ড° বিৰিঞ্চি কুমাৰ বৰুৱা

বিশিষ্ট সাহিত্যিক, লোক-সংস্কৃতিৰ গৱেষক ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱনযাত্ৰাঃ

Spread the love

ড° বিৰিঞ্চি কুমাৰ বৰুৱাৰ জন্ম হৈছিল ১৯০৮ চনৰ ১০ নৱেম্বৰ তাৰিখে নগাঁও জিলাৰ পুৰণিগুদামৰ খৰঙীচুক অঞ্চলত।
পিতৃৰ নাম বিজয়ৰাম বৰুৱা আৰু মাতৃৰ নাম লীলাৱতী আছিল।

বৰুৱা একাধাৰে এগৰাকী শিক্ষাবিদ, লেখক, ঔপন্যাসিক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সংস্কৃতিৰ গৱেষক আছিল।

তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল নগাওঁ সদৰ মধ্য অসমীয়া বিদ্যালয়ত।
১৯২৮ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰা মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
তাৰ পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ ৰাওনা হয়।
বৰুৱাই ইডেন হোষ্টেলত থাকি কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যয়ন কৰিছিল।
প্ৰেচিডেন্সি কলেজৰ পৰাই তেওঁ ১৯৩০চনত প্ৰথম বিভাগত আই. এ পাছ কৰে।
১৯৩২ চনত পালি ভাষাত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ অনাৰ্ছ সহ বি.এ পাছ কৰে।
লগতে Ishan শিক্ষাবৃত্তি লাভ কৰে।
তেৱেঁই Ishan শিক্ষাবৃত্তি লাভ কৰা প্ৰথমগৰাকী অসমীয়া ছাত্ৰ আছিল।

১৯৩৬ চনত বিৰিঞ্চিকুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা বি.এল ডিগ্ৰীও লাভ কৰে।
১৯৪৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যায় আৰু তেওঁ ১৯৪৭ চনত “অসমৰ সাংস্কৃতিক ইতিহাস” বিষয়ত গৱেষণা কৰি লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।
পিছলৈ তেওঁৰ গৱেষণা গ্ৰন্থখনক “A Cultural History of Assam” নামেৰে প্ৰকাশ কৰে।

১৯৩৮ চনত বিৰিঞ্চি কুমাৰ বৰুৱাই কলিকতা বিশ্ববিদ্যালয়ত কিছুকাল অসমীয়া ভাষাৰ শিক্ষকতা কৰে আৰু সেই সময়তে বিশ্ববিদ্যালয়ৰ পাঠ্যপুথিৰ বাবে কেইবাখনো কিতাপ ৰচনা কৰিছিল।
তাৰ পিছতে অসমলৈ আহি কটন কলেজত অসমীয়া ভাষাৰ অধ্যাপক হিচাপে যোগদান কৰে।
১৯৪৮ চনৰ আশে-পাশে অসমত এখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে প্ৰস্তুতি চলাই।
সেই প্ৰস্তুতিক পূৰ্ণতা দিবলৈ গোপীনাথ বৰদলৈক সম্পাদক আৰু বিৰিঞ্চি কুমাৰ বৰুৱাক সহ-সম্পাদক হিচাপে এখন কমিটি গঠন কৰে।
১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
১৯৫০ চনৰ ১ ফেব্ৰুৱাৰীত ‘বিশ্ববিদ্যালয়ত শ্ৰেণীসমূহৰ সচিব’ হিচাপে যোগদান কৰে।
পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰি শেষত কলাগুৰু হিচাপে অৱসৰ গ্ৰহণ কৰে।

বৰুৱা দেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল।
সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহ’ৰ নিৰ্মাণ কৰা হয়।

তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰি থৈ গৈছে।
তেওঁৰ গ্ৰন্থ সমুহ হৈছে –

জীৱনৰ বাটত, সেউজী পাতৰ কাহিনী, পুৰণি অসমীয়া কথা সাহিত্য, চুইজাৰলেণ্ড ভ্ৰমণ,
এবেলাৰ নাট, বৈষ্ণৱ গুৰু শংকৰদেৱ, প্ৰফেচৰ বৰুৱাৰ চিঠি, ভাৰত বুৰঞ্জী, জাতকমালা, পট পৰিৱৰ্ত্তন, আঘোনী বাই, বৌদ্ধ ধৰ্ম আৰু সাহিত্য, দেশ বিদেশৰ সাধু,
অসমৰ সংস্কৃতিৰ ইতিহাস,
অসমীয়া কথা সাহিত্য, অসমীয়া ভাষা আৰু সাহিত্য, A Cultural History of Assam .

বৰুৱা দেৱে আৱাহন’, জয়ন্তী, সুৰভি, সাহিত্য সভা পত্ৰিকা, Journal of the Assam Research Society আদি আলোচনী আৰু গৱেষণামূলক পত্ৰিকাত প্ৰৱন্ধ-পাতি লিখা মেলা কৰিছিল।
তেওঁ ৰামধেনু আৰু দৈনিক নতুন অসমীয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল।
আনহাতে, অকণ আৰু সুৰভি নামৰ দুখন শিশু আলোচনীৰ সম্পাদক আছিল।
“Indian Film Censor Board”-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ “Indian Language Commission”-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল।
তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “Assam Academy for Cultural Relations”-ৰ প্ৰতিষ্ঠাপক আছিল,যাৰ মূল উদ্দেশ্য আছিল উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষা, জাতিৰ মাজত সমন্বয় প্ৰতিষ্ঠা কৰা।

১৯৬৪ চনত “অসমৰ লোক সংস্কৃতি” নামৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
এই গ্ৰন্থখনৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ কৰিছিল।

১৯৬১ চনত ভাৰত চৰকাৰে পঠোৱা সাংস্কৃতিক দলৰ সদস্য ৰূপে ৰাছিয়ালৈ যায়।
১৯৬৩ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰে।

১৯৬৪ চনৰ ৩০ মাৰ্চ তাৰিখে গুৱাহাটীত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে।

লোক-সংস্কৃতিৰ গৱেষক বৰুৱাদেৱৰ সাধনা আৰু অমূল্য সৃষ্টিৰাজীয়ে অসমীয়া ভাষা-সাহিত্যক প্ৰতিপল সম্ভ্ৰান্ত কৰি ৰাখিব।
লগতে নৱ-প্ৰজন্মক সদায় অনুপ্ৰেৰণা যোগাব।

প্ৰিয় পাঠক, এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *