Gaurav Gogoi

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 2 May 2024:-

১/ গ্ৰীণ অস্কাৰ গ’ল্ড সন্মান ড০ পূর্ণিমা দেৱী বর্মনলৈ।
দুষ্প্ৰাপ্য হাড়গিলাৰ সংৰক্ষণৰ বাবে কৰি অহা অহোপুৰুষার্থৰ স্বীকৃতি স্বৰূপে এই আন্তঃৰাষ্ট্ৰীয় সন্মান আগবঢ়োৱা হয়।
উল্লেখ্য যে ২০১৭ বর্ষতো পূর্ণিমা দেৱী বৰ্মণে লাভ কৰিছিল এই সন্মান।

২/ ধুবুৰী লোকসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ।
গোলকগঞ্জত বিশাল জনসভাক সম্বোধন কৰে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

৩/ ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মনোনয়ন দাখিল।
কান্তাবাঞ্জি, হিঞ্জিলি বিধানসভা সমষ্টিৰ বাবে দাখিল কৰে মনোনয়ন।

৪/ ৭ মে’ত ৰাজ্যৰ ৪টা সমষ্টিত ভোটগ্ৰহণ৷
হেঙেৰাবাৰী, কুমাৰপাৰা, বৰবাৰীত মন্ত্ৰী যোগেন মহনৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

৫/ বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত প্ৰচাৰ অভিযান।
বৰপেটা যুৱ মৰ্চাৰ উদ্যোগত বৰপেটা চহৰত বিশাল ৰোড শ্ব’।
ৰোড শ্ব’ত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

৬/ ৪ মে’ পৰ্যন্ত বন্ধ থাকিব ডিমা হাছাওৰ সকলো শিক্ষানুষ্ঠান।
প্ৰবল বৃষ্টিপাতৰ বাবে এই নিৰ্দেশনা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ।

৭/ দুধনৈৰ লালাবৰীত বিজেপিৰ বিজয় সংকল্প সমাৱেশ।
উক্ত সমাৱেশত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
বিজেপি প্ৰাৰ্থী বিজুলি কলিতা মেধীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সোণোৱালে।

আনহাতে, গোৱালপাৰা জিলাত দুখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহন কৰে সোণোৱালে।

৮/ গোৱালপাৰা পূব সমষ্টিৰ বৰপথাৰত নিৰ্বাচনী প্ৰচাৰ ভৱেশ কলিতাৰ।
মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ প্ৰচাৰ চলাই কংগ্ৰেছ-AIUDFক তীব্ৰ সমালোচনা‌ কৰে ভৱেশ কলিতাই।

৯/ নলবাৰীত বিজেপিৰ প্ৰচাৰ অভিযান।
মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

১০/ কোকৰাঝাৰ আদিবাসী এলেকাত নিৰ্বাচনী প্ৰচাৰ UPPLৰ।
দলীয় প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই UPPLৰ নেতা গৰাকীয়ে।
উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোটদানৰ আহ্বান জনাই প্ৰমোদ বড়োৱে।

১১/ গোসাঁইগাঁৱত মন্ত্ৰী অশোক সিংহলৰ নিৰ্বাচনী প্ৰচাৰ।
কোকৰাঝাৰৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

১২/ নলবাৰীত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈৰ।
বৰপেটা সমষ্টিৰ প্ৰাৰ্থী দীপ বায়নৰ হৈ প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে।

১৩/ চীনত বানৰ সংহাৰী ৰূপ।
নেৰানেপেৰা বৰষুণত গুৱাংদঙৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰে।
এই ঘটনাত প্ৰায় ৩৬ জন লোকৰ মৃত্যু হয়।

১৪/ মানিকপুৰত প্ৰচাৰ অভিযান মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ।
মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

১৫/ অৱসৰপ্ৰাপ্ত বায়ুসেনা-আৰক্ষী বিষয়া নগেন কলিতাৰ দেহাৱসান।
টিহুৰ বড়গাঁও নিবাসী বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীৰ আকস্মিক মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।

১৬/ গুৱাহাটীত সন্মিলিত গনশক্তি অসম দলৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াৰ।
মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই চায়েঙীয়াই।

১৭/ ৰায়বৰেলী-কেশৰগঞ্জত প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে।
ৰায়বৰেলীত দীনেশ প্ৰতাপ সিঙলৈ বিজেপিৰ প্ৰাৰ্থিত্ব৷
কেশৰগঞ্জত কৰণ ভূষণ সিঙলৈ বিজেপিৰ টিকট৷

১৮/ মণিপুৰৰ বেংকত চাঞ্চল্যকৰ ডকাইতি৷
চুৰাচান্দপুৰৰ কে চালবুং গাঁওস্থিত SBIত ডকাইতি৷
SBIৰ শাখাটোৰ পৰা ২০ লাখ টকা লুট কৰে অস্ত্ৰধাৰী দুৰ্বৃত্তই।

১৯/ মণিপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ।
সন্ত্ৰাসবাদীৰ ঘাটিত চলা অভিযান উদ্ধাৰ কৰে ৬টা বেৰেল গান, ১০৮টা কাৰ্ট্ৰিজ, ৪টা ৱাকিটকী।

২০/ নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা।
থিতাতে নিহত হয় বাইক আৰোহী দুই যুৱক।
নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল যুৱকদ্বয়।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *