3. পদপথৰ মহিলা ব্যৱসায়ীৰে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আত্মনিৰ্ভৰ ভাৰত মিছনৰ অধীনত জ্যোতিকুছিস্থিত বাসগৃহত অনুষ্ঠিত হয় এই কাৰ্যসূচী ।
15. জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰে বাছ।
৩৮জন যাত্ৰী নিহত হয় আৰু আহত হয় বহুকেইগৰাকী যাত্ৰী।
দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।
ডোডা জিলাৰ ত্ৰুংগলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
16. “আজমলৰ কাৰুকাৰ্যত মুখ্যমন্ত্ৰীৰ অৰিহণা আছে।
আজমলৰ মূৰত আছে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ হাত”- মন্তব্য ভূপেন বৰাৰ।
17. জনতা ভৱনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠক।
উক্ত বৈঠকত বিভাগীয় কাম-কাজৰ অগ্রগতি সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়।
উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিভাগৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল।
18. গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনা।
কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু।
নিহত লোকজনৰ নাম ফটিক গগৈ ।
19. ছিপাঝাৰৰ বানেইকুছিত চাঞ্চল্যকৰ ঘটনা।
এগৰাকী লোকৰ ঘৰৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ।
কিশোৰ কলিতা নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় এই ঘটনা।
মহিলাগৰাকীক হত্যা কৰি শৌচালয়ৰ টেংকিত পেলাই থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।