গণিতজ্ঞ, ৰয়েল চছাইটিৰ ফেলোশ্বিপ সন্মান প্ৰাপ্ত প্ৰথম গৰাকী ভাৰতীয় শ্ৰী নিবাস ৰামানুজনৰ জীৱনযাত্ৰাঃ
ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম হৈছিল ১৮৮৭ চনৰ ২২ ডিচেম্বৰত দক্ষিণ ভাৰতৰ তাঞ্জোৰ জিলাৰ আৰোপ চহৰৰ এটা দৰিদ্ৰ ব্ৰাহ্মণ পৰিয়ালত।
ৰামানুজনৰ সম্পূৰ্ণ নাম শ্ৰী নিবাস ৰামানুজন আয়্যাংগাৰ আছিল।
তেখেতে প্ৰাৰ্থমিক শিক্ষা গ্ৰহণ কৰিছিল ১৮৯২ চনত পাঁচ বছৰ বয়সত স্থানীয় প্ৰাইমাৰী বিদ্যালয়ত।
১৮৯৪ চনত কুম্ভকোনামৰ টাউন হাইস্কুলত নামভৰ্তি কৰে।
১৮৯৭ চনত তেওঁ প্ৰাইমাৰী স্কুলৰ পৰীক্ষাত তাঞ্জোৰ জিলাৰ ভিতৰত কৃতী ছাত্ৰ আৰু ছাত্ৰীৰ মাজত সৰ্বোচ্চ স্থান লাভ কৰে।
পৰীক্ষাৰ ভাল ফলাফলৰ বাবে স্কুল কৰ্তৃপক্ষই তেওঁৰ বিদ্যালয়ৰ মাছুল আধা লৈছিল।
সৰুৰে পৰাই ৰামানুজন শান্ত আৰু চিন্তাশীল ব্যক্তি আছিল।
গণিত আৰু সংস্কৃত- এই দুটা বিষয়ৰ প্ৰতি ৰামানুজনৰ যথেষ্ট আগ্ৰহ আছিল।
১৯০৩ চনত ষোল্ল বছৰ বয়সত তেওঁ কুম্ভকোনাম চৰকাৰী কলেজত পঢ়ি সুবাহ্মন্যম বৃত্তি লাভ কৰে।
তেওঁৰ অঙ্কৰ প্ৰতি ধাউতি বাঢ়ি যায় আৰু কেৱল গণিত চৰ্চাতেই সময় কটাবলৈ ধৰে।
প্ৰথম বাৰ্ষিকৰ পৰীক্ষাত কেৱল গণিতৰ বাহিৰে আন প্ৰায়বোৰ বিষয়তে তেওঁ অকৃতকাৰ্য্য হয় আৰু দ্বিতীয় বাৰ্ষিকলৈ উন্নীত হ’ব নোৱাৰাৰ বাবে তেওঁ জলপানি হেৰুৱাব লগা হয় আৰু ইয়াৰ লগে লগে অৰ্থৰ অভাৱত কলেজীয়া শিক্ষা বাদ দিব লগা হয়।
তাৰ পিছতে চাকৰিৰ অনুসন্ধানত ভিজিগাপট্টম, মাদ্ৰাজ আদি ঠাই ঘূৰি ৰামানুজন ১৯০৬ চনত পুনৰ কুম্ভাকোনামত উপস্থিত হয়।
১৯০৭ চনত কলেজত ভৰ্তি নোহোৱাকৈ এফ এ পৰীক্ষাত বহে যদিও অকৃতকাৰ্য্য হয়।
তাৰ পিছত তেওঁ পৰীক্ষা দিয়াৰ আশা প্ৰত্যাহাৰ কৰিলে কিন্তু অঙ্কশাস্ত্ৰৰ প্ৰতি ধাউতি তেওঁৰ অলপো নকমিল।
গভীৰ অৰ্থ সংকটত পৰি পেটৰ ভোকত বহু নিশালৈ তেওঁ উজাগৰে কটাবলগীয়া হোৱা সময়তো তেওঁৰ মনে বিচাৰি ফুৰে গণিতৰ একোটা সূত্ৰৰ সমাধান।
সেই আৰ্থিক অনাটন আৰু তাৰ পৰা উদ্ভৱ হ’ব পৰা সকলো সমস্যাৰ মাজতো তেওঁ নিজৰ অধ্যয়ন অব্যাহত ৰাখে।
১৯০৯ চনত তেখেত জানকী অম্মলৰ লগত বিবাহপাশত আবদ্ধ হয়।
তাৰ পিছতো চাকৰিৰ বাবে চেষ্টা কৰে।
সেই সময়তে তেওঁ ভাৰতীয় গণিত সমাজৰ প্ৰতিষ্ঠাতা ভি.ৰামস্বামী আয়াৰৰ সংস্পৰ্শলৈ আহে।
ৰামানুজনে নিজৰ আশা-আকাঙ্ক্ষাৰ কথা সকলো বিৱৰি কৈ এটা কেৰাণীৰ চাকৰিৰ বাবে আবেদন কৰে।
ৰামস্বামী আয়াৰে ৰামানুজনৰ কথা-বতৰা শুনি, তেওঁৰ টোকাবহী চাই তেওঁৰ প্ৰতিভাৰ আভাস পালে।
সেয়ে তেওঁ কুম্ভকোনম গৰ্ভমেণ্ট কলেজৰ প্ৰিন্সিপাল পি ভি চেণ্ড আয়াৰ আৰু নেলোৰৰ জিলা প্ৰশাসক দেৱান বাহাদুৰ ৰামচন্দ্ৰৰ ৰাওৰ ওচৰলৈ ৰামানুজনক পঠাই দিয়ে।
তেওঁলোক দুজনে লগ লাগি ৰামানুজনক মাদ্ৰাজলৈ পঢ়িবলৈ পঠাই আৰু বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ ধৰে যদিও বৃত্তি নোপোৱালৈকে মাদ্ৰাজত থকা-খোৱাৰ খৰচ দেৱান ৰায়বাহাদুৰে বহন কৰিছিল।
অৱশেষত ১৯১২ চনৰ ৯ ফেব্ৰুৱাৰীত মাদ্ৰাছ পৰ্ট ট্ৰাষ্টৰ অফিচত মাহে ত্ৰিশ টকা দৰমহাৰ এটা চাকৰি লাভ কৰে।
১৯১২ চনত এখন আলোচনীত ৰামানুজনৰ দুটা প্ৰবন্ধ প্ৰকাশ হয়।
১৯১৩ চনত চেণ্ড আয়াৰ দেৱ আৰু অইন কেইজনমানৰ সহায়ত বিলাতৰ কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক প্ৰফেচৰ জি. এইচ. হাৰ্ডিৰ লগত চিঠি-পত্ৰৰ যোগাযোগ আৰম্ভ কৰে।
প্ৰফেচৰ হাৰ্ডিলৈ লিখা প্ৰথমখন চিঠিত ৰামানুজনে এশতকৈও অধিক নিজে গঢ়া অঙ্কশাস্ত্ৰৰ সূত্ৰৰ আভাস দিয়ে আৰু ভৱিষ্যতে পঢ়া-শুনা কৰিবলৈ আৰ্থিক অনাটনৰ বাবে ব্ৰিটিছ গৰ্ভমেণ্ট বা মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনায়।
প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনৰ বুদ্ধি-বৃত্তিৰ উমান পাই ভাৰতত থকাতকৈ কেমব্ৰিজলৈ আনি পঢ়োৱাৰ কথা চিন্তা কৰে আৰু পৰামৰ্শ দিয়ে।
ৰামানুজন আছিল দক্ষিণ ভাৰতীয় সাত্বিক আৰু গোড়া ব্ৰাহ্মণ, সমুদ্ৰ যাত্ৰা তেওঁৰ শাস্ত্ৰবিৰুদ্ধ।
জাত যোৱাৰ ভয়ত ৰামানুজনে হাৰ্ডিৰ পৰামৰ্শ আৰু সাহায্য মানি ল’বলৈ অমান্তি হয়।
কিন্তু প্ৰফেচৰ হাৰ্ডিয়ে চেষ্টা এৰি নিদিলে।
ইফালে ভাৰতীয় বতৰ বিজ্ঞান সংস্থাৰ মুৰব্বী ডা০ জি টি ওৱালকাৰ, এফ্ আৰ্ এচ্ আৰু মাদ্ৰাছ পৰ্ট ট্ৰাষ্ট অফিচৰ চেয়াৰমেন ফ্ৰেন্সিচ স্পিঙে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা মাহে ৭৫ টকাকৈ বৃত্তি এটা দুবছৰৰ বাবে দিয়াৰ ব্যৱস্থা কৰে।
১৯১৩ চনৰ ১ মাৰ্চত ৰামানুজনে কেৰাণী চাকৰি এৰি মাদ্ৰাছ বিশ্ববিদ্যালয়ত গৱেষণা আৰম্ভ কৰে।
প্ৰফেচৰ হাৰ্ডিয়ে ৰামানুজনক কেমব্ৰিজলৈ নিবলৈ চেষ্টা এৰা নাছিল।
১৯১৪ চনত মাদ্ৰাছ বিশ্ববিদ্যালয়ে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেইজনমান গৱেষণাকাৰীক অঙ্কশাস্ত্ৰত বক্তৃতা প্ৰদান কৰিবলৈ আহ্বান কৰিছিল আৰু মিঃ নেভিলে তাত সন্মতি জনাইছিল।
প্ৰফেচৰ হাৰ্ডিয়ে নেভিল মাদ্ৰাছলৈ যাব বুলি জানিব পাৰি ৰামানুজনক বুজাই-বঢ়াই কেমব্ৰিজলৈ আনিবলৈ অনুৰোধ জনায় আৰু নেভিলে ৰামানুজনক যাবলৈ মান্তি কৰোৱায়।
তেতিয়াও আৰ্থিক অভাৱে দেখা দিয়াত মাদ্ৰাছ প্ৰেছিডেন্সী কলেজৰ অঙ্কশাস্ত্ৰৰ অধ্যাপক মিঃ লিটলহেলচ্ আৰু মিঃ নেভিলে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা বছৰি ২৫০ পাউণ্ড পোৱাকৈ ৰামানুজনক বৃত্তি এটা দিয়াৰ ব্যৱস্থা কৰে।
লগতে বিলাতলৈ জাহাজত বিনা খৰচত যোৱাৰো ব্যৱস্থা কৰে।
১৯১৪ চনৰ মাৰ্চ মাহত ৰামানুজনে বিলাত অভিমুখে যাত্ৰা কৰে।
তাত কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ ত্ৰিনিটি কলেজত ভৰি দিয়ে।
থকা-খোৱাৰ চিন্তাৰ পৰা মুক্ত হৈ ৰামানুজনে পূৰ্ণোদ্যমে গৱেষণাত বহে।
তেওঁৰ লগত প্ৰফেচৰ হাৰ্ডি আৰু প্ৰফেচৰ লিটলউদ আছিল।
তেওঁলোকে ৰামানুজনৰ প্ৰবন্ধসমূহ ইংৰাজী আলোচনীৰ যোগেদি প্ৰকাশ কৰিবলৈ ধৰে।
সকলোফালে ৰামানুজনে কামৰ প্ৰশংসা লাভ কৰে।
৩১ বছৰ বয়সত ১৯১৮ চনৰ ফেব্ৰুৱাৰীত ৰামানুজনক ৰয়েল চছাইটিৰ ফেলোশ্বিপ প্ৰদান কৰা হয়।
সেই সন্মানেৰে সন্মানিত ৰামানুজনেই প্ৰথম ভাৰতীয়।
সেই একে বছৰতে, গণিতশাস্ত্ৰলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে তেওঁক কেমব্ৰিজৰ ত্ৰিনিটি কলেজৰ ফেলো হিচাপে সন্মানিত কৰা হয়।
পৰিশ্ৰমৰ ফল পালেও ৰামানুজনৰ শৰীৰ দুৰ্বল হৈ আহিছিল আৰু ১৯১৭ চনত কিছুদিন তেওঁ কেমব্ৰিজৰ নাৰ্ছিংহোমত থাকিবলগীয়া হয়।
১৯১৯ চনৰ ২৭ ফেব্ৰুৱাৰীত ৰামানুজন ভাৰত অভিমুখে ৰাওনা হয় আৰু এপ্ৰিলৰ দুই তাৰিখে মাদ্ৰাছ পায়হি।
সমুদ্ৰ যাত্ৰাই আৰু ভাৰতৰ জলবায়ুয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাই।
১৯২০ চনৰ ২৬ এপ্ৰিল তাৰিখে মাদ্ৰাছৰ উপকণ্ঠ ছেঠপুৰত ৩৩ বছৰ বয়সত ৰামানুজন মৃত্যু হয়।
তেখেতৰ কৰ্মৰাজী, সাহস আৰু ত্যাগে প্ৰতি গৰাকী ভাৰতীয়ক সদায় অনুপ্ৰেৰণা যোগাব।
প্ৰিয় পাঠক, এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব Rnewsindia24.com
Sangita Dutta Editor in Chief Rnewsindia24.com