Dr. Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
  • Dr. Himanta Biswa Sarma
  • Rnewsindia24.com Assam 4 March 2024 :-

  • 1. হিমাচলৰ ৰাজ্যসভা আসনৰ পৰা পদত্যাগ জে পি নাড্ডাৰ।

    নাড্ডাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে ৰাজ্যসভাৰ অধ্যক্ষ গৰাকীয়ে।

  • 2. গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ক’ৰিডৰ মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

    ভূতনাথৰ পৰা মাছখোৱালৈ নিৰ্মাণ কৰা হৈছে এলিভেটেড ক’ৰিডৰ।

    উপস্থিত থাকে মন্ত্ৰী অশোক সিংহাল, মেয়ৰ মৃগেন শৰণীয়া আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

  • 3. গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত প্ৰশিক্ষণ কাৰ্যসূচী।

    অসম নগৰ প্ৰশাসনিক সেৱাৰ সদ্য নিযুক্তিপ্ৰাপ্ত বিষয়াক প্ৰশিক্ষণ ।

    ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হয় প্ৰশিক্ষণৰ ।

    অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অশোক সিংহল আৰু বহু গণ্য মান্য ব্যক্তি।

  • 4. আজাৰাত মুখ্যমন্ত্ৰীৰ বিশেষ কাৰ্যসূচী।

    লোকপ্ৰিয় গোপীনাথ বিমান বন্দৰৰ বিশেষ নিৰ্মাণ কাৰ্যৰ পুঁজি পূজন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

    ১০০ খন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

  • 5. মহানগৰীৰ ABC পইণ্টত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে এম্বিচন গ্ৰুপৰ নতুন হোটেল এৰিষ্টা।

    পঞ্চ তাৰকাযুক্ত এই আঠ মহলীয়া হোটেলখনত থাকিব সকলো অত্যাধুনিক সা-সুবিধা।

    গ্ৰাহকে লাভ কৰিব লাউঞ্জ বাৰৰ পৰা আৰম্ভ কৰি ৰেষ্টুৰা আদিৰ উন্নত সেৱা।

  • 6. দুধনৈত আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন৷

    আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷

    ৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয় আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়খন৷

  • 7. বাজপেয়ী ভৱনত লোকসভাৰ গুৰুত্বপূৰ্ণ বৈঠক। সাংগঠনিক দিশত কি কি ৰণনীতি ল’ব সেই সন্দৰ্ভত আলোচনা হয়।

    বৈঠকত উপস্থিত থাকে ৰাষ্ট্রীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিজেপিৰ কেইবাগৰাকী নেতা-মন্ত্ৰী, উত্তৰ-পূবৰ সহঃপ্ৰভাৰী ৰিতুৰাজ সিং।

  • 8. এসপ্তাহৰ ভিতৰতে প্ৰকাশ পাব কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা।

    দিল্লীত চূড়ান্ত হৈছে অসমৰ প্ৰাৰ্থী তালিকা।

    প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ কথা ঘোষণা APCCৰ সভাপতি ভূপেন বৰাই।

  • 9. প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মনৰ দেহাৱসান৷

    নলবাৰীত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে৷

    ৮৭ বছৰ বয়সত দেহাৱসান প্ৰাক্তন শিক্ষামন্ত্ৰীগৰাকীৰ৷

  • 10. আদালতৰ বাবে থকা ভূমিত নিৰ্মিত AAPৰ দিল্লীস্থিত কাৰ্যালয় উঠাই নিয়াৰ নিৰ্দেশ।

    ১৫ জুনৰ ভিতৰত ভূমি খালী কৰাৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।

  • 11. দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা৷

    ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন৷

    মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ’ব এই ভাট্টা৷

    দিল্লী বিধানসভাত বিত্তমন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা৷

  • 12. কৰ্কট ৰোগত আক্ৰান্ত ISROৰ চীফ এছ সোমনাথ।

    ADITYA-L1 উৎক্ষেপণৰ দিনটোতেই এই দুঃসংবাদটো।এই কথা নিজেই ব্যক্ত কৰিছে ISROৰ চীফগৰাকীয়ে।

  • 13. নিমাতী-মাজুলী ফেৰীত অঘটন।

    মোবাইলেৰে ফটো তোলাৰ সময়তে ব্ৰহ্মপুত্ৰত পৰে এগৰাকী যুৱতী।

    SDRFৰ তৎপৰতাত উদ্ধাৰ হয় যুৱতীগৰাকী।

  • 14. চামগুৰিৰ আমনিত পথ দুৰ্ঘটনা৷

    দুৰ্ঘটনাত থিতাতে নিহত হয় চাইকেল আৰোহী৷

    জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়৷

  • 15. আমিনগাঁৱত STFৰ অভিযান৷

    অভিযানত জব্দ কৰে কোটি টকা মূল্যৰ ড্ৰাগছ৷

    ১২টা চাবোনৰ কেচত অনা ড্ৰাগছখিনিৰ ওজন ১৩৯ গ্ৰাম৷

    বাছেৰে লখৰাৰ পৰা ৰঙিয়া অভিমুখে আহিছিল সৰবৰাহকাৰী৷

    STF পৰিদৰ্শক কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান৷

    আটক হয় ড্ৰাগছ সৰবৰাহকাৰী খাৰছেদ আলী আৰু হামিদা বেগমক৷

  • 16. সোৱণশিৰিৰ বুকুত আবদ্ধ যাত্ৰীবাহী ফেৰী।

    ইঞ্জিন বিকল হৈ আবদ্ধ হয় ফেৰীখন।

    লখিমপুৰৰ পৰা মাজুলী অভিমুখী আছিল ফেৰীখন।

    মাজুলীৰ চেনিমৰাঘাটত এঘণ্টা ধৰি আবদ্ধ হৈ আছে ফেৰীখন।

    ফেৰীখনত আছে অৰ্ধশতাধিক যাত্ৰীসহ কেইবাখনো বাহন।

  • 17. গুজৰাট কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰ্জুন মাণ্ডব্যৰ বিধায়ক আৰু কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰে।

    গুজৰাট কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল অৰ্জুন মাণ্ডব্য।

  • 18. আমগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদ।

    CAA বাতিলৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

  • 19. চাপৰত বন বিভাগৰ অভিযান।

    অভিযানত জব্দ কৰে এটা অবৈধ ভ্ৰাম্যমাণ কাঠফলা মেচিনসহ বৃহৎ পৰিমাণৰ কাঠৰ কুণ্ডা।

  • 20. নাগালেণ্ডত অসম ৰাইফলছ আৰু NSCNৰ সংঘৰ্ষ।

    সংঘৰ্ষত এজন NSCN কেডাৰৰ মৃত্যু হয় আৰু আন এজন গুলিবিদ্ধ হয়।

    জব্দ কৰে বুজন পৰিমাণৰ মাৰাণাস্ত্ৰ।

    লগতে আটক কৰে এজন NSCN কেডাৰক।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *