Giani Zail Singh

প্ৰথমগৰাকী শিখধৰ্মালম্বী ৰাষ্ট্ৰপতি গিয়ানী জেইল সিঙৰ জীৱনযাত্ৰা।

Spread the love

 

জেইল সিং জন্ম হৈছিল ১৯১৬ চনৰ ৫ মে’ত ফৰিডকোট জিলাৰ সান্ধৱানত।
জন্মতে তেওঁৰ নাম আছিল জাৰনাইল সিং, যাৰ অৰ্থ আছিল জেনেৰেল।
তেওঁ এগৰাকী শিখ ধৰ্মালম্বীৰ ব্যক্তি।
জেইল সিঙৰ পিতৃৰ নাম আছিল ভাই কিষাণ সিং আৰু মাতৃৰ নাম আছিল ইন্দ কৌৰ।

যৌৱনকালত ফৰিডকোটৰ মহাৰাজৰ শাসনৰ বহুবাৰ প্ৰতিবাদ কৰি জেইল সিঙ জেললৈ যাবলগীয়া হোৱাত তেওঁৰ নামটো সলনি কৰি জেইল সিঙ কৰি ল’লে।

অমৃতসৰত থকা শ্বহীদ শিখ মিছ’নেৰি কলেজত শিক্ষাদান কৰি গুৰু গ্ৰন্থ চাহিবৰ বিষয়ে জ্ঞানাহৰণ কৰাৰ হেতুকে তেওঁক গিয়ানী (জ্ঞানী) উপাধি প্ৰদান কৰা হৈছিল।

জেইল সিং নিচেই কম বয়সৰ পৰাই আছিল মেধাসম্পন্ন ব্যক্তি আছিল।
সেইবাবে তেওঁ সকলোৰে মাজত প্ৰিয় আছিল।

দীৰ্ঘসময়ৰ ধৰি সামাজিক কাম কাজত জড়িত থকা জেইল সিঙে ১৯৪৭ চনত ভাৰতৰ পুনৰ্গঠনৰ সময়ত ফৰিদকোটৰ শাসনকৰ্তা হৰিন্দৰ সিং ব্ৰাৰৰ বিৰোধিতা কৰিছিল।
সেই প্ৰতিবাদৰ শাস্তিস্বৰূপে তেওঁক পাঁচবছৰলৈকে কাৰাগাৰত বন্দী কৰা হৈছিল।
১৯৪৯ চনত গিয়ান সিং ৰেয়াৰৱালাৰ অধীনত গঠিত হোৱা পাটিয়ালা আৰু পূব পঞ্জাব ৰাজ্যিক সন্থাত তেওঁক ৰাজহ মন্ত্ৰীৰ পদটো প্ৰদান কৰা হৈছিল।
১৯৫১ চনত জেইল সিঙে সেইজন নেতাৰে অধীনত কৃষি মন্ত্ৰীৰ পদটো গ্ৰহণ কৰে।
১৯৫৬ চনৰ ৩ এপ্ৰিলৰ পৰা ১৯৬২ চনৰ ১০ মাৰ্চলৈকে তেওঁ ৰাজ্য সভাৰ সদস্য পদ অলংকৃত কৰে।

১৯৭২ চনত জেইল সিঙক পঞ্জাবৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়।
জেইল সিঙে বিশাল ধৰ্মসভা আয়োজন কৰিছিল।
ৰাজহুৱা সভাবোৰ পৰম্পৰাগত শিখ-প্ৰাৰ্থনাৰে আৰম্ভ কৰিছিল।
“গুৰু গোবিন্দ সিঙ” নামেৰে গুৰু গোবিন্দ সিং মাৰ্গ নামৰ ঘাঁইপথটো উদ্বোধন কৰিছিল আৰু গুৰুৰ পুত্ৰৰ নামেৰে ফাটেহপুৰ চাহিব নামৰ নগৰাঞ্চল এটা নামকৰণ কৰিছিল।
পঞ্জাবৰ যিসকল মানুহে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰিছিল, সেইসকল স্বাধীনতা-সেনানীৰ বাবে তেওঁ এক জীৱনজোৰা পেঞ্চন আঁচনি মুকলি কৰিছিল।

১৯৮০ চনত জেইল সিঙক সপ্তম লোকসভাৰ বাবে নিৰ্বাচিত কৰে।
ইন্দিৰা গান্ধীৰ কেবিনেটত গৃহ পৰিক্ৰমা বিভাগটোৰ দায়িত্ব অৰ্পণ কৰা হয়।

১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ তেখেত ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত আছিল।
সেই পদত বহাৰ পূৰ্বে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন নেতা আছিল।
কেন্দ্ৰীয় কেবিনেটত তেওঁ একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল।
তাৰ ভিতৰত গৃহ মন্ত্ৰীৰ বাবটো বিশেষভাৱে উল্লেখযোগ্য।
১৯৮৩ৰ পৰা ১৯৮৬ চনলৈকে হোৱা নিৰক্ষেপ আন্দোলনৰ সময়ত তেওঁ মহাসচিবৰ ভূমিকা পালন কৰিছিল।
জেইল সিং ভাৰতৰ সপ্তম গৰাকী ৰাষ্ট্ৰপতি।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰপতিৰ পদত বহা তেঁৱেই প্ৰথমগৰাকী শিখধৰ্মী ব্যক্তি।

জেইল সিঙে ইন্দিৰাৰ বৰপুত্ৰ ৰাজীৱ গান্ধীক প্ৰধান মন্ত্ৰীৰ পদত অধিষ্ঠিত কৰোৱায়।

১৯৮২ চনৰ ১২ ছেপ্টেম্বৰত জেইল সিঙক অৰ্ডাৰ অৱ ছেইণ্ট থমাছ সন্মানেৰে বিভূষিত কৰা হৈছিল।
ভাৰতীয় সনাতন গীৰ্জাই প্ৰদান কৰা সেইটো সবাতোকৈ সৰ্বশ্ৰেষ্ঠ সন্মান আছিল।

১৯৯৪ চনৰ ২৫ ডিচেম্বৰত জেইল সিং মৃত্যু হয়।
মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ।

ভাৰত চৰকাৰে তেওঁৰ মৃত্যুত সাতদিনীয়া শোকদিৱস পালন কৰে আৰু দিল্লীৰ ৰাজঘাটত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।

১৯৯৫ চনত তেওঁৰ প্ৰথমটো মৃত্যুবাৰ্ষিকীত ভাৰতীয় ডাক বিভাগে তেওঁৰ স্মৰণত এটা বিশেষ টিকট উন্মোচন কৰে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰীয় সদস্যৰ পৰা কেন্দ্ৰীয় কেবিনেটত একাধিক মন্ত্ৰণালয়ৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি দেশৰ সৰ্বোচ্চ সন্মানীয় পদত অধিষ্ঠিত হোৱালৈকে তেওঁৰ ভাৰতীয় সমাজ জীৱনলৈ এক অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে।

জেইল সিঙৰ ৰাজনৈতিক সততা, প্ৰমূল্যবোধ , শক্তিশালী ব্যক্তিত্ব, আদৰ্শ, ত্যাগ, সাহস নৱ প্ৰজন্মৰ বাবে চিৰ উজ্জীৱিত হৈ থাকিব।

 

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে নিয়মীয়াকৈ Visit কৰক Rnewsindia24.com

(বি-দ্ৰ- লিখনিটোৰ তথ্য খিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত।)

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *