৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam Nov 16/2023:-
1. ঝাৰখণ্ডৰ ৰাছীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
বীৰছা মুণ্ডা সংগ্ৰহালয় পৰিদৰ্শন কৰে মোদীয়ে।
লগতে বীৰছা মুণ্ডাৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
2. অসমীয়া জাতিক চৰম অপমান কৰে সাংসদ বদৰুদ্দিন আজমলে।
লাহৰীঘাট ব্লক খেলপথাৰত অনুষ্ঠিত গণ সমাৱেশত দলীয় কৰ্মীয়ে আদৰণি জনোৱা চেলেং চাদৰক ৰাজহুৱাকৈ দলিয়াই দিলে বদৰুদ্দিন আজমলে।
3. পদপথৰ মহিলা ব্যৱসায়ীৰে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
আত্মনিৰ্ভৰ ভাৰত মিছনৰ অধীনত জ্যোতিকুছিস্থিত বাসগৃহত অনুষ্ঠিত হয় এই কাৰ্যসূচী ।
4. ইন্দোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’।
প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই ইন্দোৰবাসীয়ে।
5. ছেবাই বন্ধৰ দিনতো নিৰ্ধাৰণ কৰিছিল মেট্ৰিক পৰীক্ষাৰ সময়সূচী।
শিক্ষক-শিক্ষাৰ্থীয়ে অৱগত কৰাৰ পাছতহে গম পায় ছেবাই।
সলনি হ’ল ৩টা বিষয়ৰ পৰীক্ষাৰ সময়সূচী।
২০ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ১৯ ফেব্ৰুৱাৰীত পুৱা ৯ বজাৰ পৰা হ’ব সমাজবিজ্ঞানৰ পৰীক্ষা।
২৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে ২৭ ফেব্ৰুৱাৰীত হ’ব সাধাৰণ বিজ্ঞানৰ পৰীক্ষা।
২৭ ফেব্ৰুৱাৰীৰ ঐচ্ছিক বিষয়ৰ পৰীক্ষাৰ সময় পুৱা ৯ বজাৰ পৰিৱৰ্তে দুপৰীয়া ১.৩০ বজাৰ ৪.৩০ বজালৈ সলনি।
6. লখিমপুৰত বিজেপিৰ যোগদান কাৰ্যসূচী।
বিধায়ক মানৱ ডেকাৰ উপস্থিতিত প্ৰায় ১,০০০ যুৱক-যুৱতীয়ে বিজেপিত যোগদান কৰে।
7. ছত্তিছগড়ৰ বলোডা বাজাৰত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী।
8. সাংসদ বদৰুদ্দিন আজমলক সাক্ষাৎ কৰে কৰ্কট ৰোগী সুস্মিতা তালুকদাৰে।
সুস্মিতা তালুকদাৰে স্বাস্থ্যৰ কথা অৱগত কৰে সাংসদ গৰাকীক।
9. ‘সাহাৰা গ্ৰুপ’ৰ প্ৰতিষ্ঠাপক সুব্ৰত ৰয়ৰ দেহাৱসান।
৭৫ বছৰ বয়সত মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে।
দীৰ্ঘদিন ধৰি শাৰিৰীক সমস্যাত ভুগি আছিল সুব্ৰত ৰয়।
10. পৰ্যটকৰ বাবে মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।
২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুকলি হ’ল ব্যাঘ্ৰ প্ৰকল্পৰ বুঢ়াপাহাৰ বনাঞ্চল।
সঞ্চালিকা সোণালী ঘোষে পৰ্যটকৰ বাবে মুকলি কৰে জীপ ছাফাৰী।
উপস্থিত থাকে উদ্যানখনৰ DFO, কলিয়াবৰ SDPO আৰু বহু গণ্য মান্য ব্যক্তি।
11. দেশজুৰি পালন ৰাষ্ট্ৰীয় এপিলেপ্সি দিৱস।
গুৱাহাটীৰ GNRC হাস্পতালতো পালন কৰা হয় এপিলেপ্সি দিৱস।
২০১১ চনৰ পৰা ছয়মাইলস্থিত GNRCয়ে আগবঢ়াই আহিছে সেৱা।
উক্ত অনুষ্ঠানত বহু কেইগৰাকী জেষ্ঠ চিকিৎসকে মৃগী ৰোগৰ বিষয়ে বক্তব্য আগবঢ়াই।
12. চচলত মিচিং জনগোষ্ঠীৰ প্ৰতিবাদী কাৰ্যসূচী।
মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক জাতীয় উৎসৱ আলি-আয়ে-লৃগাঙত চৰকাৰী বন্ধৰ দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ।
13. ‘অসমীয়াৰ স্বাভিমান কংগ্ৰেছ দলৰ লগত জড়িত হৈ গৈছে,
ৰাইজে গম পাইছে বাকী বিজেপি, AIUDF এ অসমীয়াৰ স্বাভিমান, অসমীয়াৰ সংস্কৃতিৰ কাৰনে চিন্তা নকৰে’- মন্তব্য সাংসদ গৌৰৱ গগৈৰ।
14. ৰাণীত বীৰচা মুণ্ডাৰ জন্মজয়ন্তী উৎসৱ।
অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
বীৰচা মুণ্ডাক সশ্ৰদ্ধ সোঁৱৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
15. জম্মু-কাশ্মীৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ২৫০ মিটাৰ তলত পৰে বাছ।
৩৮জন যাত্ৰী নিহত হয় আৰু আহত হয় বহুকেইগৰাকী যাত্ৰী।
দুৰ্ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।
ডোডা জিলাৰ ত্ৰুংগলত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।
16. “আজমলৰ কাৰুকাৰ্যত মুখ্যমন্ত্ৰীৰ অৰিহণা আছে।
আজমলৰ মূৰত আছে মুখ্যমন্ত্ৰীৰ আশীৰ্বাদৰ হাত”- মন্তব্য ভূপেন বৰাৰ।
17. জনতা ভৱনত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এক বৈঠক।
উক্ত বৈঠকত বিভাগীয় কাম-কাজৰ অগ্রগতি সম্পর্কে বিতংভাৱে আলোচনা কৰা হয়।
উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিভাগৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল।
18. গোলাঘাটৰ নিৰ্মীয়মান ধোদৰআলিত পথ দুৰ্ঘটনা।
কালভাৰ্টৰ বাবে খন্দা গাঁতত সোমাই এজন লোকৰ মৃত্যু।
নিহত লোকজনৰ নাম ফটিক গগৈ ।
19. ছিপাঝাৰৰ বানেইকুছিত চাঞ্চল্যকৰ ঘটনা।
এগৰাকী লোকৰ ঘৰৰ শৌচালয়ৰ টেংকিত উদ্ধাৰ হয় অচিনাক্ত মহিলাৰ মৃতদেহ।
কিশোৰ কলিতা নামৰ ব্যক্তিজনৰ ঘৰত সংঘটিত হয় এই ঘটনা।
মহিলাগৰাকীক হত্যা কৰি শৌচালয়ৰ টেংকিত পেলাই থোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
20. মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত মেৰাপানীত প্ৰতিবাদ।
চাউদাং পথাৰ ৰূপকলীয়াচুক ৰাজহুৱা মঞ্চত সাব্যস্ত কৰে প্ৰতিবাদী সভা।
ভুৱা প্ৰতিশ্ৰুতিৰে গাঁৱৰ মহিলাক মুখ্যমন্ত্ৰীয়ে শ’লঠেকত পেলোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
Sangita Dutta News Editor Rnewsindia24.com