13. চৰাইদেউৰ কাকতিবাৰীৰ লিকচন পথাৰত সোণাৰু, কৃষ্ণচূড়া, কাঞ্চনৰ চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান।
৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে অনুষ্ঠানৰ।
অনুষ্ঠানত উপস্থিত থাকে অৰণ্য মানৱ যাদৱ পায়েং, কেইবাগৰাকীও সাংবাদিক, বহু গণ্য মান্য ব্যক্তি।
14. অৰুণাচলৰ আঞ্জাওত সংঘটিত পথ দুৰ্ঘটনাত ৩জন লোকৰ মৃত্যু হয়।
আটাইকেইজন তিনিচুকীয়াৰ মাকুমৰ ৰাজাপতি গেৰেজৰ কৰ্মচাৰী।
খাৱৈৰ পৰা উদ্ধাৰ কৰি তিনিচুকীয়ালৈ অনা হয় মৃতদেহকেইটা।
17. মিজোৰামৰ ভাইৰেণ্টিত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে বলেৰ’ পিকআপ বাহন।
বাহনখনত আছিল কেইবাজনো শ্রমিক।
থিতাতে নিহত হয় ২ জন শ্ৰমিক।
18. হাফলঙত বেংকৰ মহিলা কৰ্মচাৰীৰ ঘৰৰ পৰা ৫০ লাখ টকা জব্দ কৰা হয়।
হাফলঙত পথ নিৰ্মাণৰ নামত কেলেংকাৰীৰ অভিযোগ।
মহিলা কৰ্মচাৰীগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
19. অৰুণাচলৰ আনজাওত ভয়ংকৰ পথ দুৰ্ঘটনা।
পাহাৰীয়া পথৰ পৰা দ’ খাৱৈত বাগৰিল ৱাগনাৰ বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় ৩ জনকৈ লোক।
20. নগাঁৱৰ দক্ষিণপাটত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথাৰত বাগৰিল মালভৰ্তি ট্রেক্টৰ।
থিতাতে নিহত হয় ট্রেক্টৰচালক,
আহত হয় আন এজন।
নিহত চালকজনৰ নাম ৰকিবুল হুছেইন।