Priyanka Gandhi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 1 May 2024:-

১/ ৰাম মন্দিৰ দৰ্শনৰ বাবে অযোধ্যাত উপস্থিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ।
সৰযু নদী দৰ্শনৰ লগতে পূজা-অৰ্চনা আগবঢ়াই ৰাষ্ট্ৰপতি গৰাকীয়ে।

২/ ধুবুৰীৰ বালাজানৰ নিৰ্বাচনী সভাত উপস্থিত প্ৰিয়ংকা গান্ধী।
ধুবুৰীৰ কংগ্রেছ প্রাৰ্থী ৰকিবুল হুছেইনৰ হৈ প্রচাৰ চলাই।
বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্রেছ নেত্রীগৰাকীয়ে।

৩/ বাক্সাৰ নিকাচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।
উক্ত সভাত উপস্থিত থাকে BTRৰ প্ৰধান প্ৰমোদ বড়ো, বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বহু দ’ল সংগঠনৰ বিষয়ববীয়া আৰু বাক্সাবাসী ৰাইজ।

৪/ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আজি মৃত্যু বাৰ্ষিকী।
দোতমাৰ থুলুংগাপুৰিত ৩৪ সংখ্যক মৃত্যু দিৱস পালন কৰে।
এবছুৰ উদ্যোগত পালন কৰা হয় মৃত্যু দিৱস।

৫/ বকো-ছয়গাঁও বিধানসভা সমষ্টিৰ ছমৰীয়া সত্ৰত বিজেপিৰ বিজয় সংকল্প সমাৱেশ।
সমাৱেশত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ নেতা কৰ্মী।
গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই।

৬/ ১১ দিনৰ পাছত নিৰ্বাচন আয়োগে প্ৰকাশ কৰে প্ৰথম পৰ্যায় আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটৰ হাৰ।
প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ ৬৬.১৪ শতাংশ।
দ্বিতীয় পৰ্যায়ত ভোটদানৰ হাৰ ৬৬.৭১ শতাংশ।

৭/ ইউক্ৰেইনৰ ওডেছাত ৰাছিয়াৰ মিছাইল আক্ৰমণ।
আক্ৰমণত 5জন নিহিত হয় আৰু 30 গৰাকী আহত হয়।
আহতসকলৰ ভিতৰত আছে দুটি শিশু, এগৰাকী গৰ্ভৱতী মহিলা।
লগতে 20 টাকৈ বাসগৃহ ধ্বংস হয়।

৮/ বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ।
ঢালিগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই।

৯/ সোণাপুৰৰ ডিমৰীয়াত ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী গৰাকীয়ে।

১০/ বিজেপিত যোগদান কৰে ‘অনুপমা’ খ্যাত অভিনেত্ৰী ৰূপালী গাংগুলীয়ে।

১১/ গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মাৰাথন প্ৰচাৰ অভিযান।
মীৰা বৰঠাকুৰক সংগ দিয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

১২/ অহাবৰ্ষত গুৱাহাটীত হ’ব বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বীপ।
বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ সভাত গ্ৰহণ কৰে এই সিদ্ধান্ত।

১৩/ মৰাণৰ খোৱাঙৰ BSF জোৱানৰ মৃত্যু৷
কৰ্মস্থলীতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় BSF জোৱানজনৰ।

১৪/ দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ দিল্লীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক নীৰজ বাছোয়া, নাছেব সিঙৰ।
আম আদমী পাৰ্টিৰ সৈতে দলৰ মিত্ৰতাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।

১৫/ হাৰ্দিক পাণ্ডিয়ালৈ ২৪ লাখ টকাৰ জৰিমনা।
LSGৰ বিৰুদ্ধে মেচখনৰ ৰোহিত শৰ্মাসহ MIৰ মূল একাদশকো জৰিমনা IPL কৰ্তৃপক্ষৰ।
৬ লাখ টকা অথবা ২৫% মেচ ফী কৰ্তন হ’ব MIৰ মূল একাদশৰ।

১৬/ নিৰ্বাচনৰ মাজতে হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য।
প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১৯ টকাকৈ হ্ৰাস।
আজিৰে পৰা প্ৰযোজ্য হ’ব বাণিজ্যিক চিলিণ্ডাৰৰ নতুন নিৰিখ।

১৭/ বঙাইগাঁৱৰ কাকৈজানাত দুৰ্ঘটনাত নিহত আৰক্ষী বিষয়া।
XUV বাহনেৰে গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয়।
চিকিৎসালয়লৈ লৈ যোৱাৰ পথতে মৃত্যু হয় ASI ভূপেন ৰায়।

১৮/ হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ।
EDৰ জালত পৰে বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ।
মানী লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ হয় সিকন্দৰ সিং চোকাৰ।

১৯/ ৩ মে’ত ৰায়বেৰেলী আৰু আমেথিত মনোনয়ন দাখিলৰ অন্তিম দিন।
কংগ্ৰেছে প্ৰকাশ কৰিব পৰা নাই প্ৰাৰ্থীৰ নাম।
আমেথি, ৰায়বেৰেলীত কংগ্ৰেছে কাক প্ৰক্ষেপ কৰিব তাক লৈ এতিয়া ব্যাপক চৰ্চা চলিচে।

২০/ বিলাসীপাৰাত অবৈধ মাৰণাস্ত্ৰ জব্দ।
সাপটগ্ৰাম আৰক্ষীৰ অভিযানত জব্দ কৰে 7.65 mm পিষ্টল, ৪ জাঁই গুলী, দুটা মেগজিন।
আটক কৰে ৩ যুৱক।
ধৃত ৰিয়াজুল শ্বেখ, আবুবক্কৰ ছিদ্দিক, শাকিল হায়দাৰ।

 

 

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *