Gaurav Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 23 March 2024:-

1. দুদিনীয়া কাৰ্যসূচীৰে ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
থিম্ফুত গিয়াল্টচুৱেন জেটচুন পেমা ৱাংচুক মাডাৰ এণ্ড চাইল্ড হাস্পতাল উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
ভাৰত চৰকাৰৰ অনুদানেৰে নিৰ্মাণ কৰা হৈছে চিকিৎসালয়খন।

2. ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ অভিযান।
বৈৰাগীমঠৰ টাই শৈক্ষিক আৰু সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হয় বিশেষ বৈঠক।
উপস্থিত থাকে আহোম সভাৰ বিষয়ববীয়াৰ লগতে বহু গণ্য মান্য ব্যক্তি।

3. নিৰ্বাচনী প্ৰচাৰত প্ৰথমখন হেলিকপ্টাৰ উৰুৱালে বিজেপিয়ে।
হেলিকপ্টাৰে গুৱাহাটীৰ পৰা ডিফুত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা।
এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে সভাপতি গৰাকীয়ে।

4. শিৱসাগৰ আমগুৰিত বিজেপিৰ যোগদান কাৰ্যসূচী।
মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত প্ৰায় ১ হাজাৰ লোকে বিজেপিত যোগদান কৰে।

5. যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ।
নাজিৰা বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত প্ৰচাৰ চলায় সাংসদগৰাকীয়ে।
লগতে মেছাগড়ৰ মাধৱ মন্দিৰত আশিস গ্ৰহণ কৰে গগৈয়ে।

6. লখিমপুৰত গ্ৰেপ্তাৰ হয় লাট মণ্ডল মদন হাজৰিকা।
জালিয়াতিৰে মাটি নামজাৰি কৰিছিল লাট মণ্ডল গৰাকীয়ে।
যোৰহাট মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত চলি আছিল গোচৰ।

7. ২৬ মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব লখিমপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই।
এই কথা জনাই সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই।

8. তিতাবৰত বিজেপিৰ ‘যুৱ ৰণডংকা’ শীৰ্ষক কাৰ্যসূচী।
যোৰহাট সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ।
উপস্থিত থাকে মন্ত্ৰী পীযুষ হাজৰিকা, বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বহু গণ্য মান্য ব্যক্তি।

9. টিংখঙত বিজেপিৰ বিশাল যোগদান সভা।
মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিজেপিত যোগদান কৰে বিভিন্ন দল-সংগঠনৰ সহস্ৰাধিক নেতা-কৰ্মীয়ে।

10. আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথক বিজেপিৰ অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।

11. ৰাছিয়াৰ মস্কোত ISISৰ ভয়ংকৰ আক্ৰমণ।
বিস্ফোৰণত ৬০ জন লোক নিহত হয় আৰু ১৪৫গৰাকীৰো অধিক লোক আহত হয়।
কনচাৰ্ট হলত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

12. গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ফুটবল দল।
অসম ফুটবল সন্থাই উষ্ম আদৰণি জনায় দলটোক।
২৬ মাৰ্চত সৰুসজাইত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ, AFC এছিয়া কাপৰ যোগ্যতা নিৰ্ণায়কৰ মেচ।

13. ডিব্ৰুগড়ত লুৰিণজ্যোতি গগৈক ভোট দিবলৈ আহ্বান বিধায়ক অখিল গগৈৰ।

“ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালক জয়ী কৰাই কিবা লাভ আছে নেকি।
নিজৰ মুখ্যমন্ত্রীৰ আসন ৰক্ষা কৰিব নোৱাৰা মানুহজনে উজানি অসমক কেনেকৈ ৰক্ষা কৰিব।
হিমন্তই তেওঁক এক লাঠ দি গাদীৰ পৰা আতৰালে।
সৰ্বানন্দৰ ভদ্রতাই অসমৰ মানুহক একো দিব পৰা নাই”- মন্তব্য অখিল গগৈৰ।

14. ২৯ মাৰ্চত ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি ‘ইতি তোমাৰ’।
আজি জ্যোতিচিত্ৰবনত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।
ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, দৰথি ভৰদ্বাজ, মনীষা হাজৰিকা আদিয়ে।

15. জাগীৰোডৰ সোণাইকুছিৰ বনাঞ্চলত বন্যহস্তীৰ মৃত্যু।
পাহাৰৰ পৰা পিছলি বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হোৱাৰ সন্দেহ কৰা হয়।

16. ধুবুৰীৰ গাজীছিংগাৰখুটিত আৰক্ষীৰ অভিযান।
৯৬টা কণ্টেইনাৰত ১২১.৮২ গ্রাম হেৰ’ইন জব্দ কৰা হয়।
অভিযানত ড্রাগছসহ এটা সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।

17. ধেমাজি আৰক্ষীৰ জালত গাড়ীসহ দুই প্ৰৱঞ্চক।
২ প্ৰৱঞ্চকৰ জালত নৰোৱাথানৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী তৰুণ চন্দ্ৰ গগৈ।
তৰুণ চন্দ্ৰ গগৈক ভয় দেখুৱাই লুণ্ঠন কৰে ৩ লাখ ৬০ হাজাৰ টকা।

18. মহানগৰীত STFৰ জালত পৰে ৩ ড্ৰাগছ ব্যৱসায়ী।
ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন অমৰ প্ৰধান, বিষ্ণু দলৈ আৰু মানিক ৰাজবংশী।
ব্যৱসায়ী কেইজনৰ পৰা জব্দ কৰে ৫০টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ, নগদ প্ৰায় ৫ হাজাৰ টকাৰ লগতে তিনিটাকৈ মোবাইল।

19. হাউলীত তাণ্ডৱ চলোৱা উদণ্ড মেজিক চালকক আটক।
কৰ্তব্যৰত গৃহৰক্ষী বাহিনীৰ জোৱানক চোঁচৰাই নিছিল চালকজনে।
ঘটনাত গুৰুতৰভাৱে আহত হৈছিল জোৱান মফিজ উদ্দিন।
যান-বাহন নিয়ন্ত্রণ কৰি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা।

20. লামডিং-কাৰ্বি আংলং সীমান্তত ভয়ংকৰ ঘটনা।
বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা এজন যুৱকক।
ট্ৰেক্টৰ চালক বিক্ৰম সিংহৰ আক্ৰমণত নিহত হয় বিজয় ভূঞা।
বিক্ৰম সিংহৰ সৈতে দিন হাজিৰা কৰিছিল বিজয় ভূঞাই।
সন্ধিয়া মজুৰি আনিবলৈ যাওতে বিজয় ভূঞাক হত্যা কৰে ট্ৰেক্টৰ চালক গৰাকীয়ে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *