Mira Borthakur Goswami

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 3 May 2024:-

১/ ৰায়বৰেলীত মনোনয়ন দাখিল কৰে ৰাহুল গান্ধীয়ে।
গান্ধীক সংগ দিয়ে মাতৃ ছোনীয়া গান্ধী, ভগ্নী প্ৰিয়ংকা গান্ধী, আৰু মল্লিকাৰ্জুন খৰ্গে।Rahul Gandhi

২/ আমেথিৰ কংগ্ৰেছ প্ৰাৰ্থী কিশোৰীলাল শৰ্মাৰ মনোনয়ন দাখিল।
প্ৰাৰ্থী গৰাকীক সংগ দিয়ে প্ৰিয়ংকা গান্ধীয়ে।
লগতে কিশোৰীলাল শৰ্মাক শুভেচ্ছা জনায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।

৩/ লোকসভা নিৰ্বাচনত বাৰানসীৰ পৰা মনোনয়ন দাখিল কৰিব প্ৰধানমন্ত্ৰীয়ে।
১৪ মে’ত মনোনয়ন দাখিল কৰিব নৰেন্দ্ৰ মোদীয়ে।

৪/ পাকা বেতবাৰীত নিৰ্বাচনী প্ৰচাৰ সভা৷
সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু কেইগৰাকী মন্ত্ৰী বিধায়কৰ লগতে দল সংগঠনৰ বিষয়ববীয়াই।

৫/ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ।
আজি কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহন কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে।

৬/ বজালীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ৷
বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় নিৰ্বাচনী সভা।
বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ প্ৰচাৰ চলাই।

৭/ “১০ মে’ৰ ভিতৰত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চুড়ান্ত পৰীক্ষাৰ ফলাফল” – মন্তব্য অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাৰ।

৮/ মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত৷
দুৰ্ঘটনাগ্ৰস্ত শিৱসেনাৰ উদ্ধৱ গোটৰ নেত্ৰীৰ হেলিকপ্টাৰ৷
শিৱসেনাৰ (UBT)ৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটো।

৯/ প্ৰাক্তন মন্ত্ৰী ছুম ৰংহাঙৰ দেহাৱসান।
বিয়লি ৪.৪৭ বজাত শেষনিশ্বাস ত্যাগ কৰে ৰংহাঙে।
বৃক্ক আৰু মধুমেহত আক্ৰান্ত হৈ আছিল ছুম ৰংহাং।

১০/ যোৰহাটত ধন দাবী কৰি গ্ৰেপ্তাৰ ভুৱা CBI বিষয়া৷
১০ লাখ টকা নিবলৈ আহোঁতেই গ্ৰেপ্তাৰ হয় জোনমণি বণিয়া।

১১/ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়া।
বিষয়া গৰাকী চৰাইদেউৰ বৰহাট আৰক্ষী থানাৰ ASI উত্তম শইকীয়া।

১২/ বাক্সাৰ শালবাৰীত বিজেপিৰ যোগদান কাৰ্যসূচী৷
মন্ত্ৰী পীযূষ হাজৰিকাৰ উপস্থিতিত বহু সংখ্যক লোকে বিজেপিত যোগদান কৰে।
সভাত কংগ্ৰেছ আৰু BPFক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

১৩/ বৰপেটাত বিজেপি নিৰ্বাচনী প্ৰচাৰ৷
সমষ্টিটোৰ ভিন্ন প্ৰান্তত মন্ত্ৰী অতুল বৰাই নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে।
লগতে সমষ্টিটোত বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব ফণীভূষণ চৌধুৰী’ বুলি মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে।

১৪/ ৭ মে’ত ৰাজ্যৰ ৪ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।
তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কামৰূপ মেট্ৰ’ জিলাত ৫ মে’ৰ বিয়লি ৫ বজাৰ পৰা ৭মে’ৰ বিয়লি ৫ বজালৈ ড্ৰাই ডে’ ঘোষণা কৰে প্ৰশাসনে।

১৫/ বড়োভূমিত মাৰাথন নিৰ্বাচনী প্ৰচাৰ মন্ত্ৰী অশোক সিংহলৰ।
কোকৰাঝাৰ সমষ্টিত UPPLৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই।

১৬/ গোৱালপাৰাত বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ।
দুধনৈৰ বিভিন্ন স্থানত প্ৰচাৰ সভাত উপস্থিত থাকে বিজুলি কলিতা মেধিয়ে।

১৭/ মহানগৰীৰ খানাপাৰাত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক।
গ্ৰীণউড ৰিজৰ্টৰ সমীপৰ পৰা STFৰ অভিযানত জব্দ কৰে ৬৮টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ।

১৮/ মহানগৰীৰ নুনমাটিত অস্ত্রশস্ত্রসহ যুৱকক গ্রেপ্তাৰ।
ধৃত যুৱকজন ডিমাপুৰৰ জন কন্যাক।
যুৱকজনৰ পৰা .22 পিষ্টলসহ ২১জাঁই সক্রিয় গুলী জব্দ কৰে।

১৯/ মহানগৰীৰ পল্টনবজাৰত বিধ্বংসী অগ্নিকাণ্ড।
বিজুলী ভৱনৰ কেইবাটাও মহলাত লাগে জুই।
নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ভৱনটো।
৩ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণৰ চেষ্টা কৰে।

২০/ নগাঁৱত গ্ৰেপ্তাৰ আৰক্ষী কনিষ্টবল।
ড্রাগছ মাফিয়াৰ পৰা ধন লৈ গ্রেপ্তাৰ কৰে আৰক্ষীৰ কনিষ্টবল মকৰম হুছেইন।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *