৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam December 23/2023:-
১/ ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ পৰ্যৱেক্ষণৰ বাবে বাজপেয়ী ভৱন পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
বিকশিত ভাৰতৰ সংকল্প যাত্ৰাৰ অসমৰ দায়িত্বত আছে মন্ত্ৰী গৰাকী।
‘দেশত পুনৰ NDAৰ চৰকাৰ হ’ব, প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব নৰেন্দ্ৰ মোদী’।
মা কামাখ্যাৰ চৰণত পূজা-অৰ্চনা আগবঢ়াই এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
২/ ‘লোকসভা নিৰ্বাচনত ৫০%তকৈ অধিক আসনৰ লক্ষ্য ৰাখক’।
‘২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বৈঠকত দলীয় নেতালৈ এই আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
৩/ ২৪ ডিচেম্বৰত মুকলি হ’ব জাগীৰোডৰ নৱনিৰ্মিত ৰে’লৱে উৰণসেতু।
উৰণসেতুখন মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
৪/ আজি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ জন্মদিন৷
৭২ বছৰত ভৰি দিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে৷
প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তক শুভেচ্ছা জনাবলৈ বাসগৃহত উপস্থিত হয় মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
৫/ বালিপাৰা মজলীয়া বিদ্যালয়ৰ শতবৰ্ষ অনুষ্ঠান।
২৪ ডিচেম্বৰৰ পৰা ৩ দিনীয়াকৈ আয়োজন কৰিব শতবাৰ্ষিকী অনুষ্ঠান।
মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু ।
সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিব জুবিন গাৰ্গে।
৬/ ২৭ ডিচেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে মাজুলীলৈ আহিব RSSৰ প্ৰধান মোহন ভাগৱত৷
২৮ তাৰিখে উত্তৰ কমলাবাৰী সত্ৰত সত্ৰাধিকাৰ আৰু ধৰ্মগুৰুৰে বৈঠকত মিলিত হ’ব ভাগৱত৷
২৯ ডিচেম্বৰত গড়মূৰত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব RSS প্ৰধানগৰাকীয়ে।
৭/ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ।
জিলা আয়ুক্ত সুমিত ছাত্তাৱানে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব ৰাজহ চক্ৰ কাৰ্যালয়।
৮/ যোগীঘোপাত জে’লফেৰৎ লাট মণ্ডল, মাটিৰ দালালক পুনৰ গ্ৰেপ্তাৰ৷
জামিন লৈ জে’লৰ পৰা ওলোৱাৰ পাছতেই পুনৰ গ্ৰেপ্তাৰ কৰে দুয়োকে।
৯/ আলফা(স্বাঃ)ৰ সমৰ্থনত ফেচবুক পোষ্ট কৰি গ্ৰেপ্তাৰ যুৱক৷
তামুলপুৰৰ পৰা বিজুমণি ৰাভাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
১০/ জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ গুলীয়াগুলী৷
আখনুৰ ছেক্টৰৰ খৌৰ অঞ্চলত সন্ত্ৰাসবাদীলৈ গুলীচালনা৷
সেনাৰ গুলীত নিহত হয় এটা সন্ত্ৰাসবাদী।
১১/ কামপুৰত বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ।
কামপুৰ আৰক্ষীৰ অভিযানত জব্দ কৰে ৩২টা বিলাতী সুৰাৰ কাৰ্টন।
১২/ উমৰাংছ’ত গ্ৰেপ্তাৰ তিনি বন মাফিয়া৷
আগ্নেয়াস্ত্ৰৰ সৈতে গ্ৰেপ্তাৰ কৰে তিনি বনদস্যু৷
বনদস্যুকেইটাৰ পৰা বুজন পৰিমাণৰ বিস্ফোৰকো জব্দ কৰে৷
গৰমপানী বনাঞ্চলৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰে ইমাৰুল লওৰং, হুইটচৱেল লাৰমুৰাং, ৰাকিল মোৰেং৷
১৩/ ৩০৩ গৰাকী ভাৰতীয় যাত্ৰী কঢ়িওৱা বিমানৰ ফ্ৰান্সত জৰুৰী অৱতৰণ৷
বিমানখনত অবৈধভাৱে মানৱ সৰবৰাহৰ সন্দেহ৷
UAEৰ পৰা চেণ্ট্ৰেল আমেৰিকাৰ নিকাৰাগুৱালৈ উৰা মাৰিছিল বিমানখন৷
ফ্ৰান্সৰ ৱাট্ৰী বিমান বন্দৰত অৱতৰণ কৰে বিমানখন৷
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ফ্ৰান্সৰ বৈদশিক মন্ত্ৰালয়ে৷
১৪/ মণিপুৰৰ সংঘৰ্ষজৰ্জৰ স্থানত অব্যাহত নিৰাপত্তা বাহিনীৰ অভিযান।
পূব ইম্ফল , পশ্চিম ইম্ফল , থৌবাল ,কাংপকপি, চূড়াচান্দপুৰত অভিযান ।
নিৰাপত্তা বাহিনীয়ে ধ্বংস কৰে বহু বাংকাৰ।
উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ অস্ত্ৰ, বোমা-বাৰুদ আৰু নকল টকা।
১৫/ কাছাৰৰ জিৰিঘাটত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ।
বন বিভাগৰ অভিযানত জব্দ কৰে ৬০০ ছেফটি চোৰাং কাঠ।
জব্দ কৃত কাঠখিনিৰ আনুমানিক বজাৰ মূল্য ৫ লাভ টকা বুলি জানিব পৰা গৈছে।
১৬/ বোকাজানত সক্ৰিয় গুলীসহ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ।
খটখটি আৰক্ষীৰ অভিযানত জব্দ কৰে সামগ্ৰীখিনি।
১৭/ সোণাৰিৰ সাপেখাতীত ভয়ংকৰ অগ্নিকাণ্ড।
দন্দেশ্বৰ ফুকন নামৰ এজন ব্যৱসায়ীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ।
ফুকনৰ টেণ্ট হাউচৰ গুদামত জুইৰ সূত্রপাত হয়।
জুইত জাহ যায় প্রায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তি।
১৮/ শিলচৰৰ সোণাই ৰোডত বুজন পৰিমাণৰ হেৰ’ইন জব্দ।
এখন বাইকৰ পৰা জব্দ কৰে ৯টা হেৰ’ইনভর্তি চাবোনৰ বাকচ।
১৯/ জম্মু-কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰীত ইণ্টাৰনেট সেৱা কৰ্তন।
২১ ডিচেম্বৰত সেনা আৰু উগ্ৰপন্থীৰ মাজত সংঘটিত এনকাউণ্টাৰত নিহত হৈছিল ৩জন ব্যক্তি।
পুঞ্চ আৰু ৰাজৌৰী জিলাৰ এনকাউণ্টাৰ সংঘটিত হোৱা স্থানত বন্ধ ইণ্টাৰনেট সেৱা।
২০/ গুৱাহাটী ৰে’ল ষ্টেচনত নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছৰ পৰা জব্দ কৰে ১.৩ কেজি নকল সোণ আৰু নগদ ধন।
শ্ৰৱণ সিং ৰাথোৰ আৰু দিলীপ কুমাৰ নামৰ দুজন ব্যক্তিক আটক কৰে আৰক্ষীয়ে।
Sangita Dutta News Editor Rnewsindia24.com