লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট পাপৰি কবি গণেশ গগৈৰ জীৱনযাত্ৰাঃ-
Rnewsindia24.com
অসমীয়া সাহিত্য জগতৰ অন্যতম ৰোমাণ্টিক কবি গণেশ গগৈৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ডিচেম্বৰত যোৰহাটত।
তেখেত অসমৰ এগৰাকী সুৰকাৰ, নাট্যকাৰ, অভিনেতা আৰু ফুটবল খেলুৱৈ আছিল।
গণেশ গগৈৰ পিতৃৰ নাম কনক চন্দ্ৰ গগৈ আছিল।
তেওঁ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ পৰা মেট্ৰিকুলেচনত ঊত্তীৰ্ণ হৈ কটন মহাবিদ্যালয়ত নাম ভৰ্তি কৰে।
বিশেষকৈ গনেশ গগৈ লখিমপুৰ জিলাৰ প্ৰথম গ্ৰেজুৱেট আছিল।
১৯২৭ চনত কলিকতালৈ গৈ ৰিপন কলেজত নাম লগোৱাৰ পিছত বন্ধু আনন্দ চন্দ্ৰ বৰুৱাৰ অনুৰোধত বেনাৰচ হিন্দু কলেজলৈ যায়।
কিন্তু পঢ়া সাং নকৰি ঘৰলৈ আহি সাহিত্য চৰ্চা কৰে।
তেখেতে আনন্দ চন্দ্ৰ বৰুৱাৰ লগ লাগি যোৰহাটত “বাণী সন্মিলন” প্ৰতিষ্ঠা কৰে।
তাৰ উপৰিও কেইবাখনো চুটি নাট লিখি গ্ৰামফোন ৰেকৰ্ড উলিয়াইছিল।
১৯২৯ চনত তেখেতে “যোৰহাট থিয়েটাৰ” অভিনয় আৰম্ভ কৰে।
এই সময়ছোৱাতে তেখেতে কেইবাখনো নাটক আৰু চুটি নাট লিখি উলিয়ায়।
তেখেতৰ কেইখনমান নাটক হ’ল- লাচিত, দক্ষ যজ্ঞ, জেৰেঙাৰ সতী, সীতাৰ বনবাস, কুৰি শতিকা, কমলা কুৱঁৰী, শকুনিৰ প্ৰতিশোধ,
কাশ্মীৰ কুমাৰী ইত্যাদি।
কবিতাপুথি-
পাপৰি- তেখেতৰ ১৯৩৪ চনত প্ৰকাশ পোৱা ‘পাপৰি’ নামৰ এই কবিতা পুথিখনে অসমীয়া ৰোমাণ্টিক কবিতাৰ ধাৰা আৰম্ভ কৰিছিল।
এই কিতাপখনৰ পৰিপ্ৰেক্ষিততেই তেখেতক “পাপৰি কবি” উপাধি প্ৰদান কৰা হৈছিল।
আনহাতে, ৰূপজ্যোতি, স্বপ্ন ভংগ, নাৱৰীয়া আৰু ব’ৰাগী।
গণেশ গগৈয়ে সংগীতৰ জগততো খোজ পেলাই।
যুগজয়ী বহু গীত বিভিন্ন আলোচনী যেন বাঁহী, আৱাহন, ঘৰ-জেউতি, দৈনিক বাতৰি ন-জোন আদিত প্ৰকাশ পাইছিল আৰু পিছলৈ ‘ৰূপজ্যোতি’ নামৰ কিতাপ আকাৰে প্ৰকাশ পায়।
তেখেতৰ গীতিমালা নামৰ গ্ৰন্থখনত এই গানবোৰ লিপিবদ্ধ কৰা হৈছিল।
অসম চৰকাৰে ২০০৯ চনৰে পৰা কবি গৰাকীৰৰ প্ৰতি সন্মান জনাই “গণেশ গগৈ বঁটা” প্ৰদান কৰে।
“গণেশ গগৈ কবিতা কানন নামে এখন উদ্যান” নামেৰে যোৰহাট নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰা হয়।
“গণেশ গগৈৰ জীৱন সুৰভি” নামৰ এই তথ্যচিত্ৰখন ঢাকাত অনুষ্ঠিত ২০০৭ চনৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ আনুষ্ঠানিকভৱে নিৰ্বাচিত কৰা হৈছিল।
১৯৩৮ চনৰ ২১ আগষ্টত ৩০ বছৰ বয়সতে তেখেতৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।
ধন্যবাদ।
Sangita Dutta News Editor Rnewsindia24.com