১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
-
Rnewsindia24.com Assam 10 March 2024:-
-
1. শোণিতপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকাশ যাত্ৰা।
ৰঙাপৰাৰ ঘোঁৰামাৰীত ৰাজহুৱা সভা সম্বোধন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
জিলাখনৰ ৫টা বিধানসভা সমষ্টিত বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
-
2. ১৪ মাৰ্চত বৰপেটালৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং।
বৰপেটা আৰু কোকৰাঝাৰত বিশাল জনসভাত অংশ ল’ব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।
-
3. ওদালগুৰিৰ ভেৰগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
৪৫০ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু বহু গণ্য মান্য ব্যক্তি।
-
4. নীতা আম্বানীলৈ ‘বিউটি উইথ এ পাৰপজ হিউমেনিটেৰিয়ান এৱাৰ্ড’।
মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত ৭১ সংখ্যক মিছ ৱৰ্ল্ডৰ ফাইনেলত এই বঁটা প্ৰদান কৰা হয় নীতা আম্বানীক।
-
5. অৰুণাচল কংগ্ৰেছৰ মুৰব্বী পদ ত্যাগ কৰে নৱাম টুকীয়ে।
অৰুণাচল প্ৰদেশ বিধানসভাত একমাত্ৰ কংগ্ৰেছী বিধায়ক নৱাম টুকী।
-
6. এডাল্ট ফিল্ম ষ্টাৰ চফিয়া লিয়নৰ মৃত্যু।
২৬ বছৰ বয়সত মৃত্যু হয় ষ্টাৰ গৰাকী।
এপাৰ্টমেণ্টৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ হয় লিয়নৰ মৃতদেহ।
-
7. দূৰদৰ্শনৰ বাতৰি পৰিৱেশিকাসকলে পৰিধান কৰিব খাদী পোছাক।
ভাৰতৰ ঐতিহ্যক আগবঢ়াই নিবলৈ এই সিদ্ধান্ত।
-
8. কোকৰাঝৰত ভাৰত ৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ পূৰ্ণাংগ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই ৷
উপস্থিত থাকে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
-
9. মুকালমুৱাত বিজেপিৰ বিশাল যোগদান কাৰ্যসূচী।
কংগ্ৰেছৰ লগতে বিভিন্ন দলৰ প্ৰায় ২০০০গৰাকী নেতা-কৰ্মীৰ বিজেপিত যোগদান কৰে।
যোগদান কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বহু গণ্য মান্য ব্যক্তি।
-
10. বিৰোধী আজিৰ তাৰিখত ছেদেলি-ভেদেলি, খেলি-মেলি আৰু বিশৃংখল – মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ।
-
11. প্ৰাৰ্থী ঘোষণাৰ পাছত প্ৰথমবাৰলৈ সমষ্টি বাৰানসীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
কাশী বিশ্বনাথ মন্দিৰত পূজা-অৰ্চনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ সৈতে পূজা-অৰ্চনা কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
-
12. জনতা ভৱনত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য প্ৰদান অনুষ্ঠান৷
মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাৰ অৰ্থ সাহায্য৷
১২টা পৰিয়ালক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰদান কৰে সাহায্য৷
পূৰ্বে ১৯টা পৰিয়ালক প্ৰদান কৰা হৈছিল এই সাহায্য৷
-
13. বিহাৰৰ পূৰ্বৰ মুখ্যমন্ত্ৰী লালুপ্ৰসাদৰ যাদৱৰ ঘনিষ্ঠ সুভাষ যাদৱক গ্ৰেপ্তাৰ ।
অবৈধ বালি খনন গোচৰত গ্ৰেপ্তাৰ কৰা হয়।
-
14. CAAৰ বিৰুদ্ধে সৰৱ সদৌ অসম ছাত্ৰ সন্থা।
পুৱা ৬ বজাৰ পৰা আৰম্ভ কৰে অনশন কাৰ্যসূচী।
আছুৰ লগতে আন ৩০টা সংগঠনৰ উদ্যোগত ৰূপায়ন কৰে এই কাৰ্যসূচী।
-
15. তামুলপুৰত পথ দুৰ্ঘটনা৷
নিয়ন্ত্ৰণ হেৰুৱাই দ গাঁতত পৰে বাইকসহ আৰোহী৷
থিতাতে নিহত হয় এজন আৰু আহত হয় এজন৷
নিহত ব্যক্তি গৰাকী হৈছে ভাস্কক দৈমাৰী ।
-
16. গোৱালপাৰাৰ লক্ষীপুৰত শোকাৱহ পথ দুৰ্ঘটনা।
প্ৰতিমা বিসৰ্জন দি ওভতাৰ সময়ত সংঘটিত হয় দুৰ্ঘটনা।
হীৰাপাৰাত অনুষ্ঠিত হৈছিল কালীপূজা।
গুৰুতৰভাৱে আহত হয় ৯জনকৈ লোক।
-
17. উত্তৰ প্ৰদেশৰ জৌনপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষত থিতাতে নিহত হয় ৬ জন লোক।
সংকটজনক অৱস্থাত ৩ জন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
-
18. পূব আফ্ৰিকাৰ জাঞ্জিবাৰৰ পেম্বা দ্বীপত অঘটন।
সাগৰীয় কাছৰ মাংস খাই ৮ শিশুসহ ৯জনৰ মৃত্যু হয়।
-
19. হাজোৰ বৰ্ণিত পথ দুৰ্ঘটনা।
বলেৰ’ পিকআপ ভান আৰু বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় এজন।
আনহাতে গুৰুতৰভাৱে আহত হয় ১০ জনতকৈও অধিক লোক।
-
20. কেৰালাৰ তিৰুৱনন্তপুৰৰ বৰকলাত ওপঙা দলঙৰ ৰেলিং ভাগি সাগৰত পৰে কেইবাজনো।
আহত হয় কেইবাজনো লোক।
আৰক্ষীয়ে পানীৰ পৰা উদ্ধাৰ কৰে আটাই কেইজনক।
Sangita Dutta Editor in Chief Rnewsindia24.com