1. BTR চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান৷
উক্ত অনুষ্ঠান কোকৰাঝাৰৰ SAI ষ্টেডিয়ামত অনুষ্ঠিত হয়।
অনুষ্ঠানত অংশগ্ৰহণ কৰে BTR প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী উৰখা গৌৰা বহ্ম আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
2. দীপৰ বিলত অনুষ্ঠিত RISING SUN WATER FEST-2023ত উপস্থিত হয় মন্ত্ৰী অশোক সিংহল।
নৌকা ভ্ৰমণেৰে বিলখনৰ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে।
লগত সংগ দিয়ে বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।
3. শিৱসাগৰৰ থাওৰা সমষ্টিত উপস্থিত হয় মন্ত্ৰী পীযূষ হাজৰিকা।
ককিলাবাৰীৰ খহনীয়া ৰোধৰ প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকী।
উপস্থিত থাকে থাওৰা সমষ্টিত সাংসদ তপন কুমাৰ গগৈ, বিধায়ক সুশান্ত বৰগোঁহাই, জিলা সভাপতি ময়ুৰ বৰগোঁহাই, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, ৰাজ্যিক, জিলা, মণ্ডল, বুথৰ কাৰ্যকৰ্তা সকলৰ লগতে স্থানীয় ৰাইজ ।
4. পথ দুৰ্ঘটনা ৰোধৰ অৰ্থে ৰাজ্যজুৰি আৰম্ভ হয় সজাগতামূলক বাইক ৰেলী। গুৱাহাটীত বাইক ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে স্থানীয় ৰাইজ।
12. বাংলাদেশত ডেংগীত আক্ৰান্ত হৈ ১৫৫০ জনৰ মৃত্যু৷
চলিত বছৰত ডেংগীত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷
যোৱা ২৪ ঘণ্টাত ১২৯১ গৰাকী নতুনকৈ আক্ৰান্ত ডেংগীত আৰু মৃত্যু হয় ৬ জন লোকৰ৷
চলিত মাহত মৃত্যু হয় ২০১ জন লোকৰ৷
13. কাছাৰত
ডেংগীত আক্ৰান্ত হৈ এজনৰ মৃত্যু।
মৃত লোকজনৰ নাম দিলীপ কুমাৰ নাথ।
সম্প্ৰতি SMCHত চিকিৎসাধীন ২৫গৰাকী ডেংগী আক্ৰান্ত হৈ আছে।
বিভিন্ন হাস্পতালতো ভৰ্তি হৈ আছে ১০জনতকৈ অধিক ডেংগী ৰোগী।
18. অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত বিধ্বংসী অগ্নিকাণ্ড।
সাগৰৰ তীৰত থকা নাৱত দুৰ্বৃত্তৰ অগ্নিসংযোগ।
জুইত ভস্মীভূত হয় ৪০খনতকৈও অধিক মাছমৰীয়াৰ নাও।
19. গোসাইগাঁৱৰ ২ নং হাছৰাওবাৰীত অগ্নিকাণ্ড।
বিদ্যুতৰ তাঁৰ ছিগি জুইৰ সূত্ৰপাত হয়।
জুইত দুটাকৈ ঘৰ ভস্মীভূত হয়।
20. বিহাৰৰ লক্ষীচৰাইত দুৰ্বৃত্তৰ গুলীচালনা।
একেটা পৰিয়ালৰ ২জন সদস্যক গুলীয়াই হত্যা কৰে।
গুলীচালনাত আহত হয় আন ৪ গৰাকী লোক।
ষটপূজাৰ পৰা ওভতাৰ সময়ত গুলীচালনা কৰে দুৰ্বৃত্তই।
কাবাইয়া থানাৰ অন্তৰ্গত পাঞ্জাৱী মহল্লাত এই ঘটনা সংঘটিত হয়।