Riyan Parag

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 18 May 2024:-

1. HSৰ চূড়ান্ত পৰীক্ষাৰ সকলো বিভাগৰ বহী পুনৰীক্ষণৰ বাবে আবেদন দাখিলৰ অন্তিম দিন ২২ মে’৷
২৩ মে’ৰ ভিতৰত আবেদনকাৰীয়ে দাখিল কৰিব লাগিব ই-চালান৷
৯ মে’ত ঘোষণা হৈছিল HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল৷

2. আজি পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন।
আজি ৫ বজাত অন্ত পৰে পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান।

3. মহাৰাষ্ট্ৰত নিৰ্বাচনী প্ৰচাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।
শাৰদ পাৱাৰৰ সৈতে একেলগে ইণ্ডিয়া মৰ্চাৰ প্ৰাৰ্টীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই কেজৰিৱালে।

4. পশ্চিমবংগৰ কালিম্পঙত অসম ৰাইফলছৰ উদ্যোগত মেগা অসম ৰাইফলছৰ প্ৰাক্তন সৈনিক ৰেলীৰ আয়োজন ।
অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যখনৰ ৫০০ৰো অধিক প্ৰাক্তন সৈনিকে।

5. ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী (NCA)ৰ উচ্চ প্ৰদৰ্শন নিৰীক্ষণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হয় ৰিয়ান পৰাগ।
২০২৪-২৫ বৰ্ষৰ ঘৰুৱা ক্ৰিকেট ছিজনৰ বাবে বাচনি হয় ৰিয়ান।

6. কাইলৈ বৰ্ষাপাৰাত IPLৰ ৰোমাঞ্চকৰ মেচ।
মেচৰ বাবে যান-বাহন আৰক্ষীয়ে বিশেষ পথ নিৰ্দেশনা জাৰি কৰে।
সংবাদমেল সম্বোধন কৰে যানবাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাই।

7. লোকসভা নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনছাৰী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মুৰলী মনোহৰ যোশীয়ে।
নিৰ্বাচন আয়োগে জ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ সুবিধাৰ্থে আৰম্ভ কৰা ‘ভোট ফ্ৰম হোম’ ব্যৱস্থাৰ জৰিয়তে ভোটদান সাব্যস্ত কৰে।

8. বিহাৰত অসমৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথন প্ৰচাৰ।
চিৱাৰ লোকসভা সমষ্টিত ৪খনকৈ বিশাল নিৰ্বাচনী সভা
সম্বোধন কৰি কংগ্ৰেছ তীব্ৰ
সমালোচনা কৰে।

9. যাদৱপুৰত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনৰ জনসম্পৰ্ক অভিযান।
অনিৰ্বাণ গাংগুলীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাই উপাধ্যক্ষ গৰাকীয়ে।

10. ২০২৫ৰ IPLৰ প্ৰথমখন মেচ খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়াই।
শ্ল’ অভাৰ ৰেটৰ বাবে ক্ৰিকেটাৰগৰাকীয়ে ভৰিব লাগিব ৩০ লাখ টকা জৰিমনা।

11. সহকাৰী শিক্ষকৰ দৰমহা বন্ধ কৰি নিলম্বিত প্ৰধান শিক্ষক৷
নগাঁৱৰ শোলমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক ফাৰুক আহমেদক নিলম্বনৰ নিৰ্দেশ দিয়ে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই এ।

12. অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সচিবক আটক৷
ব্যক্তিগত সচিব বিভৱ কুমাৰক আটক কৰে দিল্লী আৰক্ষীয়ে।
স্বাতী মালিৱালে তৰা গোচৰ সন্দৰ্ভত আটক কৰে।

13. “কংগ্ৰেছ এতিয়া মহাত্মা গান্ধীৰ দল নহয়”।
কংগ্ৰেছক মুছলিম লীগৰ সৈতে তুলনা কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে।

14. উদয়াচলত দ্বিতীয় সদৌ অসম আন্তঃজিলা BOCCIA চেম্পিয়নশ্বিপ ২০২৪।
এই চেম্পিয়নশ্বিপত ৰাজ্যৰ ৭খন জিলাৰ ৩০গৰাকী বিশেষভাৱে সক্ষম যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে।
বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে Pride East Entertainments Pvt Ltdৰ CMD ৰিণিকি ভূঞা শৰ্মা, আৰু বহু গণ্য মান্য ব্যক্তি।

15. গোৱালপাৰাত লুপ্তপ্ৰায় বনচোম গছৰ পুলি ৰোপণ কাৰ্যসূচী।
লক্ষীপুৰ ইলেকট্রনিক, প্ৰিন্ট মিডিয়া সংস্থা আৰু লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ সহযোগত ৰোপন কৰা হয় গছৰ পুলি।

16. দুলীয়াজান অইলত বিভিন্ন সমস্যা সমাধানৰ দাবী প্ৰতিবাদ ঠিকাদাৰ সন্থাৰ৷
ঠিকা বিভাগৰ কাৰ্যালয় সন্মুখত অসহযোগ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰে।

17. গুৱাহাটীৰ বীৰকুছিত শোকাৱহ ঘটনা৷
নামনিমুৱা দ্ৰুতবেগী ৰে’লৰ খুন্দাত নিহত হয় দুজন শ্ৰমিক আৰু আহত হয় আন দুজন শ্ৰমিক৷
৪গৰাকী শ্ৰমিকে ৰে’লপথৰ দাঁতিৰে গৈ থকাৰ সময়ত নাৰেংগীৰ ৰেল ষ্টেচনৰ সমীপত সংঘটিত হয় এই অঘটন৷

18. হাৰিয়ানাৰ কুণ্ডলী-মানেছাৰ-পালৱাল এক্সপ্ৰেছ ৱে’ত ভয়ংকৰ ঘটনা৷
চলন্ত বাছত জুই লাগি ১০জন যাত্ৰীৰ মৃত্যু হয়।
বৃন্দাবনৰ পৰা হাৰিয়ানাৰ নুহ অভিমুখী আছিল বাছখন৷
বাছখনত ৬৪ গৰাকীকৈ যাত্ৰী থকা বুলি জানিব পৰা গৈছে৷

19. মৰিগাঁৱৰ দাঁতিয়ালবৰীত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান৷
অভিযানত ৪০ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ আৰু নগদ ধন জব্দ কৰে।
লগতে ড্ৰাগছসহ আটক কৰে এটা সৰবৰাহকাৰীক৷
ধৃত সৰবৰাহকাৰীটো মতিবুৰ ৰহমান।

20. বোকাজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ডিলাই আৰক্ষীৰ তালাচীত জব্দ কৰে এক কোটিৰো অধিক টকাৰ ড্ৰাগছ।
৫০ টা চাবোনৰ বাকচত সৰবৰাহ কৰিছিল হেৰইন খিনি।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *