Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam December 22/2023:- 

১/ আজি ছহিদ কনকলতা বৰুৱাৰ জন্মবাৰ্ষিকী৷
গহপুৰত ৰাজ্যিকভাৱে ছহিদগৰাকীৰ ওপজা দিন উদযাপন কৰে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰা, মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, বিধায়ক উৎপল বৰা, প্ৰমোদ বৰঠাকুৰ, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰঞ্জিত দত্ত, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, অতিৰিক্ত মুখ্য সচিব অশোক বৰ্মন, বিৰংগনা কনকলতা বৰুৱা আৰু বীৰ স্বহীদ মুকুন্দ কাকতিৰ পৰিয়ালবৰ্গৰ লগতে বিভিন্ন ব্যক্তি সকল।

২/ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত বিশেষ অনুষ্ঠান।
২০১৬ চনত বৃত্তি লাভ কৰা শিক্ষাৰ্থীক ধন প্ৰদান অনুষ্ঠান।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তিয়ে।

৩/ জাগীৰোডত উপস্থিত মন্ত্ৰী পীযূষ হাজৰিকা৷
বহুকেইখন আঁচনিৰ কামৰ পৰ্যৱেক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে৷
২৪ ডিচেম্বৰত আঁচনিসমূহৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৪/ অসম আৰক্ষীত আজিৰে পৰা সংযোজন হ’ল ১০খনকৈ ইণ্টাৰচেপ্টৰ বাহন।
লগতে সংযোজন হ’ল ১৫০টা ব্রেথ এনালাইজাৰ।
বিহুৰ সময়লৈ সুৰাপায়ীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাব অভিযান।
মন্ত্রী পৰিমল শুক্লবৈদ্যই আনুষ্ঠানিকভাৱে অসম আৰক্ষীক অৰ্পণ কৰে বাহনখন।

৫/ SP ৰাজেন সিঙৰ কাণ্ডত লজ্জানত অসম আৰক্ষী৷
টুইটযোগে ক্ষমা প্ৰাৰ্থনা DGP জি পি সিঙৰ৷
মুখ্যমন্ত্ৰীৰ ওচৰতো ক্ষমা প্ৰাৰ্থনা জনায় DGPগৰাকীয়ে৷
লগতে ক্ষমা প্ৰাৰ্থনা সাধাৰণ জনতাৰ ওচৰতো।

৬/ আজি EDৰ জেৰাৰ সন্মুখীন হ’ব বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ৷
Land For Job Scam গোচৰত চমন EDৰ৷

৭/ আজি দেশজুৰি কংগ্ৰেছ নেতা-কৰ্মীৰ প্ৰতিবাদ।
নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী।
সংসদৰ পৰা ১৪৪ জন সাংসদক নিলম্বন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ।

৮/ ৰেচন বিতৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিলে বাতিল হ’ব এজেণ্টৰ অনুজ্ঞা-পত্ৰ৷
খাদ্য আৰু অসামৰিক যোগান বিভাগে জাৰি কৰে এই কঠোৰ নিৰ্দেশনা।

৯/ ‘অসমত পুনৰ ধৰা পৰিছে কোভিড ৰোগী।
বিদেশৰ পৰা অহা এগৰাকী যুৱতীৰ দেহত ধৰা পৰিছে কোভিড ৰোগী’- এই মন্তব্য GMCHৰ অধীক্ষক অভিজিৎ‍ শৰ্মাৰ।

১০/ হ্ৰাস পালে LPG চিলিণ্ডাৰৰ দাম৷
প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত ৩৯.৫০ টকাকৈ হ্ৰাস৷
দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান ১,৭৫৭ টকা, আনহাতে কলকাতাত ১,৮৬৮ টকা৷

১১/ নতুন দিল্লীৰ যন্তৰ মন্তৰত তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী।
তিৱা কাউন্সিলক ষষ্ঠ অনুসূচিৰ অন্তৰ্ভুক্তি কৰা, তিৱা ভাষাক প্ৰাথমিক পৰ্যায়ৰ মাধ্যম কৰা আদি দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

১২/ ১ ফেব্ৰুৱাৰীৰ পৰা ধেমাজিত নৱমসংখ্যক মিচিং যুৱ মহোৎসৱ৷
চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিত অনুষ্ঠিত হ’ব এই মহোৎসৱ৷
কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ লোহিতৰ পাৰত মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে।

১৩/ ৰাজ্যৰ কৃষকলৈ গুৰুত্বপূৰ্ণ খবৰ।
২৩ ডিচেম্বৰত কৃষি বিভাগে আয়োজন কৰিব পি এম কিষাণ বিশেষ গাঁওসভাৰ।

১৪/ মুখ্যমন্ত্ৰী, DGPৰ নিৰ্দেশত নতশিৰ SP ৰাজেন সিং।
বনকৰ্মী তৰুণ গগৈৰ ওচৰত ক্ষমা বিচাৰিলে ৰাজেন সিঙে।
বনকৰ্মীগৰাকীৰ বাসগৃহলৈ গৈ ক্ষমা খুজিবলৈ বাধ্য হ’ল SP ৰাজেন সিং।
হাতী ছাফাৰীৰ টিকট নাপায় বন বিষয়াক মাজনিশা থানালৈ উঠাই নিছিল আৰক্ষীয়ে।

১৫/ জম্মুত মৃত্যু হয় ঘগ্ৰাপাৰৰ CRPF জোৱান বিপুল বৰ্মনৰ৷
কৰ্মৰত অৱস্থাতে আকস্মিক মৃত্যু ঘটে জোৱানজনৰ৷

১৬/ নৱবৰ্ষ উদযাপনৰ সময়চোৱাত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সাজু হৈছে নলবাৰী জিলা প্ৰশাসন৷
সুৰাপান কৰি গাড়ী চলালে লোৱা হ’ব বিহীত ব্যৱস্থা, ভৰিব লাগিব ১০ হাজাৰ টকাৰ জৰিমনা৷

১৭/ গোগামুখৰ জয়ৰামপুৰ শংকৰপুৰ মাজগাঁৱত শিহৰণকাৰী ঘটনা৷
৭ মাহ পাছত গাঁতৰ পৰা উদ্ধাৰ হয় যাদৱ চুতীয়াৰ মৃতদেহ৷
পত্নী-কন্যাই মিলি হত্যা কৰি পুতি থৈছিল গাঁতত।

১৮/ নগৰবেৰাৰ কালুবাৰীত অবৈধ ইটাভাটাৰ বিৰুদ্ধে অভিযান৷
কালুবাৰীত নিৰ্মাণ কৰা অবৈধ ইটাভাটা উচ্ছেদ কৰে প্ৰশাসনে।
এক্সকেভেটৰেৰে ধ্বংস কৰা হয় ৬টাকৈ অবৈধ ইটাভাটা৷
ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰৰ নেতৃত্বত চলে এই অভিযান৷

১৯/ যোৰহাট কাকডোঙাত পৰিবহণ বিভাগ, আৰক্ষী-প্ৰশাসনৰ অভিযান৷
সুৰাপায়ী চালকক জৰিমনা পৰিবহণ বিভাগৰ।

২০/ APSC কেলেংকাৰিত সাঙোৰ খোৱা এজনৰ জামিন লাভ।
অগ্ৰিম জামিন লাভ কৰে সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মাই।

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *