Mallikarjun Kharge

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 27 April 2024:-

১/ ৰাজ্যত আৰম্ভ হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ।
বৰপেটাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সৰ্থেবাৰীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষন চৌধুৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে।

২/ বৰপেটাত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভা।
উক্ত সভাত উপস্থিত থাকে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কংগ্ৰেছৰ বহু গণ্য মান্য ব্যক্তি।

৩/ ২৯ এপ্ৰিলত মহানগৰীত ৰোড শ্ব’ত অংশ ল’ব অমিত শ্বাহে।
চাইকেল ফেক্টৰীৰ পৰা লালগণেশ লৈ হ’ব ৰোড শ্ব’।

৪/ কোকৰাঝাৰৰ মানাহত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাৰ।
UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই।

৫/ ১৫ মে’ত অন্ত পৰিব কাজিৰঙাৰ পৰ্যটন বৰ্ষ৷
১ মে’ৰ পৰা কাজিৰঙাত বন্ধ হ’ব হাতী ছাফাৰী।

৬/ পৰ্বতঝোৰাত হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী প্ৰচাৰ।
কোকৰাঝাৰৰ BPF প্ৰাৰ্থী খাম্ফা বৰগয়াৰীৰ হৈ প্ৰচাৰ চলাই হাগ্ৰামা মহিলাৰীয়ে।

৭/ আঘাতপ্ৰাপ্ত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷
হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে মুখ্যমন্ত্ৰীগৰাকী৷
বাগদোগৰা বিমানবন্দৰত সংঘটিত হয় এই ঘটনা৷

৮/ দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ।
চেন্নাইৰ এপ’ল’ হাস্পতালত চিকিৎসাধীন হৈ আছে বিধায়কজন।
ইউৰিনৰ সমস্যাত ভুগি আছে বিধায়ক গৰাকী।

৯/ গুৱাহাটীৰ মালিগাঁৱত বিজেপিৰ বিজয় সংকল্প সমাৰোহ।
সংকল্প সমাৰোহত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বহু দল সংগঠনৰ বিষয়ববীয়াৰ লগতে মালিগাঁৱ বাসী ৰাইজ।

১০/ গুৱাহাটীত বিজুলী কলিতাৰ হৈ প্ৰচাৰ অভিযান।
অভিযানত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে আৰু বহু বিজেপিৰ নেতা কৰ্মীয়ে।

১১/ তিতাবৰৰ টাইৰুণ চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰৰ পিছফালে ফুটুকানিত কান্দি থকা অৱস্থাত উদ্ধাৰ নৱজাতক।
কলংক ঢাকিবলৈয়ে কোনো লোকে শিশুটি পেলাই দিয়াৰ সন্দেহ।
ল’ৰাশিশুটি JMCHলৈ প্ৰেৰণ কৰে বান্দৰচলিয়া আৰক্ষীয়ে।

১২/ অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত আপৰ প্ৰতিবাদ।
দিল্লীত ‘জে’ল কা জবাব ভোট চে’ শীৰ্ষক কাৰ্যসূচী।
বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আপৰ দলীয় কৰ্মীসকলে।

১৩/ গুৱাহাটীৰ গড়চুকত বিজেপিৰ সংকল্প সমাৰোহ।
উক্ত সমাৰোহত বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী যোগেন মহনে।

১৪/ সোণাপুৰৰ ডিমৰীয়াত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিশাল বাইক ৰেলী।
গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই।

১৫/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুপস্থিতিত নিৰ্বাচনী প্ৰচাৰ পত্নী সুনীতা কেজৰিৱালৰ।
পূব দিল্লীত বিশাল ৰোড শ্ব’ত অংশগ্ৰহন কৰে সুনীতা কেজৰিৱালে।

১৬/ মণিপুৰত কুকি উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ অসমৰ জোৱান।
ছহিদ বৰপেটাৰ CRPF জোৱান নাছিৰ সৰকাৰ।
বনবাৰীয়া ভেল্লাৰ বাসিন্দা আছিল ছহিদ এন সৰকাৰ।

১৭/ পিচ ৱেলনেছ ফাউণ্ডেশ্যনৰ কেয়াৰ টেকাৰক গ্ৰেপ্তাৰ।
দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কেয়াৰ টেকাৰটোক।
ৰোগীক মাৰপিট কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

১৮/ গোলকগঞ্জ আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা,
সিদ্ধি বিশ্বাস নামৰ এজনক আটক কৰে আৰক্ষীয়ে।

১৯/ ঢেকীয়াজুলিৰ ধীৰাইমাজুলীত বন্যহস্তীৰ আক্ৰমণত ৩ জন লোকৰ মৃত্যু হয়।
হাতীৰ আক্ৰমণত মৃত্যু হোৱা ৩ জনৰ ভিতৰত দুজন বনকৰ্মী।
আমাৰিবাৰী বনাঞ্চলিক কাৰ্যালয়ত কৰ্মৰত আছিল দুয়োজন।

২০/ মহানগৰীত অস্ত্ৰধাৰী যুৱকৰ সন্ত্ৰাস।
চানমাৰি আৰক্ষীৰ জালত পৰে ২ অস্ত্ৰ সৰবৰাহকাৰী।
AS-06AL-5010 আৰ্টিকা বাহনৰ পৰা উদ্ধাৰ কৰা হয় মাৰণাস্ত্ৰ।
আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে 7.65 পিষ্টলৰ গুলী।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *