মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এক বনভোজস্থলী আপোনাৰ বাবে । - R News India 24
Skip to content
গুৱাহাটী মহানগৰীৰ ভি. আই. পি পথৰ পৰা মাত্ৰ ১৪ কি.মি. দূৰত্বত এক নতুন বনভোজস্থলী নিৰ্মাণ কৰা হৈছে। নিভাঁজ গাৱলীয়া পৰিৱেশৰ মাজত অৱস্থিত ঠাই খনৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোৰে মন মোহিত কৰিছে।
এই বনভোজস্থলীত নিজাববীয়াকৈ ৰন্ধা-বঢ়া কৰি খোৱাৰ সকলো সুবিধা থকাৰ উপৰিও স্থানীয় লোকে খৰিৰ জুইত প্ৰস্তুত কৰা বিভিন্ন জনগোষ্ঠীয় সু-স্বাদু খাদ্য সম্ভাৰো পোৱা যায়।
প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঘগুৱা জলপ্ৰপাতৰ পৰা মাত্ৰ ২ কিল’মিটাৰ দুৰৈত অৱস্থিত এই বনভোজস্থলীত বিভিন্ন মনোৰঞ্জনমুলক কাৰ্য্যৰ লগতে ফটো উঠাৰ সুবিধাও আছে।
অহা-যোৱা বাটত থকা সাতগাওঁ আৰ্মী কেম্পৰ ওচৰত বনৰীয়া হাতীৰ জাক চৰি থকাৰ মনোৰম দৃশ্যও মাজে সময়ে দেখা পোৱা যায়।
চাহ বাগিছা, খেতি পথাৰ আৰু চকু জুৰ পেলোৱা সুন্দৰ পৰিৱেশত আপুনি যদি পৰিয়াল, আপোনজন অথবা বন্ধু- বান্ধবীৰ লগত এটা দিন প্ৰাণভৰি উপভোগ কৰিব বিচাৰে তেনেহ’লে দেৰি নকৰি আজিয়ে এই ঠিকনাত যোগাযোগ কৰক-
ৰাজকাকতী ইক’ বুক এ বেক,
বামুণখাট, ডিগাৰু,
কামৰূপ (এম )
৬০০২৯৯৮৯৪৬ (6002998946)
Rnewsindia24.com