Amit Shah

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 30 April 2024:-

১/ ৭ মে’ত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন৷
গুৱাহাটী সমষ্টিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷
ৰাজগড় বিহুতলীত বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

২/ গুৱাহাটীত উপস্থিত হয় অমিত শ্বাহ।
বাজপেয়ী ভৱনত সংবাদমেল সম্বোধন কৰে অমিত শ্বাহে।
সংবাদমেলত “দুটা পৰ্যায়ৰ নিৰ্বাচনত আমি ১০০ৰো অধিক আসন পাম” বুলি মন্তব্য আগবঢ়ায়।

৩/ বিজনীৰ পালেংবাৰীত মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
কোকৰাঝাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

৪/ বৰপেটা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ দাস, বিধায়ক পৃথ্বীৰাজ ৰাভৰ লগতে বহু দল সংগঠনৰ বিষয়ববীয়া।

৫/ বাক্সাৰ থমনাত কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ।
নিৰ্বাচনত বিজেপিয়ে 12+ আসন পাব বুলি দাবী জনাই সোণোৱালে।

৬/ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত হাতী, জীপ ছাফাৰী বন্ধ।
১৫ মে’ৰ পৰা বলৱৎ হ’ব এই নিৰ্দেশনা।
পৰ্যটকৰ বাবে বন্ধ থাকিব হাতী আৰু জীপ ছাফাৰী।

৭/ দেৱেন্দ্ৰ যাদৱক দিল্লী কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয়।
অৰবিন্দৰ সিং লাভলীৰ দলত্যাগৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছে।

৮/ অৰুণাচলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নাবাম টুকিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

৯/ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ছমৰীয়াৰ সোণতলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

১০/ T20 ক্ৰিকেট বিশ্বকাপৰ বাবে ভাৰতৰ দল ঘোষণা।
পুনৰ ৰোহিত শৰ্মাক ভাৰতীয় দলৰ নেতৃত্ব আৰু হাৰ্দিক পাণ্ডিয়াক সহ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হয়।
লগতে দলটোত আছে যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, সঞ্জু ছেমছন, শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, য়ুজবেন্দ্ৰ চহল , অৰ্শ্বদীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ।
অতিৰিক্ত হিচাপে ৰখা হয় শুভমন গিল, ৰিংকু সিং, খলিল আহমেদ, আৱেশ খান।

১১/ হাটশিঙিমাৰীত কংগ্ৰেছৰ যোগদান কাৰ্যসূচী।
AIUDF দল ত্যাগ কৰি প্ৰায় ৩ শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে।

১২/ ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদীৰে নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষ৷
সংঘৰ্ষত ৯জন লোকৰ মৃত্যু হয়।
সংঘৰ্ষস্থলীৰ পৰা AK47কে ধৰি বুজন পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ কৰা হয়।

১৩/ আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু বাষিকী।
অসমীয়া ভাষাৰ জনকগৰাকীৰ সোঁৱৰণত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে স্মৃতি দিৱস উদযাপন কৰে।

১৪/ আজিৰে পৰা পুনৰ আৰম্ভ হয় গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱা বাবে বিগত দুদিন বন্ধ হৈ আছিল ফেৰীসেৱা।

১৫/ ভাৰতীয় নৌসেনাৰ নতুন মুৰব্বীৰূপে দায়িত্ব গ্ৰহণ দিনেশ ত্ৰিপাঠীৰ।
দিল্লীৰ ৰাষ্ট্ৰী যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰি দায়িত্বভাৰ গ্ৰহণ কৰে মুৰব্বীগৰাকীয়ে।

১৬/ অমিত শ্বাহৰ ভুৱা ভিডিঅ’ ভাইৰেল কৰি গ্ৰেপ্তাৰ কংগ্ৰেছৰ সদস্য।
গুৱাহাটীত গ্ৰেপ্তাৰ কৰে কংগ্ৰেছ ৱাৰ ৰূমৰ সদস্য ৰিতম সিঙক।
পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সিঙক।

১৭/ বৈঠালাংছ’ৰ বৰপানী নৈত অঘটন৷
গা ধুবলৈ গৈ নৈত বুৰ যায় বায়েক-ভনীয়েক৷
ৰাইজৰ অভিযানত উদ্ধাৰ কৰে কনিষ্ঠ ভগ্নী সংগীতা চেত্ৰীৰ মৃতদেহ আৰু সন্ধানহীন সুস্মিতা চেত্ৰী৷

১৮/ ডিব্ৰুগড়ত ডায়েৰীয়াত আক্ৰান্ত হৈ দুজনৰ মৃত্যু৷
ডায়েৰীয়াত আক্ৰান্ত হৈ মৃত্যু হয় মাখনী বাউৰী, ৰাহুল বাউৰী।
AMCH ত চিকিৎসাধীন আন ৪ জন লোক।

১৯/ বৰপেটাৰ মন্দিয়াত পথ নিৰ্মাণৰ দাবী ৰাইজৰ প্ৰতিবাদ।
NO ROAD, NO VOTE শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে।
হাতে হাতে প্লেকাৰ্ড লৈ সমদল উলিয়ায়।

২০/ দক্ষিণ আমেৰিকাৰ দেশ পেৰুত ভয়ংকৰ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই নৈত পৰে যাত্ৰীবাহী বাছ।
৬৫০ ফুটত তলত পৰে যাত্ৰীবাহী বাছখন।
দুৰ্ঘটনাত ২৫ গৰাকী লোকৰ মৃত্যু হয়।
১৩গৰাকী যাত্ৰী আহত হয়।
বাছখনত আছিল মুঠ ৫০ গৰাকী যাত্ৰী।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *