Paramananda Chayengia

১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam 19 May 2024:-

১/ শক্তিপীঠ মা কামাখ্যা দৰ্শন কৰে BCCIৰ সচিব জয় শ্বাহ আৰু অধ্যক্ষ ৰ’জাৰ বিন্নীয়ে।
IPL মেচ উপভোগ কৰিবলৈ অসমলৈ আহিছিল দুয়োগৰাকী।
মাৰ চৰণত আশিস লয় BCCIৰ সচিব আৰু অধ্যক্ষ গৰাকীয়ে।
তেওঁলোকক সংগ দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

২/ আজি দেশত লোকসভাৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন।
পুৱা ৭ বজাৰ লগে লগে আৰম্ভ হয় ভোটগ্ৰহণ পৰ্ব।
৬ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হয় ভোটগ্ৰহণ।
৪৯টা সমষ্টিত ভোটযুদ্ধত অৱতীৰ্ণ হয় ৬৯৫ গৰাকী প্ৰাৰ্থী।

৩/ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয় ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছি আৰু বিদেশ মন্ত্ৰী হুছেইন আমীৰ আব্দুল্লাহ হিয়ানৰ।
প্ৰচণ্ড কুঁৱলীৰ বাবে এটা পাহাৰীয়া অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।
আজাৰবাইজানৰ পৰা তেহৰানলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা।

৪/ তিনিচুকীয়া জিলাৰ মুলীয়াবাৰী খেল পথাৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী বদলা পদ্ম আতাৰ ৪৭৮ সংখ্যক আৰ্বিভাৱ মহোৎসৱ আৰু সমন্বয় সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত কৰে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সন্মানীয় কাৰ্য্যবাহী সদস্য প্ৰশান্ত বড়ি আৰু বহু গণ্য মান্য ব্যক্তি।

৫/ ধীৰা চলিহা হাজৰিকালৈ বীৰাংগনা মূলাগাভৰু বঁটা।
সোণাৰিত টাই আহোম যুৱ পৰিষদে প্ৰদান কৰে এই বিশেষ বঁটা।

৬/ আজিৰে পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন্ধ হাতী ছাফাৰী, ৰাফটিং।
অহা ৫ জুনৰ পৰা বন্ধ কৰা হ’ব জীপ ছাফাৰীও।
প্ৰতিবছৰে তিনি মাহৰ বাবে বন্ধ কৰা হয় উদ্যান খনৰ প্ৰৱেশদ্বাৰ।
প্ৰতিকুল বতৰৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে উদ্যান কতৃপক্ষই।

৭/ বিজয়নগৰত আৰক্ষী জোৱানৰ অকাল বিয়োগ।
বিজয়নগৰ আৰক্ষী চকীত কৰ্তব্যৰত আছিল কৃপাল ঠাকুৰীয়া।
বিজয়নগৰ আৰক্ষী চকীত কৰ্তব্যৰত আছিল কৃপাল ঠাকুৰীয়া।
মৃত জোৱানজনৰ ঘৰ বৰপেটা জিলাৰ ভৱানীপুৰ কলবাৰীত।

৮/ ১৮ মাহৰ ভিতৰত গুৱাহাটীবাসীয়ে পাব আন এখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম।
সামাজিক মাধ্যমযোগে এই কথা জনাই BCCIৰ যুটীয়া সচিব দেৱজিৎ শইকীয়াই।

৯/ পশ্চিম কাৰ্বি আংলঙত কৃতি শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা অনুষ্ঠান।
দুগৰাকী ছাত্ৰীক ৫০ হাজাৰ টকাৰ চেক প্ৰদান কৰে এক বিশেষ প্ৰতিষ্ঠানে।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা ৰ্গালোচা আৰু বহু গণ্য মান্য ব্যক্তি।

১০/ নতুন অসমীয়া ছবি ‘ইমন’ৰ সংগীত মুকলি৷
মুকলি ‘চকু মুদি জঁপিয়াম’ শীৰ্ষক গীতটোৰ ভিডিঅ’৷
জ্যোতি চিত্ৰবনত গীতটো মুকলি কৰে জুবিন গাৰ্গে।
আনহাতে, লোকসভা নিৰ্বাচনকলৈ ‘ভাল কাম কৰা চৰকাৰ এখন বিচাৰোঁ, এইখন চৰকাৰে কাম কৰি আছে’ বুলি মন্তব্য কৰে জুবিন গাৰ্গে।

১১/ মেঘালয়ৰ DGP ৰূপে আজি অৱসৰ ল’লে ড০ এল আৰ বিষ্ণয়ে ।
অসম-মেঘালয় কেডাৰৰ ১৯৯১ চনৰ IPS বিষয়া আছিল বিষ্ণয় ।
৩৩ বছৰ আৰক্ষী বিষয়া হিচাপে কৰ্মৰত হৈ আছিল বিষ্ণয় ।

১২/ অসমবাসীৰ বাবে সু-খবৰ।
এছিয়ান টাইকোৱানড’ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক অৰ্জন কৰে অসম কন্যা ৰ’দালি বৰুৱাই।
৭৩ কেজি শাখাত উজবেকিস্তানৰ প্ৰতিপক্ষক পৰাস্ত কৰে ৰ’দালি বৰুৱাই।

১৩/ অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সমাপ্ত৷
আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় উক্ত সভা খন। লোকসভা নিৰ্বাচনক লৈ পৰ্যালোচনা অগপৰ৷ নিৰ্বাচনৰ দায়িত্বত থকা সদস্যই দাখিল কৰে লিখিত প্ৰতিবেদন৷

১৪/ বাক্সাৰ মুছলপুৰ অসামৰিক চিকিৎলালয়ত প্ৰয়াত ডা: ৰবি বড়োৰ প্ৰতিমূৰ্তি উন্মোচন কৰে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই।
চিকিৎসক ডা: ৰবি বড়োয়ে ১৯৯৭ চনত উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাইছিল।

১৫/ কাছাৰৰ কালাইনত আৰক্ষীৰ অভিযান।
অভিযানত ৪ হাজাৰ য়াবা টেবলেটসহ এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
জব্দকৃত টেবলেট খিনিৰ বজাৰ মূল্য ১.২০ কোটি টকা।

১৬/ শক্তিপীঠ মা কামাখ্যাত উপস্থিত KKRৰ খেলুৱৈ।
মাৰ আশিস গ্ৰহণ কৰিবলৈ উপস্থিত খেলুৱৈসকল।
দলটোত আছে ৰমনদ্বীপ সি, নিতীশ ৰাণা, ভেংকেটেশ আয়াৰ, হৰ্ষিত ৰাণা ।

১৭/ “চৰকাৰে ৰাইজক মদ খাবলৈ হেঁচা প্ৰয়োগ কৰিছে।
মূল্য বৃদ্ধি কমাওক, অতি শীঘ্ৰে মদ খোৱা কমাওক আৰু ৰাজ্যত স্কুল বিলাক বৃদ্ধি কৰক।
কংগ্ৰেছে CAA বলৱৎ হোৱাটো বিচৰা নাই – মন্তব্য ৰকিবুল হুছেইনৰ।

১৮/ বটদ্ৰৱা ৰামপুৰ সত্ৰৰ পৰা গ্ৰেপ্তাৰ জুৱাৰী।
আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই জুৱাৰীক।
ধৃত জুৱাৰী সুৰুজ আলী, ইক্ৰামুল হক।
জুৱাৰীকেইটাৰ পৰা জব্দ কৰে নগদ ধন, কিছু সামগ্ৰী।

১৯/ গুৱাহাটীৰ ৰে’ল ষ্টেচনত
জব্দ হয় ৪ পেকেট ব্ৰাউন চুগাৰ।
ৰঙিয়া-শিলচৰ এক্সপ্ৰেছৰ পৰা জব্দ কৰা ব্ৰাউন চুগাৰখিনি।
কাছাৰৰ নীহাৰুদ্দিন বৰভূঞা নামৰ যুৱকজনক আটক কৰে আৰক্ষীয়ে।
আনহাতে, গুৱাহাটী-বাংগালুৰু এক্সপ্ৰেছৰ পৰা জব্দ কৰে গাঞ্জা।
শ্বিলঙৰ পৰা ক্ৰয় কৰি বাংগালুৰুলৈ সৰবৰাহৰ চেষ্টা কৰোঁতে আটক কৰে এজনক।

২০/ মুকালমুৱাত বজ্ৰপাতত এটা পৰিয়ালৰ ১০টাকৈ পশুধনৰ মৃত্যু।
কপিল আলী নামৰ লোকজনৰ বাসগৃহত বজ্ৰ পৰি জুইৰ সূত্ৰপাত হয়।
২নং কাপলাবড়ী চৰত নিশা সংঘটিত হয় এই ঘটনা।
ভস্মীভূত হয় প্ৰয়োজনীয় নথি-পত্ৰৰ লগতে নগদ ১০ হাজাৰ টকা।

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *