মাহৰ ভিতৰত সম্পূৰ্ণ হ’ব জাইকা প্ৰকল্পৰ কাম’।
গুৱাহাটীত শীঘ্ৰেই ৩০ হাজাৰ লোকে জলব’ৰ্ডৰ পানী লাভ কৰিব।
বৰ্তমান ১৫ হাজাৰ লোকে পানী লাভ কৰি আছে।
২০২৪ চনৰ ভিতৰত ডেৰ লাখ লোকক পানী দিয়াৰ লক্ষ্য চৰকাৰৰ’।
এই কথা সদৰী কৰে মন্ত্ৰী অশোক সিংঘালে।

3. গুৱাহাটীৰ দীপৰ বিলত ১৭-২০ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব ৰাইজিং চান ৱাটাৰ ফেষ্ট, ৰিভিজিটিং শৰাইঘাট-২০২৩ শীৰ্ষক অনুষ্ঠান।
এই মহোৎসৱৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে ৰাজ্যৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাই।
নাৰেংগীৰ সেনা শিবিৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত এই উপলক্ষ্যে আজি এখন বিশেষ সভা আয়োজন কৰা হয়।

4. লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ অন্তৰ্গত গেলাহাতী অঞ্চল শিঙৰা নদী মুলসুঁতীৰ পৰা বিচিন্ন হোৱাৰ মথাউৰিৰ কাম সমূহ পৰিদৰ্শন কৰি সামগ্ৰীক পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পীযুষ হাজৰিকাই।
পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীক সংগ দিয়ে সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু বিভাগীয় অভিযন্তা-বিষয়া।

5. DGCA-এ ১০ লাখ টকাৰ জৰিমনা বিহিলে এয়াৰ ইণ্ডিয়াক।
বিমান পৰিবহণ প্ৰয়োজনীয়তা উলংঘনৰ বাবে এই জৰিমনা।
কাৰণ দৰ্শোৱাৰ জাননীত অসন্তুষ্ট হৈ এই সিদ্ধান্ত DGCAৰ।
চলিতবৰ্ষৰ মে’ মাহতে প্ৰতিষ্ঠানটোক দিছিল কাৰণ দৰ্শোৱাৰ জাননী।
অৱশেষত ১০ লাখ টকাৰ জৰিমনা বিহা হয় এয়াৰ ইণ্ডিয়াক।

6. ৭-৯ নৱেম্বৰলৈ দেশত জল দীপাৱলীৰ আয়োজন৷
গুৱাহাটীৰ খাৰঘূলি প্ৰকল্পতো জল দীপাৱলীৰ আয়োজন কৰা হৈছে৷
জল দীপাৱলীৰ অৰ্থ- পানীৰ বাবে মহিলা, মহিলাৰ বাবে পানী৷

7. DIG পাৰ্থসাৰথি মহন্তক CWRৰ উপ-মহাপৰিদৰ্শকৰ অতিৰিক্ত দায়িত্ব দিয়া হয়।

8. ভূমিস্খলনৰ ফলত বন্ধ হৈ থকা গুৱাহাটী-টেংগা সংযোগী পথ মুকলি৷
PROJECT VERTAKৰ অধীনত পথছোৱা মুকলি 14 BRTFৰ৷
১ নৱেম্বৰৰ পৰা ভূমিস্খলনৰ ফলত বন্ধ হৈ আছিল পথছোৱা৷
বন্ধ হৈ পৰিছিল ওৰাং-কালাক্টাং-শ্বেৰগাঁও-ৰূপা-টেংগা পথ৷

9. গুৱাহাটী ৰে’ল ষ্টেচনত GRPৰ অভিযানত জব্দ সোণৰ বিস্কুট৷
নামনিমুৱা তেজছ এক্সপ্ৰেছৰ পৰা জব্দ কৰে সোণৰ বিস্কুটখন৷
সোণৰ বিস্কুটখনৰ ওজন ১১৬.৬৭ গ্ৰাম৷
আগৰতলাৰ পৰা বিহাৰলৈ নিয়াৰ সময়ত জব্দ কৰে।
আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰীটো।

10. বোকাখাতৰ J.D.S.G. মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত মাৰপিট।
ফলাফল ঘোষণাৰ পাছতে আছুৰ সমৰ্থক আৰু অসম ছাত্ৰ পৰিষদৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট হয়।
আজি অনুষ্ঠিত হৈছিল মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন।

11. দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।
CMDৰ পুত্তলিকা দাহ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
১৮৭টা কাৰিকৰী পদৰ বিসংগতিপূৰ্ণ নিযুক্তি পৰীক্ষাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

12. মিজোৰামত সন্ধানহীন অসম আৰক্ষীৰ জোৱান৷
সন্ধানহীন অসম আৰক্ষীৰ নৱম বেটেলিয়নৰ কনিষ্টবল চবিন নাথ।

13. দলীয় বৈঠকৰ পৰাই গ্ৰেপ্তাৰ AAPৰ বিধায়কক।
৪০ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত ED-এ গ্ৰেপ্তাৰ কৰে পঞ্জাৱৰ বিধায়ক যশৱন্ত সিং গজ্জনমাজৰাক।

14. মণিপুৰত পুনৰ দুই ছাত্ৰ সন্ধানহীন৷
সন্ধানহীন ছাত্ৰদ্বয় এণ্টনি নিংথৌজাম, অবিনাশ মাইবাম৷
বাইকেৰে চেকমাই অভিমুখে যোৱাৰ পথত সন্ধানহীন ছাত্ৰদ্বয়৷
ঘটনাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইম্ফলত।

15. কাছাৰৰ লক্ষীপুৰত বুজন পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ।
অসম আৰক্ষী, আচাম ৰাইফলছৰ যুটীয়া অভিযানত জব্দ কৰে ৩০ হাজাৰ য়াবা টেবলেট।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৃত সৰবৰাহকাৰী ৰামছাং মাৰক।

16. শিক্ষা বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে নাৰায়ণপুৰত প্ৰতিবাদ।
উত্তৰ পিছলা মধ্য ইংৰাজী বিদ্যালয় বন্ধ কৰাৰ বিৰোধিতা অভিভাৱক, স্থানীয় ৰাইজৰ।
৪-৫খন গাঁৱৰ এইখনেই একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়।

17. আজি ছত্তিশগড় বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।
নিজৰ অধিকাৰ সাব্যস্ত কৰে প্ৰতিগৰাকী নাগৰিকে।

18. দক্ষিণ কামৰূপৰ পলাশবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মটৰ চাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে বৈদ্যুতিক খুঁটাত।
থিতাতে নিহত হয় দুই মটৰ চাইকেল আৰোহী ।

19. পাটনাত অংগনবাড়ী কৰ্মীৰ উত্তাল প্ৰতিবাদ।
প্ৰাপ্য আৰু অধিকাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে।

20. বেচৰকাৰী সংস্থা ৰাউণ্ড টেবল ইণ্ডিয়াৰ বিশেষ কাৰ্যসূচী।
আৰ্থিকভাৱে পিছপৰা ব্যক্তিসকলৰ মাজত ভিন্ন সামগ্ৰী বিতৰণ।
শিশুৰ পৰা জ্যেষ্ঠজনলৈকে সামগ্ৰী বিতৰণ কৰে সংস্থাটোৱে।

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *