DGP G P Singh

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam December 21/2023:- 

১/ অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী।
DGP জি পি সিঙক সকীয়নি উচ্চ ন্যায়ালয়ৰ।
৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক।
দুমাহৰ ভিতৰত এই ক্ষতিপূৰণ দিব লাগিব অসম আৰক্ষীয়ে।
২০১৬ চনৰ এটা গোচৰত এজন অধিবক্তাক হেণ্ডকাফ লগাইছিল পাণবজাৰ আৰক্ষীয়ে।
এজন গৃহৰক্ষীৰ সৈতে হোৱা কাজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন।

২/ মহানগৰীৰ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত নতুন শৈক্ষিক ভৱন মুকলি।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে নতুন শৈক্ষিক ভৱনটো।

৩/ ৰামপুৰৰ উপৰহালিত বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহণ পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ লগতে বহু গণ্য মান্য ব্যক্তি।

৪/ ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ।
প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ৰাম মন্দিৰ।
অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে কংগ্ৰেছ নেতৃত্বক।
আমন্ত্ৰণ জনোৱা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে,কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীক।

৫/ ‘ভাৰত সংখ্যালঘুসকলৰ বাবে সুৰক্ষিত দেশ।
ভাৰতত কোনো বৈষম্য নাই।
পাৰ্চীসকলেও ভাৰততে বিচাৰি পাইছে আটাইতকৈ সুৰক্ষিত স্থান।
যিসকলে সন্দেহ কৰে তেওঁলোক ভুল প্ৰমাণিত হ’ব’- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

৬/ গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ শপত গ্ৰহণ অনুষ্ঠান ।
আছুৰ নৱ-নিৰ্বাচিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সমিতিয়ে লয় শপত।

৭/ সলনি হ’ব টোলকৰ সংগ্ৰহৰ পদ্ধতি।
মাৰ্চৰ ভিতৰত দেশৰ টোলগেটসমূহত জিপিএছ সংযোগ কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।
এই কথা জনাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে।

৮/ গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ বজাৰ পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।

“কংগ্ৰেছৰ লগত ৰাইজ নাই, ৰাইজৰ লগতো কংগ্ৰেছ নাই।
কংগ্ৰেছ হাৰিব কাৰণে গৌৰৱ গগৈয়ে আবেদন কৰা নাই।
ৰাইজৰ সেৱা কৰিবলৈ যাৰ ইচ্ছা আছে, সেইজনৰ বিজেপিত স্থান আছে”- মন্তব্য অশোক সিংঘালৰ।

৯/ ৪ বছৰতকৈ কম বয়সৰ শিশুক কফ ছিৰাপ সেৱনত নিষেধাজ্ঞা।
বিশ্বজুৰি কফ ছিৰাপে প্ৰাণ লৈছে ১৪১টাকৈ শিশুৰ।
এই সন্দৰ্ভত DCGI-এ ঔষধ কোম্পানীবোৰলৈ জাৰি কৰে সতৰ্কবাণী।
সকলো ৰাজ্যলৈ পত্ৰ প্ৰেৰণ কৰে DCGI এ।

১০/ দেশত পুনৰ ক’ভিডৰ আতংক।
পোহৰলৈ আহিছে ৩৫৮টা ক’ভিডৰ নতুন ঘটনা।
মৃত্যু হৈছে ৩জনকৈ লোকৰ।
দেশবাসীক সজাগ-সাৱধান হৈ থকাৰ আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ।

১১/ গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ শপতগ্ৰহণ অনুষ্ঠান।
নৱনিৰ্বাচিত ৰাজ্যিক কাৰ্য নিৰ্বাহক সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান।
উপস্থিত থাকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আছুৰ নেতা-কৰ্মী।

১২/ যোগীঘোপাত আৰক্ষীয়ে গ্রেপ্তাৰ কৰে লাট মণ্ডলসহ মাটিৰ দালাল।
বইটামাৰী ৰাজহ চক্রৰ লাট মণ্ডল ছামছুল হক তালুকদাৰক আৰু
বালাপাৰাৰ মাটিৰ দালাল আনোৱাৰ হুছেইনক গ্রেপ্তাৰ কৰা হয়।

১৩/ কৰিমগঞ্জৰ DTO ছাহাব উদ্দিন তাপাদাৰক গ্ৰেপ্তাৰ।
উৎকোচ লোৱাৰ অভিযোগত কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰে DTO তাপাদাৰক।
DTOৰ ছয়মাইলৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰকৰ।

১৪/ নগাঁৱত উপস্থিত বলীউডৰ অভিনেতা অনিল কাপুৰ।
নগাঁৱৰ ৰিফ্ৰেস্কো ফুড ক’ৰ্টত অসমীয়া খাদ্যৰ জুতি ল’লে কাপুৰে।
অসমীয়া খাদ্য আৰু আতিথ্যৰ প্ৰশংসা কৰে অনিল কাপুৰে।

১৫/ জম্মু-কাশ্মীৰত পুনৰ সেনাৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ৷
সন্ত্ৰাসবাদীৰ গুলীত ছহিদ হয় ৩ গৰাকী সেনা জোৱান৷
পুঞ্চ এলেকাত সেনাৰ বাহনলৈ লক্ষ্য কৰি আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।
থানামণ্ডী-ছুৰণকোট ৰোডৰ চাৱনী এলেকাত হয় ধাৰাবাহিক গুলীবৰ্ষণ৷
বুফলিয়াজ অভিমুখী আছিল সেনা বাহিনীৰ দলটো৷

১৬/ ডিব্ৰুগড় বিমানবন্দৰত জব্দ হয় ৫০০টা দুষ্প্ৰাপ্য বৰচেঙা মাছ।
এই মাছ বিধ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৪.৫ কোটি টকা।

১৭/ মহানগৰীৰ পাণ্ডুৰ ৩নং কলনীত অগ্নিকাণ্ড।
জুইত জাহ গ’ল তিনিটাকৈ বাসগৃহ।
শ্বৰ্ট-চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হয়।

১৮/ বোকাজানত বাৰ্মিজ চুপাৰিসহ আৰক্ষীৰ জালত ২ সৰবৰাহকাৰী।
ডিলাই আৰক্ষীৰ অভিযানত জব্দ কৰে ৫০ কুইণ্টল অবৈধ বাৰ্মিজ চুপাৰি।
আটক কৰে ছাদ্দাম হুচেইন, ৰুবুল আমিন।

১৯/ লামডিং বনাঞ্চললৈ গৈ সন্ধানহীন ৩জনকৈ লোক।
হেৰুৱা গৰু বিচাৰিবলৈ গৈ সন্ধানহীন আটাইকেইজন।
এজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু দুজনৰ সন্ধান পোৱা নাই।

২০/ আমিনগাঁৱৰ আসাম টিউবৰ সমীপত ভয়াৱহ পথ দুৰ্ঘটনা।
ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় বাইক আৰোহী ৰাজা হৰি।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *