6. নিৰ্বাচনী বণ্ডৰ তথ্য ৰাজহুৱা কৰে নিৰ্বাচন আয়োগে।
বিজেপিয়ে লাভ কৰে সৰ্বাধিক ৬০৬০.৫ কোটি টকা।
তৃণমূল কংগ্ৰেছে ১৬০৯.৫০ কোটি লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰে ১৪২১.৯ কোটি টকা।
7. দেশবাসীলৈ কেন্দ্ৰীয় চৰকাৰৰ সকাহ।
প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলত ২ টকাকৈ হ্ৰাস।
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ ঘোষণা।
আজি পুৱা ৬ বজাৰ পৰা কাৰ্যকৰী নতুন নিৰিখ।
8. বাজপেয়ী ভৱনত বিজেপিৰ পৰ্যালোচনা বৈঠক৷
যোৰহাট-কোকৰাঝাৰ লোকসভা সমষ্টিক লৈ হ’ব আলোচনা৷
মুখ্যমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব পৰ্যালোচনা বৈঠক৷
বৈঠকত উপস্থিত থাকিব ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু৷
9. ২০ হাজাৰ সংখ্যক গৃহত পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ কৰে মন্ত্ৰী অশোক সিংহলে।
শীঘ্ৰেই খোৱাপানীৰ সমস্যাৰ পৰা মুক্ত হ’ব মহানগৰবাসী ।
প্ৰতিটো অঞ্চলতে যোগান ধৰা হ’ব বিশুদ্ধ খোৱাপানী।
এই কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।
10. নিৰ্বাচনী বণ্ডৰ সকলো সংখ্যা প্ৰকাশ কৰিবলৈ SBIক নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে।
সোমবাৰে বেংক কৰ্তৃপক্ষক তথ্য দাখিল কৰিবলৈ নিৰ্দেশ।
11. লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে দলত্যাগ কৰে কংগ্ৰেছ সাংসদ আব্দুল খালেকে৷
প্ৰাথমিক সদস্য পদো ত্যাগ কৰে আব্দুল খালেকে৷