Narendra Modi
Spread the love

Rnewsindia24.com Assam 22 March 2024:-

1. ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।
দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী।

2. আগন্তুক লোকসভাৰ বাবে নাহৰকটীয়াত নিৰ্বাচনী প্ৰচাৰ।
বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

3. টিংখাঙত বিজেপিৰ যোগদান কাৰ্য্যসূচী।
বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিমল বৰাৰ উপস্থিতিত বিভিন্ন দল-সংগঠনৰ লগতে কংগ্ৰেছৰ ৫ শতাধিক লোকে বিজেপিত যোগদান কৰে।

4. দিল্লী বিধানসভাৰ বিশেষ অধিৱেশন বাতিল।
অৰবিন্দ কেজৰিৱালৰ গ্রেপ্তাৰৰ পিছতেই বাতিল অধিৱেশন।
২৭ মাৰ্চত অনুষ্ঠিত হ’ব বিশেষ অধিৱেশন।

5. ধেমাজিত অসম গণ পৰিষদৰ নিৰ্বাচনী সভা।
সভাত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু লখিমপুৰ, নাওবৈচা, ৰঙানদী, ঢকুৱাখনা, ধেমাজি, চিচিবৰগাঁও, জোনাই, ডুমডুমা, শদিয়া বিধানসভা সমষ্টি সমিতিৰ সভাপতি, সম্পাদকৰ লগতে বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকল।

6. দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে এগৰাকী চৰকাৰী বিষয়া।
উৎকোচ লৈ গ্ৰেপ্তাৰ হয় ধেলাই অগ্নি নিৰ্বাপক বাহিনীৰ IC বসন্ত সিনহা।
ফায়াৰ ছেফটিৰ NOC নামত উৎকোচ বিচাৰিছিল সিনহাই।

7. দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লিনাক আটক কৰে আৰক্ষীয়ে৷
উত্তাল প্ৰতিবাদৰ মাজতে আন কেইবাগৰাকীও আপ নেতা-কৰ্মীক আটক কৰে ৷

8. আজিৰে পৰা আৰম্ভ IPLৰ ১৭ সংখ্যক সংস্কৰণ৷
উদ্বোধনী মেচত CSKৰ মুখামখি হ’ব RCB৷
৮ বজাত অনুষ্ঠিত হয় মেচখন৷
চেন্নাইত অনুষ্ঠিত হ’ব IPLৰ প্ৰথমখন মেচ৷

9. দৌলযাত্ৰা উপলক্ষ্যে ২৬ মাৰ্চত কামৰূপ মেট্ৰ’ত স্থানীয় বন্ধ ঘোষণা।
উক্ত দিনটোত বন্ধ থাকিব চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় তথা শিক্ষানুষ্ঠান।

10. লখিমপুৰত শোকাৱহ পথ দুৰ্ঘটনা ।
নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই এটা দ’ খাৱৈত পৰে গাড়ীখন।
হিতাতে নিহত হয় লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাঃ সম্পাদক স্বৰাজ শংকৰ গগৈ।

11. কলিয়াবৰৰ বান্দৰডুবিত মালবাহী ট্রাকত মৃতদেহ উদ্ধাৰ।
মেঘালয়ৰ পৰা নগাঁৱৰ চামগুৰিলৈ চিমেণ্ট লৈ গৈছিল ট্রাকখনত।
মৃতদেহটো ট্রাকখনৰ চালক নিকলাচ ধৰ ।

12. মৰিয়নিৰ NST তিনিআলিত ২৭ লাখৰো অধিক টকা জব্দ।
বিস্কুটৰ পেকেটত আনিছিল ধনখিনি।
জব্দ কৰে ফ্লাইং স্কোৱাডৰ দলে।
আৰক্ষীয়ে আটক কৰে সৰবৰাহকাৰী যুৱকক।

13. মণিপুৰত পুনৰ কংগ্ৰেছ প্ৰাৰ্থীৰ জনসভাত দুৰ্বৃত্তৰ গুলীচালনা৷
প্ৰাক্তন বিধায়ক আলফ্ৰেড কান্নাগাম আৰ্থুৰৰ সভাত সংঘটিত হয় গুলীচালনা৷
মণিপুৰৰ আউটাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আৰ্থুৰ৷

14. অৰবিন্দ কেজৰিৱালৰ গ্রেপ্তাৰৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত।
বিভিন্ন প্ৰান্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আপৰ নেতা-কৰ্মীয়ে।
কেন্দ্ৰীয় চৰকাৰ, EDৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ।

15. মুখ্যমন্ত্ৰীৰ পদ ত্যাগ নকৰে অৰবিন্দ কেজৰিৱালে।
প্ৰয়োজনত জে’লৰ পৰাই চলাব চৰকাৰ- মন্তব্য কেজৰিৱালৰ ।

16. গুৱাহাটীত হ’ব বিশ্বকাপ-২০২৬ৰ যোগ্যতা অৰ্জনকাৰী মেচ।
এছিয়া কাপ-২০২৭ৰ যোগ্যতা অৰ্জনকাৰী মেচো হ’ব গুৱাহাটীত।
২৬ মাৰ্চত সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মেচখন।
কোৱালিফায়াৰ মেচত ভাৰতীয় দলৰ মুখামুখি হ’ব আফগানিস্তান।

17. ‘বিজেপিক ভোট নিদিলে বিদেশী হ’ব মুছলমান মহিলা।
বিজেপিক ভোট নিদিলে বিদেশী হৈ দৌৰিব লাগিব মুছলমান মহিলা’।
নিৰ্বাচনী সভাত এই মন্তব্য ৰমাকান্ত দেউৰীৰ।

18. অৰুণাচলৰ ফিনবেৰুৰ কয়লা খনিৰ পৰা অপহৃত শ্রমিকক মুকলি।
অৰুণাচলৰ লংকাৰ লুভিববস্তিৰ ভাৰত-ম্যানমাৰ সীমান্তত মুকলি কৰা হয়।
শ্রমিককেইজন চন্দন নাৰ্জাৰী, লেখক বৰা, জ্ঞান থাপা।
উগ্ৰপন্থী সংগঠনে ১৮ ফেব্ৰুৱাৰীত অপহৰণ কৰিছিল তিনিও জনকে।

19. আমি ‘কা’ নামানো।
অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিকৰ সমস্যা সমাধান হ’ব লাগিব”- মন্তব্য আছুৰ সভাপতি উৎপল শৰ্মাৰ।

20. কেজৰিৱালক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাবলৈ দিল্লী HCত PIL।
সুৰজিত সিং যাদৱ নামৰ এগৰাকী ব্যক্তিয়ে দাখিল কৰে PIL।
ED য়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই আবেদন।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *