৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 12/2023:-
1. হিমাচল প্ৰদেশৰ লেপচাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
সৈনিকসকলৰ সৈতে দীপাৱলী উদযাপন কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
2. ডিব্ৰুগড়ত মৃৎশিল্পীৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মৃৎশিল্পীৰ পৰা মাটিৰ চাকি ক্ৰয় কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
3. শীঘ্ৰেই নিয়মীয়া হ’ব ঠিকাভিত্তিক শিক্ষকৰ চাকৰি।
মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰিয়ে এই সিদ্ধান্ত শিক্ষা বিভাগৰ।
নিয়মীয়াকৰণৰ তালিকাত আছে ষ্টেট পুলৰ ৯,৫০০ শিক্ষক।
SSAৰ অধীনস্থ ২৫ হাজাৰ শিক্ষকো আছে তালিকাত।
নিয়মীয়াকৰণৰ আওতালৈ আহিব হাইস্কুলৰ ৪,৫০০ অতিৰিক্ত শিক্ষকো।
এই তথ্য সদৰি কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
4. ছিপাঝাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপনৰ আয়োজন।
১৭ নৱেম্বৰৰ পৰা ৩দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
১৯ নৱেম্বৰত মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
5. ৰে’ল বিভাগত ধাৰাবাহিকভাৱে চলি আছে বিভিন্ন নিযুক্তি প্ৰক্ৰিয়া৷
সম্প্ৰতি গুৱাহাটীৰ ৰে’ল কাৰ্যালয়তো খালী হৈ আছে শতাধিক পদ৷
সংবাদমেলযোগে সদৰী কৰে NF ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ এ।
6. আৰক্ষী-CRPFৰ অভিযানত কাছাৰৰ কালাইনত জব্দ কৰে বুজন পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।
নাজিম হক নামৰ এজনৰ ঘৰৰ পৰা উদ্ধাৰ উদ্ধাৰ কৰে ৯৭টা জিলেটিন ষ্টিক, ৯৬টা ডিটেনেটৰ।
7. সৰভোগৰ বৰনগৰত আছুৰ সদস্যক প্ৰহাৰ কৰা বিজেপি নেত্ৰী অঞ্জলি দাসক আটক।
আছু নেতাৰ এজাহাৰৰ ভিত্তিত সৰভোগ আৰক্ষীয়ে আটক কৰে অঞ্জলি দাসক।
সৰভোগ পৌৰসভাৰ উপ-পৌৰপতিৰ পত্নী অঞ্জলি দাস।
8. কাইলৈৰ ভিতৰত নগাঁৱত নিযুক্তি দিয়া হ’ব জিলা কংগ্ৰেছৰ সভাপতিক৷
সিদ্ধান্ত APCCৰ সভাপতি ভূপেন বৰাৰ।
9. মহানগৰীৰ জালুকবাৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা।
পুৰণি শৰাইঘাট দলঙত উদ্ধাৰ কৰে এখন চাৰিচকীয়া বাহন ।
সন্ধান পোৱা নাই বাহনখনৰ গৰাকীৰ।
জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
10. মহানগৰীৰ সমীপৰ যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিদগ্ধ হৈ এগৰাকী মহিলাৰ মৃত্যু হয়।
মৃত মহিলাগৰাকীৰ নাম সুজাতা চৌধুৰী।
জুইত ভস্মীভূত হয় ৬টাকৈ ঘৰ।
দুটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণৰ ফলত সৃষ্টি হয় অগ্নিকাণ্ডৰ।
11. মৰিগাঁৱৰ মিকিৰভেটাৰ জাজৰিৰ পৰা বহিঃৰাজ্যৰ ২ নাৰী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ।
ৰাজস্থানৰ হাভলা, দক্ষিণ দিল্লীৰ আজ কলনীৰ ৰাজ কিশোৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ফটাশিমলু গাঁৱৰ দুই কিশোৰী সৰবৰাহ সম্পৰ্কীয় গোচৰত গ্ৰেপ্তাৰ কৰে দুয়োকে।
12. মহানগৰীৰ ৰাজপথত সুৰাপায়ী চালকৰ তাণ্ডৱ।
তীব্ৰবেগী বাহনে মহটিয়াই এখনৰ পিছত আনখন বাহন।
আৰক্ষীৰ সন্মুখতেই ABC পইণ্টত সংঘটিত হয় দুৰ্ঘটনা।
দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে বাহনৰ চালক।
13. মাজুলীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আউনীআটী সত্ৰত মহাপালনাম।
আজিৰে পৰা ৫ দিনীয়াকৈ আয়োজন কৰে মহাপালনাম।
14. ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনীৰ উদ্যোগত বাইক ৰেলী।
আগন্তুক অধিৱেশনৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে বাইক ৰেলী উলিওৱা হয়।
15. যোগীঘোপাত বিদ্যুৎস্পৃষ্ট হৈ কিশোৰৰ মৃত্যু।
পুৱাই বালাপাৰাত সংঘটিত হ’ল এই ঘটনা।
নিহত কিশোৰটিৰ নাম ৰাহুল আহমেদ।
16. মহানগৰীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা৷
পূৰ্বাশা এপাৰ্টমেণ্টত উদ্ধাৰ কৰে এগৰাকী যুৱতীৰ মৃতদেহ।
বিচনাত পৰি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।
নাম বোকাজানৰ অঞ্জু দৰ্জী।
17. মহানগৰীৰ সমীপৰ যোৰাবাটত বিধ্বংসী অগ্নিকাণ্ড।
অগ্নিকাণ্ডত সুজাতা চৌধুৰী নামৰ মহিলাৰ মৃত্যু হয়।
জুইত ভস্মীভূত হয় ৬টাকৈ ঘৰ।
18. পুৱা গুৱাহাটীৰ ৰাজপথত মাৰাথন দৌৰ।
খানাপাৰা কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগীতা।
প্ৰতিযোগিতাৰ ফ্লেগঅফ কৰে দৌৰবিদ তথা চিকিৎসক জ্ঞানকং মেধীয়ে।
19. অযোধ্যাৰ ৰাম মন্দিৰলৈ দুই যুৱকৰ পদযাত্ৰা।
লখিমপুৰৰ পৰা ১৫০০ কিলোমিটাৰ খোজকাঢ়ি অতিক্ৰম কৰিব।
যুৱক দুজনৰ নাম নিতিন আৰু অচ্যুত মিশ্ৰ।
তেওঁলোকৰ মূল উদ্দেশ্য প্ৰকৃতিৰ সুৰক্ষা।
20. কাকপথাৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সন্মূখত প্ৰতিবাদ।
অভিভাৱকৰ সৈতে প্ৰতিবাদ কৰে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে।
শিক্ষামন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ মূৰ্দাবাদ ধ্বনিৰে সাব্যস্ত কৰে প্ৰতিবাদ ।
Sangita Dutta News Editor Rnewsindia24.com