স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী ভাৰত-ৰত্ন মৌলানা আবুল কালাম আজাদৰ জীৱনযাত্ৰাঃ

মৌলানা আবুল কালাম আজাদৰ জন্ম হৈছিল ১৮৮৮ চনৰ ১১ নৱেম্বৰত মক্কাত।
তেখেত এগৰাকী ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিবিদ আছিল।
বিশেষকৈ মৌলানা আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল।
তেওঁৰ পিতৃৰ নাম মহম্মদ খইৰুদ্দিন।
খইৰুদ্দিন এগৰাকী সম্ভ্ৰান্ত মুছলমান বংশৰ প্ৰখ্যাত লেখক আছিল।
তেওঁ আৰবী আৰু পাৰ্ছী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
তেওঁলোকৰ পূৰ্বপুৰুষৰ কেইবাজনো লোকে মোগল ৰাজত্ব কালত পণ্ডিতৰ খিতাপ লাভ কৰিছিল।
মোগল ৰাজত্ব কালত আজাদৰ ককাদেউতাকক জ্ঞানৰ স্তম্ভৰূপে ৰকণ-উল-মাদ্ৰাচিম সন্মানেৰে সন্মানিত কৰা হৈছিল।
মৌলানা আবুল কালাম আজাদে প্ৰাথমিকশিক্ষা গ্ৰহণ কৰিছিল মক্কাত।
তেওঁৰ দেউতাকে আজাদক কোনো স্কুললৈ নপঠিয়াই ঘৰতে নিজে উৰ্দু ভাষাৰ উপৰিও ন্যায়, দৰ্শন, ভূগোল, অংক শাস্ত্ৰ, ইতিহাস আদি আৰবী আৰু পাৰ্ছী ভাষাত শিকাইছিল।
১৯০৫ চনত তেওঁ মিছৰৰ আল-আজ-হাৰ বিশ্ববিদ্যালয়ত ভৰ্তি হয়।
তাতে তেওঁ দুবছৰকাল অধ্যয়ন কৰাৰ পিছত ১৯০৭ চনত ভাৰতলৈ উভতি আহে।
দেউতাকে আজাদক ইংৰাজী শিকিবলৈ মানা কৰিছিল যদিও ভাষাটোৰ গুৰুত্ব উপলদ্ধি কৰি এজন বন্ধুৰ ওচৰত তেওঁ ইংৰাজী ভাষা শিকি, কমদিনতে ইংৰাজী ভাষাত তেওঁ ব্যুত্পত্তি লাভ কৰিছিল।
তেখেতে ২০ বছৰৰ পৰাই সাংবাদিকতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল। আলহিলাল নামৰ এখন নতুন চিন্তাধাৰাৰ উৰ্দু কাকত প্ৰকাশ কৰি সমাজত এক আলোড়ন আনিবলৈ সক্ষম হৈছিল।
মৌলানা মহম্মদ আলী, জাকিৰ হুছেইন প্ৰমুখ্যে বিজ্ঞসকলে আল-হিলালৰ ভূমিকাত উচ্চ প্ৰশংসা কৰিছিল।
কাকতখনে মুছলমানসকলক জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ কৰিছিল, কিন্তু মুছলিম লীগৰ সাম্প্ৰদায়িক নীতিৰ সদায় বিৰোধিতা কৰিছিল।
প্ৰথম মহাযুদ্ধৰ সময়ত চৰকাৰে কাকতখন বন্ধ কৰি দিয়ে।
কিন্তু ১৯২৭ চনত কাকত খনৰ পুনৰ প্ৰকাশ আৰম্ভ হয়।
তেওঁৰ কাম-কাজৰ প্ৰতি বেঙ্গল চৰকাৰ ৰুষ্ট হৈ ১৯১৬ চনৰ ২২ মাৰ্চ তাৰিখে এক ঘোষণা জাৰি কৰি, আজাদক বংগ প্ৰদেশ এৰি যাবলৈ এক কঠোৰ নিৰ্দেশ দিয়ে।
আজাদে সেই নিৰ্দেশ মানি ৩০ মাৰ্চত কলকাতা এৰি ৰাঁছীলৈ গুচি যায়।
ৰাঁচীৰ মৰহাবাদী নামৰ এখন জনজাতী গাঁৱত থাকিবলৈ লয়।
তেওঁ গাঁৱত থকা কালছোৱাত ওৰাং, কোল, মুণ্ডা আদি জনজাতিসকলৰ লগত মিলি পৰম সুখৰে দিন কটাইছিল।
১৯২০ চনত তেওঁ ৰাঁচীৰ পৰা কলকাতালৈ উভতি আহে।
১৯২০ চনৰ ১৮ জানুৱাৰীত তেওঁ মহাত্মা গান্ধীৰ সান্নিধ্যলৈ আহে।
কলকাতা আৰু নাগপুৰত বহা কংগ্ৰেছ অধিৱেশনত মহাত্মা গান্ধীয়ে আগবঢ়োৱা অসহযোগ আন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু এই প্ৰস্তাৱলৈ মৌলনা আবুল কালাম আজাদ আৰু হাকিম আজমল খানে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল।
১৯২১ চনত মৌলানা আজাদে কলকাতাৰ পৰা পয়গম নামেৰে এখন সাপ্তাহিক কাকত প্ৰকাশ কৰিছিল।
১৯২১ চনৰ ১০ ডিচেম্বৰত মৌলানা আজাদ গ্ৰেপ্তাৰ হয় আৰু এবছৰ কাৰাবৰণ খাটিব লগা হয়।
১৯২৩ চনত দিল্লীত অনুষ্ঠিত হোৱা কংগ্ৰেছ অধিবেশনত মৌলানা আজাদক সভাপতি নিৰ্বাচিত কৰা হয়।
১৯৪০ চনত ৰামগড়ত বহা কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত থাকে।
১৯৪২ চনৰ ৮ আগষ্টত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ভাৰত-ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰে।
এই প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত, ৯ আগষ্টত ব্ৰিটিছ চৰকাৰে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, সৰুজিনী নাইডু, মৌলানা আবুল কালাম আজাদক আটক কৰে।
১৯৪৫ চনৰ মে মাহত ব্ৰিটিছ চৰকাৰে ক্ষমতা হস্তান্তৰ কৰিবলৈ চিমলাত এখন সন্মিলন পাতে।
এই সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ কংগ্ৰেছ ৱৰ্কিং কমিটীয়ে সভাপতি মৌলানা আবুল কালাম আজাদক অধিকাৰ দিছিল।
১৯৪৭ চনৰ ১৫ জুলাইত মৌলানা আবুল কালাম আজাদে অন্তৰ্ৱতী চৰকাৰত শিক্ষা মন্ত্ৰী হিচাপে যোগদান কৰে।
১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে।
১৯৫৮ চনৰ ২২ ফেব্ৰুৱাৰীত মৌলানা আবুল কালাম আজাদৰ মৃত্যু হয়।
দেশৰ শিক্ষাখণ্ডলৈ তেখেতে বহু উল্লেখনীয় অৱদান আগবঢ়াই থৈ গৈছে।
তেওঁৰ জন্মদিনৰ লগত সংগতি ৰাখি ১১ নৱেম্বৰ দিনটো ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে উদযাপন কৰে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

