1. টিংখাঙত মুখ্যমন্ত্ৰীৰ বিশেষ আচঁনিৰ অধীনত বিনামূলীয়া চাইকেল বিতৰণ কাৰ্যসূচী।
মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিতৰণ কৰা হয় চাইকেল।
উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।
2. দীপাৱলীত গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ৷
দুদিনত ৬ কোটি ৮৩ লাখ ১২ হাজাৰ ৭৬০ টকাৰ সুৰা বিক্ৰী হয়।
3. কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত সদৌ অসম শিশু নাট প্ৰতিযোগিতা৷
প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
লগতে উপস্থিত থাকে শিশু সাহিত্যৰ ন্যাসৰ সচিব হৃষীকেশ গোঞ্চামী আৰু বহু গণ্য মান্য ব্যক্তি।
4. বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য পদ ত্যাগ কৰি BPFত যোগদান ৰাজকুমাৰ ব্ৰহ্মৰ।
হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFত যোগদান কৰে বিজেপি নেতা গৰাকীয়ে।
5. দলগাঁৱত উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল ছবেদ আলী৷
‘টাইটান’ নামৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ হয় ছবেদ আলী।
6. পাৰ্থসাৰথি মহন্তৰ ছবি Lachit The Warriorলৈ শ্ৰেষ্ঠ এনিমেটেড চুটি ছবিৰ সন্মান।
চেন্নাইত অনুষ্ঠিত কলীউড আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত লাভ কৰে এই বিশেষ সন্মান।
11. “কংগ্ৰছে ৬০ বছৰে একো কৰিব নোৱাৰা কাম আমি কৰিছোঁ।
২০২৪ ৰ নিৰ্বাচনত অসমত বৃহৎ জয় লাভ কৰিব বিজেপিয়ে।
বিজেপি মিত্ৰজোঁটে লাভ কৰিব ১২প্লাছ “- মন্তব্য কেন্দ্ৰীয়মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।
12. ICC ‘হল অৱ ফেম’ত অন্তৰ্ভুক্ত ২ ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ বীৰেন্দ্ৰ সেহৱাগ, ডায়েনা এডুল্জীৰ নাম আৰু
শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ অৰবিন্দ ডি চিল্ভা।
ICC ‘হল অৱ ফেম’ত অন্তৰ্ভুক্ত হয় প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ ডায়েনা এডুল্জী।
13. ছালমান খানৰ TIGER-3 এ দুদিনত উপাৰ্জন কৰে ১০১ কোটি টকা।
14. কাইলৈৰ পৰা ছমাহৰ কাৰণে ভক্ত সকলৰ বাবে বন্ধ হ’ব কেদাৰনাথৰ মূল দুৱাৰ।
15. গোলাঘাটৰ কছাৰীহাট মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।
কছাৰীহাটৰ তৰফাট পথত সংঘটিত হয় এই দুৰ্ঘটনা।
তীব্রবেগী ডাম্পাৰে মহটিয়াই নিয়ে দুজন লোকক।
থিতাতে নিহত হয় এজন লোক।
নিহত লোকজনৰ নাম বোপাই কৰ্মকাৰ।
16. গুৱাহাটীস্থিত শংকৰদেৱ নেত্ৰালয়ত অনুষ্ঠিত হয় বিশ্ব ডায়েবেটিছ দিৱস।
অনুষ্ঠানত উপস্থিত থাকে নেত্ৰালয়ৰ অধ্যক্ষ ডাঃ হৰ্ষ ভট্টাচাৰ্য, পৰিচালক ডাঃ কস্তুৰী ভট্টাচাৰ্য আৰু বহু গণ্যমান্য ব্যক্তি।