Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
  • Rnewsindia24.com Assam 5 March 2024:-

  • 1. কাইলৈ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ প্ৰথমখন আণ্ডাৰৱাটাৰ মেট্ৰ’ সুৰংগ।

    কলকাতাত নদীৰ মাজেৰে নিৰ্মাণ কৰা হৈছে প্ৰথমটো পৰিবহণ সুৰংগ।

  • 2. বজালীৰ চৌখুঁটিত বিশাল জনসভা সম্বোধন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা।

    বিকাশ যাত্রাৰ অধীনত প্ৰকল্পৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

  • 3. বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

    বিকাশ যাত্ৰা শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে।

    ২৫ টা প্ৰকল্পৰ আধাৰশিলা আৰু শুভ উদ্বোধন কৰে ড’ শৰ্মাই।

    অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, বিধায়ক ফনীভূষণ চৌধুৰী আৰু বহু গণ্য মান্য ব্যক্তি।

  • 4. কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গাংগুলীৰ ন্যায়পালিকা ত্যাগ।

    ৭ মাৰ্চত বিজেপিত যোগদান কৰিব অভিজিৎ গাংগুলীয়ে।

    ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

  • 5. চেন্নাইত প্ৰবীণ অভিনেত্ৰী বৈজয়ন্তীমালাক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

    ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে পদ্ম বিভূষণ সন্মানেৰে সন্মানিত হৈছে অভিনেত্ৰীগৰাকী।

  • 6. যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

    ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব লাচিতৰ মূৰ্তি।

    প্ৰতিমূৰ্তিস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

  • 7. অসম আৰক্ষীৰ IGP পদলৈ পদোন্নতি পাৰ্থসাৰথি মহন্তক।

    DIG পদৰ পৰা IGP পদলৈ পদোন্নতি IPS বিষয়াগৰাকীক।

  • 8. ৮ মাৰ্চত ১৪ টা সমষ্টিৰ ১৪ টাতেই প্ৰাৰ্থী ঘোষণা কৰিব কংগ্ৰেছে।

    AAP, তৃণমূল, CPI (M), AJP কাকো আসন নিদিয়ে কংগ্ৰেছে।

    ইফালে কংগ্ৰেছে যদি ১৪টাত খেলিব পাৰে, আমিও ১১ টা সমষ্টিত খেলিম বুলি ঘোষণা তৃণমূল কংগ্ৰেছৰ।

  • 9. ২৫ মাৰ্চত হ’ব ২০২৪ বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ।

    দিনৰ ১০.২৩ বজাৰ পৰা বিয়লি ৩.০২ বজালৈ হ’ব চন্দ্ৰগ্ৰহণ।

    অৱশ্যে ভাৰতত দৃশ্যমান নহয় চন্দ্ৰগ্ৰহণ।

    হোলীত প্ৰভাৱ নপৰে চন্দ্ৰগ্ৰহণৰ।

  • 10. বিজেপিত যোগদান কৰে গুজৰাটৰ সদ্যপদত্যাগী কংগ্ৰেছী বিধায়ক অৰ্জুন মধুৱাৰিয়াই।

    সোমবাৰে বিধায়ক আৰু কংগ্ৰেছৰ সদস্য পদ ত্যাগ কৰিছিল মধুৱাৰিয়াই।

  • 11. প্ৰধানমন্ত্ৰীক প্ৰাণনাশৰ ভাবুকি দি গ্ৰেপ্তাৰ হয় হায়দৰাবাদৰ এজন লোক৷

    আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহম্মদ ৰছুল কাদেৰ নামৰ লোকজনক।

    চচিয়েল মিডিয়াত আপত্তি জনক পোষ্ট দি গ্ৰেপ্তাৰ হয়।

  • 12. দিল্লীত প্ৰতি ১০ গ্ৰাম সোণৰ দাম ৬৫ হাজাৰলৈ বৃদ্ধি।

    সমান্তৰালৈ বৃদ্ধি পাইছে ৰূপৰ দামো।

  • 13. ১৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় শিলচৰ উন্নয়ন সন্থাৰ ক্ষেত্ৰ সহায়ক অভিজিত কৰ।

    অভিজিত কৰৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই।

  • 14. ভূপেন বৰালৈ CIDৰ দ্বিতীয়খন চমন৷

    ৭ মাৰ্চত CIDৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

    হাজিৰ নহ’লে গ্ৰেপ্তাৰ হ’ব পাৰে ভূপেন বৰা।

  • 15. পুনৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াক CIDৰ চমন।

    ৬ মাৰ্চত CID কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ।

  • 16. ‘কামাখ্যা প্ৰসাদ তাছা BJPৰ এটা ফুটবল, য’তে মন যায় তাতে মাৰি পঠিয়াই ‘- মন্তব্য অখিল গগৈৰ।

  • 17. লখিমপুৰৰ বঙালমৰাত ৬ লাখ ৫০ হাজাৰ টকাৰ জালনোট জব্দ কৰে আৰক্ষীয়ে৷

    ফটেহপুৰৰ বিল্লাল আলীৰ আৰু ২নং ইছলামপুৰৰ কুৰবান আলীৰ বাসগৃহত আৰক্ষীয়ে চলাইছিল অভিযান৷

    ১ লাখ নকল নোটসহ দুখন নকল সোণৰ নাও জব্দ কৰে আৰক্ষীয়ে৷

  • 18. লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত চুতীয়া যুৱ সন্মিলন অসমৰ উদ্যোগত অৱস্থান ধৰ্মঘট।

    ভৈয়াম জনজাতি মৰ্যদা প্ৰদান, চুতীয়া জনগোষ্ঠীক উপগ্ৰহীয় স্বায়ত্বশাসিত পৰিষদ প্ৰদান কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ।

  • 19. পৰ্বতঝোৰাৰ ৰূপচীত ভয়ংকৰ পথ দুৰ্ঘটনা।

    পথৰ কাষৰ গছত খুন্দা মাৰে তীব্ৰবেগী বাইকে।

    দুৰ্ঘটনাত থিতাতে নিহত হয় দুজন লোক।

    নিহত লোক দুজন ছহিদুৰ আলী, নুৰ ইছলাম।

  • 20. ‘চমন জাৰি কৰিলেও ভূপেন বৰাই ভয় নাখায়’

    ‘গ্ৰেপ্তাৰ কৰিলেও মই দল সলাই বিজেপিলৈ নাযাওঁ’।

    সংবাদমেলত ঘোষণা APCCৰ সভাপতি ভূপেন বৰাৰ।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *