Narendra Modi

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

 

Rnewsindia24.com Assam December 30/2023:- 

1. উত্তৰ প্ৰদেশৰ অযোধ্যাত মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
উজ্জ্বলা আঁচনিৰ হিতাধিকাৰী মীৰা মাঝিৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
অযোধ্যাত কেইবাটাও প্ৰকল্প মুকলি আৰু শিলান্যাস কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

2. ৰূপহীহাটৰ আমবাগানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু।
ভাৰত বিকশিত সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।

3. নৱবৰ্ষত গুৱাহাটী মহানগৰীত প্ৰশাসনৰ সময়সীমা অনুসৰি বন্ধ কৰিব লাগিব বাৰ, ৰেস্তোৰাঁ৷
অন্যথা কঠোৰ শাস্তিৰ সন্মুখীন হ’ব কৰ্তৃপক্ষ৷
সংবাদমেলযোগে এই আহ্বান জনায় আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

4. কাইলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ ২১ সংখ্যক সমাৱৰ্তন সমাৰোহ।
মুখ্য অতিথিৰূপে উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।

5. ভূমিৰ নথিৰ কেলেংকাৰীৰ দুজন মাষ্টাৰ মাইণ্ডক আটক।
উপ-পঞ্জীয়ক ৰঞ্জিত চৌধুৰী আৰু জ্যেষ্ঠ উপ-পঞ্জীয়ক নীহাৰেন্দ্ৰ থাওচেনক আটক কৰে মহানগৰ আৰক্ষীয়ে।

6. পুনৰ অশান্ত মণিপুৰ।
মেইটেই গাঁওৰক্ষী বাহিনীৰ সদস্যলৈ গুলীচালনা কৰে কুকি দুৰ্বৃত্তই।
নিহত হয় নিংগ’বাম জেমচবণ্ড।

7. নগৰবেৰাত অবৈধ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ অভিযান৷
অভিযানত প্ৰায় ১৫ টা অবৈধ ইটা ভাটা উৎখাত কৰে।
অভিযানকাৰী দলটোৱে নষ্ট কৰে কেইবা লাখ টকাৰ ইটা৷
চৰকাৰৰ অনুমতি নোলোৱাকৈ চলাই আছিল অবৈধ ইটা ভাটা৷

8. শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি৷
সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব ১৪৪ ধাৰা৷
অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাতে ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে।

9. আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰথমগৰাকী অসমীয়া মহিলা আম্পায়াৰ হিচাপে নিযুক্ত হয় ৰজনী বাচনেট কলিতা।

10. ১৮ জানুৱাৰীৰ পৰা মাজুলীত অসম ভাওনা সমাৰোহ৷
আউনীআটি সত্ৰত অনুষ্ঠিত হ’ব এই সমাৰোহ৷
দিহানামেৰে আৰম্ভ হ’ব ভাওনা সমাৰোহ৷
একেলগে ১০ হাজাৰ মহিলাই পৰিৱেশন কৰিব দিহানাম৷

11. টিংখাঙত ৰাস মহোৎসৱৰ আয়োজন।
৩ আৰু ৪ জানুৱাৰীত অনুষ্ঠিত হ’ব প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ।
টিংখাংবাসী ৰাইজৰ উদ্যোগত টিংখাং গান্ধী ময়দানত অনুষ্ঠিত হ’ব এই ৰাসলীলা।

12. মাৰ্ঘেৰিটাত শোকাৱহ পথ দুৰ্ঘটনা৷
প্ৰাতঃভ্ৰমণলৈ অহা এগৰাকী মহিলাক মহটিয়াই পিকআপ ভানে৷
মৃত মহিলাগৰাকী জয়া নগৰৰ বন্তি চিংফৌ চিৰিং৷

13. APSC কেলেংকাৰি সন্দৰ্ভত আন এজন ৰাজপত্ৰিত বিষয়াক তলব।
SIT-এ চমন জাৰি কৰিছে DTO দিব্যজ্যোতি কাৰ্জিলৈ।
ধনৰ বিনিময়ত চাকৰি লোৱাৰ অভিযোগ কাৰ্জিৰ বিৰুদ্ধে।
অবৈধ প্ৰক্ৰিয়াৰে DTO পদ দিয়া হৈছিল দিব্যজ্যোতি কাৰ্জিক।

14. ‘স্বাধীন অসম বিচৰা বিদ্ৰোহী সংগঠনে ৫০০০কোটি টকাহে অসমলৈ আনিলে।
আলফাই আত্মসমৰ্পনকাৰী চুক্তি স্বাক্ষৰ কৰিছে।
আলফা-চৰকাৰৰ চুক্তিখন বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ।
শান্তি চুক্তিখন পঢ়ি দুখ লাগিছে, এখন দূৰ্বল চুক্তি’- মন্তব্য বিধায়ক অখিল গগৈৰ।

15. জনজাতিকৰণৰ দাবীত গোসাইগাঁৱত ৰে’ল পথ অৱৰোধ৷
শ্ৰীৰামপুৰত ৰে’ল পথ অৱৰোধ কৰে আদিবাসী সংগঠনে৷
সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে অৱৰোধ কৰে ৰে’ল পথ।

16. চামগুৰিৰ কদমগুৰিত পথ দুৰ্ঘটনা।
ট্ৰেক্টৰ আৰু বাইকৰ সংঘৰ্ষত থিতাতে নিহত হয় এজন।
নিহত কদমগুৰিৰ ইফতিকাৰ নামৰ যুৱকজন।
গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী।

17. কলিয়াবৰত ভয়ংকৰ অগ্নিকাণ্ড।
কলিয়াবৰ তিনিআলিৰ এখন হোটেলত সংঘটিত হয় অগ্নিকাণ্ড।
সম্পূৰ্ণৰূপে ভস্মীভূত হয় হোটেলখন।

18. কাছাৰৰ কাটিগড়াৰ তাৰিণীপুৰত অগ্নিকাণ্ড৷
অটোৰে মৰণা মাৰোঁতে সংঘটিত হয় অগ্নিকাণ্ড৷
মৰণা মাৰোতে হঠাৎ জুইৰ সূত্ৰপাত হল বুলি জানিব পৰা গৈছে।

19. মহানগৰীৰ ধাৰাপুৰত ভয়ংকৰ দুৰ্ঘটনা।
শিল কঢ়িওৱা তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে অল্টো বাহনক।
অল্টো বাহনৰ ওপৰত বাগৰি পৰে শিলভৰ্তি ডাম্পাৰ খন।
ডাম্পাৰৰ খুন্দাত চূৰ্ণ-বিচূৰ্ণ হয় অল্টো বাহনখন।
গুৰুতৰভাৱে আহত হয় অল্টোৰ ৪গৰাকী আৰোহী।
৪ জনক GMCHত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS01 FC2742।

20. “অসমৰ মূল সুঁতিলৈ ঘূৰি আহক পৰেশ বৰুৱা”- পৰেশ বৰুৱালৈ অনুৰোধ জনাই বি.টি.আৰ প্ৰধান প্ৰমোদ বড়োৱে।

 

Sangita Dutta News Editor Rnewsindia24.com

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *