P M Narendra Modi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Mising Autonomous Council
Mising Autonomous Council / মিচিং স্বায়ত্বশসিত পৰিষদ।

Rnewsindia24.com Assam 6 March 2024 :- 

1. দেশৰ প্ৰথমটো আণ্ডাৰৱাটাৰ মেট্ৰ’ ৰে’লসেৱা উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
মেট্ৰ’ত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে ভ্ৰমণ কৰি মত বিনিময় কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
কলকাতাৰ হুগলি নদীৰ তলত নিৰ্মাণ কৰা হৈছে এই মেট্ৰ’ সুৰংগটো।

2. কণ্ঠশিল্পী আশা ভোঁসলেৰ ফটো বায়োগ্ৰাফী মুকলি।
মুম্বাইত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে ‘বেষ্ট অফ আশা’।

3. লখিমপুৰত “বিকাশ যাত্ৰা কাৰ্যসূচী”।
এই কাৰ্যসূচীৰ অধিনত ৪৬ টা উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন আৰু শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উপস্থিত থাকে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, প্ৰদান বৰুৱা, বিধায়ক মানব ডেকা আৰু বহু গণ্যমান্য ব্যক্তি।

*নাহৰকটীয়াত “বিকাশ যাত্ৰা কাৰ্যসূচী”।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

4. ডিব্ৰুগড় পৌৰসভা উন্নীত হ’ল পৌৰ নিগমলৈ।
ডিব্ৰুগড়ত ঘোষণা কৰে বিভাগীয় মন্ত্ৰী অশোক সিংঘালে।

5. কেৰালাৰ বিদ্যালয়ত ভাৰতৰ প্ৰথমগৰাকী AI শিক্ষকেৰে পাঠদান।
শিক্ষয়িত্ৰী ‘আইৰিছ’ ৰাজ্যখনৰ প্ৰথমগৰাকী মানৱ ৰবট।
মেকাৰলেবচ এডুটেকৰ সহযোগত নিৰ্মাণ কৰা হৈছে ‘আইৰিছ’ক।

6. আছুৱে পিছুৱালে ‘কা’ আন্দোলনৰ কাৰ্যসূচী।
৯ মাৰ্চৰ কাৰ্যসূচী ৰূপায়ন হ’ব ১০ মাৰ্চত।
টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদে কৰা অনুৰোধৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰে আছুৱে।

7. ক’ভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা।
‘X’যোগে এই কথা জনাই ৰাজস্থানৰ মুখ্যমন্ত্ৰী গৰাকীয়ে।

8. জনপ্ৰিয় বিশ্বনেতাৰ তালিকাৰ শীৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
৭৫ শতাংশ ৰেটিঙেৰে ইণ্ডিয়া টুডেৰ সমীক্ষাত শীৰ্ষস্থানত প্ৰধানমন্ত্ৰী মোদী ।
২০২৩ বৰ্ষৰ তুলনাত ১০ শতাংশ বৃদ্ধি ৰেটিং।

9. NDAত যোগদান কৰিলে ত্ৰিপুৰাৰ তিপ্ৰামথাই।
তিপ্ৰামথাৰ সিদ্ধান্তৰ পাছতে মাণিক সাহাৰ মন্ত্ৰীসভাত সালসলনি।
মন্ত্ৰীসভাত স্থান লাভ অনিমেষ দেৱবৰ্মা, বৃষকেতু দেৱবৰ্মাৰ।
কাইলৈ ৰাজভৱনত পুৱা ৯ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান।

10. ISROৰ মিছন চন্দ্ৰযান-৪।
দুটা পৰ্যায়ত উৎক্ষেপণ কৰা হ’ব চন্দ্ৰযান-৪।
ব্যৱহাৰ কৰা হ’ব LVM-3, PSLV।
চন্দ্ৰযান-৩ত ব্যৱহাৰ কৰা লেণ্ডাৰ, ৰ’ভাৰ আৰু প্ৰপালচন মডিউল উপৰিও চন্দ্ৰযান-৪ত থাকিব আৰু দুটা অতিৰিক্ত উপাদান।
উপাদানবোৰত থাকিব ৫টা মহাকাশযান মডিউল।

11. নিলম্বিত TMC নেতা শ্বাহজাহান শ্বেখক দিনৰ ৪:১৫ বজাৰ ভিতৰত CBIৰ জিম্মালৈ হস্তান্তৰ নিৰ্দেশ।
পশ্চিমবংগ চৰকাৰলৈ এই নিৰ্দেশনা দিয়ে কলিকতা উচ্চ ন্যায়ালয়ে।
পশ্চিমবংগৰ সন্দেশখালী-কাণ্ডৰ মূল অভিযুক্ত শ্বাহজাহান শ্বেখ।

12. দৰঙত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশীৰ পদত্যাগ।
৫ শতাধিক সদস্যৰো কংগ্ৰেছৰ পৰা পদত্যাগ কৰে।

গুজৰাটত কংগ্ৰেছ বিধায়ক অৰবিন্দ লদানীৰ পদত্যাগ।
বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ-পত্ৰ দাখিল কৰে বিধায়কগৰাকীয়ে।

13. বাংগালুৰুৰ ৰামেশ্বৰম কেফেৰ বিস্ফোৰণত ১০ জন আহত হয় ।
এই বিস্ফোৰণৰ লগত জড়িত থকা ব্যক্তিৰ খবৰ দিলে NIAয়ে দিব ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ।

14. কলেজত নামভৰ্তি কৰা ছাত্ৰীৰ একাউণ্টত চৰকাৰে দিব ১০হাজাৰকৈ টকা।
‘বিকাশ যাত্ৰা’ত অংশগ্ৰহণ কৰি লখিমপুৰত এই ঘোষণা মুখ্যমন্ত্ৰী ড’ শৰ্মাৰ।

15. জাগীৰোডৰ ঔদ্যোগিক এলেকাত অগ্নিকাণ্ড।
শ্বৰ্ট চাৰ্কিটৰ ফলত চিকিৎসালয়ৰ সমীপত লাগে জুই।
সম্প্ৰতি এলেকাটোত চলি আছে ছেমি-কণ্ডাক্টৰ প্ৰকল্পৰ কাম।

16. ১০ মাৰ্চত প্ৰকাশ পাব অগপৰ প্ৰাৰ্থী তালিকা।
তালিকা প্ৰকাশৰ পূৰ্বে সমষ্টি পৰ্যৱেক্ষণৰ ব্যৱস্থা কৰা হৈছে।

17. বোকাখাতৰ নেপালীখুঁটি গাঢ়ো পাৰাত বিধ্বংসী অগ্নিকাণ্ড।
এজন লোকৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড।
কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয়।

18. মহানগৰীৰ ফটাশিলত কিশোৰীৰ মৃত্যু।
ধীৰেনপাৰাৰ জনক পথত উদ্ধাৰ হৈছে কিশোৰীগৰাকীৰ মৃতদেহ।
আৰক্ষীয়ে আটক কৰে খুৰছেদ আলী নামৰ এজন লোকক।

19. গোৱালপাৰাত অচিন ৰোগৰ আতংক।
কেইবাখনো গাঁৱত আক্ৰান্ত হৈছে ৬০জনৰো অধিক লোক।
জণ্ডিচসদৃশ ৰোগত ১৪জনকৈ লোকৰ মৃত্যু হয়।

20. ৰকিবুল হুছেইন হ’ব ধুবুৰীত কংগ্ৰেছৰ প্ৰাৰ্থী।
বৈঠকৰ অন্তত ঘোষণা কৰে কংগ্ৰেছৰ একাংশ বিধায়কে।

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *