Himanta Biswa Sarma

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 4 May Assam:-

১/ গুৱাহাটীৰ গণেশপাৰাত বিজেপিৰ বিজয় সংকল্প সমাৰোহ।
সমাৰোহত অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতাৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

২/ কংগ্ৰেছ নেতা তথা দিল্লী কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অৰবিন্দৰ সিং লাভলীয়ে বিজেপিত যোগদান কৰে।
কিছুদিন পূৰ্বে কংগ্ৰেছ দলৰ সভাপতিৰ পদ ত্যাগ কৰিছিল নেতাগৰাকীয়ে।

৩/ গোৱালপাৰাৰ পশ্চিম জলেশ্বৰৰ অভিযন্তাক নিলম্বন।
নিৰ্বাচনৰ কামত গাফিলতিৰ অভিযোগত নিলম্বন কৰে জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা চন্দন দাস।

৪/ পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান।
২০ মে’ৰ পৰা বন্ধ হ’ব হাতী ছাফাৰী, ৰিভাৰ ৰাফটিং।
৫ জুনত পৰ্যটকৰ বাবে বন্ধ হ’ব জীপ ছাফাৰীও।
এই কথা সদৰি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক সুমন মহাপাত্ৰই।

৫/ প্ৰাক্তন মন্ত্ৰী, JDSৰ বিধায়ক এইচ ডি ৰেৱান্নাক গ্ৰেপ্তাৰ কৰে SITএ।
এইচ ডি ৰেৱান্নাৰ বিৰুদ্ধে ৰুজু অপহৰণৰ গোচৰ।
এই গোচৰৰ ভিত্তিতে এইচ ডি ৰেৱান্নাক গ্ৰেপ্তাৰ কৰি জিম্মাত লয় SIT-এ।

৬/ গোৱালপাৰাৰ দুধনৈৰ নাওঁথোৱাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ সভা।
গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

৭/ গোসাইগাঁৱত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী প্ৰচাৰ।
UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

৮/ বাক্সাত মন্ত্ৰী পিযূষ হাজৰিকাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হকে নিৰ্বাচনী প্ৰচাৰ চলাই।
প্ৰচাৰ কালত “আগতে অসমত নোহোৱা ফলাফল এইবাৰ হ’ব” বুলি মন্তব্য কৰে।

৯/ সৰভোগত নিৰ্বাচনী প্ৰচাৰৰ বিশাল ৰোড শ্ব’।
অংশগ্ৰহণ কৰে মন্ত্ৰী ৰঞ্জিত দাসে।
ফণীভূষণ চৌধুৰীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

১০/ নলবাৰীত বিজয় সংকল্প সমাৱেশ।
উক্ত সমাৱেশত উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই।

১১/ অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা অৰুণ ৰেড্ডী ।
দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰেড্ডী।
অৰুণ ৰেড্ডী AICCৰ ছ’চিয়েল মিডিয়াৰ ৰাষ্ট্ৰীয় সমন্বয়ক।

১২/ গৌৰীপুৰত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ।
মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হকে গৌৰীপুৰত প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে।

১৩/ কোকৰাঝাৰত UPPL-বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত সভাত উপস্থিত থাকি প্ৰচাৰ চলাই UPPLৰ মুৰব্বী প্ৰমোদ বড়ো, BTR চৰকাৰৰ EM অৰূপ কুমাৰ দে’ই।

১৪/ কোকৰাঝাৰ লোকসভা সমষ্টিৰ ১ নং সাতবিল-শেজাৰী গাঁৱত নিৰ্বাচনী প্ৰচাৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ। দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে BPFৰ বিধায়কগৰাকী।

১৫/ AAPৰ নিৰ্বাচনী প্ৰচাৰ গীতত অনুমোদন নিৰ্বাচন আয়োগৰ।
২৫ মে’ত দিল্লীৰ ৭খন লোকসভা আসনৰ বাবে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ।

১৬/ কংগ্ৰেছ নেতা সঞ্জয় নিৰুপমৰ শিৱসেনাত যোগদান।
১৯ বছৰৰ পাছত শিৱসেনালৈ ঘূৰি আহে সঞ্জয় নিৰুপম।
মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ শিবিৰত যোগদান কৰে নিৰুপমে।
কংগ্ৰেছ দলৰ পৰা বহিষ্কৃত হৈছিল সঞ্জয় নিৰুপম।

১৭/ সোণাৰিত আলফা (স্বাঃ)ৰ ৩ লিংকমেনক আটক।
আলফা (স্বাঃ)ক ধন যোগানৰ অভিযোগত আটক কৰে তিনিওকে ।
ধৃত সঞ্জয় দে, সুজিত দে আৰু টাজাৱাং কন্যাক।

১৮/ কৰিমগঞ্জৰ বাৰইগ্ৰামত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে ৬ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী।
ড্ৰাগছসমূহ বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা চলাইছিল সৰবৰাহকাৰীয়ে।
পেকেটৰ পৰা উদ্ধাৰ কৰে ৪টা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ।

১৯/ বশিষ্ঠ আৰক্ষীৰ জালত পৰে দুৰ্ধৰ্ষ গাড়ী চোৰ।
বাক্সাৰ দাৰকুছিৰ পৰা বাহনসহ গ্ৰেপ্তাৰ কৰে ৪ দুৰ্ধৰ্ষ চোৰক।
এখন চুৰি বলেৰো বাহনো উদ্ধাৰ কৰে বশিষ্ঠ আৰক্ষীয়ে।

২০/ হাতীগাওঁত ভুৱা তথ্য দাখিলেৰে CCL গ্ৰহণ কৰি নিলম্বন হয় দুই শিক্ষয়িত্ৰী।
শিক্ষয়িত্ৰী দুগৰাকী হাতীগাওঁ হাইস্কুলৰ আছফিয়া আহমেদ আৰু মৌচুমী বৰা হাজৰিকা।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *