হেপাঁহৰ নৱবৰ্ষঃ-
চাওঁতে চাওঁতে বছৰটোৰ শেষ ক্ষণত আমি উপনীত হলোঁ।
নতুনক আদৰাৰ বাবে এতিয়া বিদায় দিব লাগিব ২০২৩ বৰ্ষক ।
মাজত মাত্ৰ কেইটামান ক্ষণ , তাৰ পাচতেই আমি ভৰি দিম ২০২৪ বৰ্ষত ।
নতুন দিনবোৰক লৈ আপোনাৰ, মোৰ সকলোৰে থাকে নতুন নতুন পৰিকল্পনা আৰু আশা ।
বহু কথাই ভুমুকি মাৰিছে আজি সৃষ্টিৰ মনত।
কিন্তু, প্ৰায় সকলোৰে মনত এটাই কথা – আমি ২০২৩ বৰ্ষটোত কি কি শিকিলোঁ, কেনেধৰণৰ সমস্যাৰ সন্মূখীন হ’লো, কি পালো আৰু কি হেৰুৱালোঁ ইত্যাদি হাজাৰ প্ৰশ্ন।
নতুন দিনৰ প্ৰতিশ্ৰুতি লৈ আহে নৱবৰ্ষই।
ন-ন আশাৰে, বহু হেপাহেৰে, সলনি হয় বেৰত আৰি থোৱা কেলেণ্ডাৰখন।
নতুন চিন্তাৰে পৰিপুষ্ট জীৱনৰ গৰাকী হোৱাৰ সংকল্প লোৱাৰ সুযোগ আনি দিয়ে এই নতুন বছৰেই।
নতুন আশা-উদ্দীপনাৰে ভুমুকি মৰা নৱবৰ্ষৰ ন-সুৰুযে বিলাই দিয়া পোহৰেৰে আমাৰ মনবোৰ আলোকিত।
গতিকে আহক আমি সকলোৱে পুৰণিক বিদায় জনাই নতুন আশাৰে জীৱন বাটত আগুৱাই যাওঁ।
জীৱনে সদায় কৰ্ম বিচাৰে।
বিভিন্ন সমস্যাৰ সমাধানৰ পথ নিজেই বিচাৰি- নিজৰ জীৱন- নিজেই গঢ়াৰ সময় এইয়া।
সময় বাস্তৱ।
সময়ে আমাক শিকাই, সময়ে বুজাই।
সময়ৰ হাততে সকলো।
জীৱনে তেওঁৰ লগতহে খেলা কৰে যিজন জীৱন যুঁজৰ পাকৈত খেলুৱৈ।
দুখবোৰ সকলোৰে একে হলেও, সাহস আৰু উৎসাহ-উদ্দীপনা সকলোৰে বেলেগ বেলেগ।
কোনোৱে যদি হতাশ হৈ ভাঙি পৰে কোনোৱে আকৌ সংঘৰ্ষ কৰি উজ্বলি উঠে।
নতুন বছৰৰ নতুন প্ৰত্যাশাই সকলোকে আশাবাদী কৰি তোলক।
আশা কৰাৰ দৰে সকলোৰে জীৱনৰ মলিনতা মচি নৱবৰ্ষই কঢ়িয়াই আনক নতুনত্ব আৰু সফলতাৰ বতৰা।
নৱবৰ্ষৰ প্ৰতিটো দিনেই আটাইৰে স্মৰণীয় হৈ ৰওক।
Rnewsindia24.com ৰ তৰফৰ পৰা আটাইলৈ নতুন বছৰৰ অফুৰন্ত শুভকামনা।
শুভ নৱবৰ্ষ–২০২৪।
Sangita Dutta News Editor Rnewsindia24.com