Sarbananda Sonowal

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 5 May 2024 :-

1. অসমবাসীৰ বাবে সু-খবৰ।
গোৱাত অনুষ্ঠিত হোৱা চেইলিঙত সোণৰ পদক লাভ কৰে সৰুপথাৰৰ নিশামণি বৰাই।

2. গোৱালপাৰা আৰু শুৱালকুছিত মুখ্যমন্ত্রী ড’হিমন্ত বিশ্ব শৰ্মাৰ অন্তিমটো নিৰ্বাচনী প্ৰচাৰ।
ফণীভূষণ চৌধুৰীৰ হকে প্ৰচাৰ চলাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

3. মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী।
জীপ ছাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানৰ সৌন্দৰ্য উপভোগ কৰে মন্ত্ৰীগৰাকীয়ে।
মানাহক লৈ কেইবাটাও বিশেষ ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

4. নলবাৰীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ।
টিহু বিধানসভা সমষ্টিৰ কৈঠালকুছিত নিৰ্বাচনী প্ৰচাৰ চলাই সোণোৱালে।
মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে প্ৰচাৰ চলাই।

5. আজি অযোধ্যাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল ৰোডশ্ব’।
ৰোডশ্ব’ৰ পূৰ্বে ৰাম মন্দিৰত পূজা-অৰ্চনা কৰে মোদীয়ে।

6. ২০২৪ বৰ্ষৰ মহিলা T20 বিশ্বকাপৰ সময়সূচী ঘোষণা।
বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ।
ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব মেচ।
ICC-এ ঘোষণা কৰে এই সময়সূচী।
মহিলা T20 বিশ্বকাপত মুঠ ১০ টা দলে অংশগ্ৰহণ কৰিব।
২০ অক্টোবৰত অনুষ্ঠিত হ’ব ফাইনেল মেচ ।

7. গুৱাহাটীত অসম গণ পৰিষদৰ বিশাল বাইক ৰেলী।
ৰেলীত অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।

8. গুৱাহাটীত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত বিশাল বাইক ৰেলী।
খানাপাৰাৰ পৰা গণেশগুৰি হৈ লতাশিললৈ উলিওৱা হয় এই বাইক ৰেলী।
বাইক ৰেলী উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

9. বৰক্ষেত্ৰীত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।
ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে।

10. ধুবুৰীত ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ সভা।
উক্ত সভাত মুখ্যমন্ত্ৰী আৰু বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে।

11. চাপৰত মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্বাচনী প্ৰচাৰ সভা।
মিত্ৰজোঁটৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাই মন্ত্ৰী গৰাকীয়ে।

12. চিৰাঙৰ কাজলগাঁৱত BPFৰ যোগদান কাৰ্যসূচী।
GSP এৰি BPFত যোগদান কৰে শতাধিক লোকে।
যোগদান কাৰ্যসূচীত উপস্থিত থাকে BTCৰ পাৰিষদ পানীৰাম ব্ৰহ্ম।

13. বাক্সাৰ বৰমাত মন্ত্ৰী পীযূষ হাজৰিকাৰ নাগৰিক সভা।
বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হকে প্ৰচাৰ কৰে মন্ত্ৰী গৰাকীয়ে।
নাগৰিক সভাত উপস্থিত থাকে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বহু গণ্য মান্য ব্যক্তি।

14. তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে নিৰ্বাচন সামগ্ৰী বিতৰণ কৰিব ৬ মে’ত । এই উপলক্ষ্যে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত সুমিত সাত্তাৱানৰ বিশেষ বৈঠক।

15. ছত্তিশগড় চৰকাৰৰ প্ৰধান সচিবৰ দায়িত্বত অসমৰ সোণমনি বৰা। দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে নিজ গাঁৱত উপস্থিত IAS বিষয়াগৰাকী। সোণমনি বৰাক উষ্ম আদৰণি গাঁওবাসীৰ।

16. বৰপেটাৰ নিৰ্দলীয় প্ৰাৰ্থী দুলু আহমেদৰ প্ৰচাৰ।
হাজোত দুলু আহমেদৰ সমৰ্থনত বিশাল পদযাত্ৰা উলিওৱা হয়।
পদযাত্ৰাত অংশগ্ৰহণ কৰে বলীউড অভিনেত্রী মন্দাকিনি আৰু বহু গণ্য মান্য ব্যক্তিয়ে।

17. গোসাঁইগাঁৱত মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশ।
মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হকে প্ৰচাৰ চলাই মন্ত্ৰী অশোক সিংঘালে।

18. তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু পৰিবহন বিভাগ।
৩৯২ খন বাহনৰ চালক-পৰিচালকক স্বাস্থ্য পৰীক্ষা কৰে পৰিবহণ বিভাগে।
প’লিং-প্ৰিজাইডিং বিষয়াসকল এইসমূহ বাহনতেই যাব ভোটকেন্দ্ৰসমূহলৈ।

19. নগাঁৱৰ পানীখাইটিত ভয়ংকৰ দুৰ্ঘটনা।
ৰড ভৰ্তি ট্ৰেইলাৰত খুন্দা মাৰে যাত্ৰীবাহী টেম্পে।
থিতাতে নিহত হয় ১জন আৰু আহত হয় ৪ জন লোক।

20. মঙলদৈৰ ধুলা পাণবাৰীত চৰম অমানৱীয় ঘটনা।
এগৰাকী মহিলাক গছত বান্ধি গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে তালিবানী শাস্তি একাংশ দুর্বৃত্তই।
লগতে শৰীৰত জলকীয়া গুড়ি মিহলোৱা পানী ঢালি দিয়ে।
প্ৰায় মুমূর্ষু অৱস্থাত মহিলাগৰাকীক স্থানীয় একাংশ লোকে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *