৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Rnewsindia24.com Assam Nov 20/2023:-
1. BTR চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান৷
উক্ত অনুষ্ঠান কোকৰাঝাৰৰ SAI ষ্টেডিয়ামত অনুষ্ঠিত হয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী উৰখা গৌৰা বহ্ম আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
2. দীপৰ বিলত অনুষ্ঠিত RISING SUN WATER FEST-2023ত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
নৌকা ভ্ৰমণেৰে বিলখনৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
লগত সংগ দিয়ে বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
3. শিৱসাগৰৰ থাওৰা সমষ্টিত উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা।
ককিলাবাৰীৰ খহনীয়া ৰোধৰ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী।
উপস্থিত থাকে থাওৰা সমষ্টিত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, জিলা সভাপতি ময়ুৰ বৰগোঁহাই, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, ৰাজ্যিক, জিলা, মণ্ডল, বুথৰ কাৰ্যকৰ্তা সকলৰ লগতে স্থানীয় ৰাইজ ।
4. পথ দুৰ্ঘটনা ৰোধৰ অৰ্থে ৰাজ্যজুৰি আৰম্ভ হয় সজাগতামূলক বাইক ৰেলী। গুৱাহাটীত বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে স্থানীয় ৰাইজ।
5. বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ পাছত ড্ৰেচিং ৰুমত টীম ইণ্ডিয়াৰ সৈতে মত-বিনিময় কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
6. ৰাজীৱ ভৱনত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
বিভিন্ন দলৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে।
7. শিৱসাগৰৰ ৰংঘৰৰ বাকৰিত ৰাইজৰ দলৰ ‘ৰাইজৰ মাজলৈ ৰাইজৰ দল’ শীৰ্ষক কাৰ্যসূচী।
কাৰ্যসূচীৰ অংশগ্ৰহন কৰে বিধায়ক অখিল গগৈ আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
8. ‘আমি সকলো চেষ্টা কৰিছিলোঁ।
আমাৰ দিন ভাল নাছিল, আমাৰ প্ৰদৰ্শনো ভাল নাছিল’।
বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পাছতে ৰোহিত শৰ্মাৰ মন্তব্য।
9. “আমি আমাৰ শিক্ষা ব্যৱস্থাৰ জৰিয়তে যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰাত ব্যৰ্থ হৈছোঁ।
অসমত উদ্যোগীকৰণ লাগে, কিন্তু ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসমৰ উচ্চশিক্ষা অনুষ্ঠানৰ একো অৱদান নাই”- শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।
10. বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি যুৱকৰ মৃত্যু।
মৃত যুৱক জনৰ নাম মৃণাল মজুমদাৰ।
গুৱাহাটী বিৰুবাৰীত সংঘটিত হয় এই ঘটনা।
11. গোলকগঞ্জত চোৰাং সোণসহ গ্ৰেপ্তাৰ হয় এজন যুৱক।
যুৱকজনৰ নাম আইনাল হক।
যুৱকজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৮০ তোলা সোণ।
সোণখিনিৰ বজাৰ মূল্য প্ৰায় ৫৬ লাখ টকা।
12. বাংলাদেশত ডেংগীত আক্ৰান্ত হৈ ১৫৫০ জনৰ মৃত্যু৷
চলিত বছৰত ডেংগীত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷
যোৱা ২৪ ঘণ্টাত ১২৯১ গৰাকী নতুনকৈ আক্ৰান্ত ডেংগীত আৰু মৃত্যু হয় ৬ জন লোকৰ৷
চলিত মাহত মৃত্যু হয় ২০১ জন লোকৰ৷
13. কাছাৰত
ডেংগীত আক্ৰান্ত হৈ এজনৰ মৃত্যু।
মৃত লোকজনৰ নাম দিলীপ কুমাৰ নাথ।
সম্প্ৰতি SMCHত চিকিৎসাধীন ২৫গৰাকী ডেংগী আক্ৰান্ত হৈ আছে।
বিভিন্ন হাস্পতালতো ভৰ্তি হৈ আছে ১০জনতকৈ অধিক ডেংগী ৰোগী।
14. ড্ৰাগছৰ বিৰূদ্ধে জুৰীয়া আৰক্ষীৰ অভিযান।
২৪.১০ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত পৰে এটা ড্ৰাগছ সৰবৰাহকাৰী।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো অনোৱাৰ হুছেইন।
15. ডুমডুমাৰ কাকজানত শোকাৱহ ঘটনা।
বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু।
মৃত লোক জনৰ নাম অমিত তাতি।
16. হাতীগাঁৱৰ সিজুবাৰীৰ অপহৃত শিশুক উদ্ধাৰ কৰা হয়।
ক্ৰাইম ব্ৰান্সে উদ্ধাৰ কৰে শিশুটিক।
17. যোৰাবাটত চোৰাং গৰুভৰ্তি দুখন ট্ৰাক জব্দ।
ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰে ৫৫টাকৈ গো-ধন।
চোৰাং গৰুসহ আৰক্ষীৰ জালত পৰে ৩ সৰবৰাহকাৰী।
ধৃত হাৰমান লইংড, কিমি ডাকহাৰ, চোনিক তাৰিয়ং।
নগাঁৱৰ পৰা বৰ্ণিহাট অভিমুখী আছিল ট্ৰাক দুখন।
18. অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত বিধ্বংসী অগ্নিকাণ্ড।
সাগৰৰ তীৰত থকা নাৱত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
জুইত ভস্মীভূত হয় ৪০খনতকৈও অধিক মাছমৰীয়াৰ নাও।
19. গোসাইগাঁৱৰ ২ নং হাছৰাওবাৰীত অগ্নিকাণ্ড।
বিদ্যুতৰ তাঁৰ ছিগি জুইৰ সূত্ৰপাত হয়।
জুইত দুটাকৈ ঘৰ ভস্মীভূত হয়।
20. বিহাৰৰ লক্ষীচৰাইত দুৰ্বৃত্তৰ গুলীচালনা।
একেটা পৰিয়ালৰ ২জন সদস্যক গুলীয়াই হত্যা কৰে।
গুলীচালনাত আহত হয় আন ৪ গৰাকী লোক।
ষটপূজাৰ পৰা ওভতাৰ সময়ত গুলীচালনা কৰে দুৰ্বৃত্তই।
কাবাইয়া থানাৰ অন্তৰ্গত পাঞ্জাৱী মহল্লাত এই ঘটনা সংঘটিত হয়।
Sangita Dutta News Editor Rnewsindia24.com