হেলিকপ্টাৰ দূৰ্ঘটনাত ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰেইচিৰ মৃত্যু।
হেলিকপ্টাৰ দূৰ্ঘটনাত মৃত্যু হয় ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰেইচিৰ। উল্লেখ্য যে ইৰাণৰ জনপ্ৰিয় ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰেইচি আৰু বিদেশ মন্ত্ৰী হুছেন আমীৰ আব্দুল্লা হিয়ানক কঢ়িয়াই অনা হেলিকপ্টাখন দুৰ্ঘটনাত পতিত হৈ দুয়োজন নেতাৰ আকস্মিক মৃত্যু হয় বুলি জানিব পৰা গৈছে।
প্ৰকাশিত খবৰ অনুসৰি ইৰাণৰ ৰাষ্ট্ৰপতি ইব্রাহিম ৰেইচি আৰু বিদেশমন্ত্রী হুছেইন আমীৰ আব্দুল্লাহ হিয়ান আজাৰবাইজান আৰু ইৰাণ সীমান্তত এটি যৌথ প্ৰকল্প উদ্বোধন কৰি উভতাৰ পথত ঘন কুৱঁলি আৰু বেয়া বতৰৰ বাবেই দুৰ্ঘটনাগ্ৰস্ত হয় ৰেইচিক কঢ়িওৱা হেলিকপ্টাৰখন৷
প্ৰতিকুল বতৰৰ বাবেই ঘন জংঘলৰে আৱৰা পাহাৰত খুন্দা মাৰি বিধ্বস্ত হৈ পৰে হেলিকপ্টাৰখন আৰু ঘটনাস্থলীতে অনাকাংক্ষিত মৃত্যুক সাৱটি লয় ইৰাণৰ ৰাষ্ট্ৰপতি সহ বিদেশমন্ত্রী গৰাকীয়ে।
ইৰাণৰ কেন্দ্রীয় নেতাদ্বয়ৰ মৃত্যুত ইতিমধ্যে ভাৰত সহ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই শোক প্রকাশ কৰিছে।
উল্লেখ্য যে, বিশ্বৰ প্ৰভাৱশালী নেতাসকলৰ ভিতৰ অন্যত ইব্রাহিম ৰেইচি কেৱল ইৰাণৰ জনপ্ৰিয় ৰাজনেতাই নাছিল বৰঞ্চ তেওঁ এগৰাকী আপোচহীন, সাহসী, প্ৰগতিশীল আৰু বিচক্ষণ ৰাজনৈতিক নেতাও আছিল।
তেওঁৰ আকস্মিক মৃত্যুত আমি শোকাহত, মৰ্মাহত।
এনে অনাকাংক্ষিত মৃত্যু যাতে কাৰো জীৱনলৈ নাহে তাৰ বাবে অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
লগতে ইৰাণৰ লোকপ্ৰিয় ৰাষ্ট্ৰপতি আৰু তেওঁৰ সঙ্গীবিন্দুৰ মৃত্যুত Rnewsindia24.com তৰফৰ পৰা গভীৰ শোক প্রকাশ কৰি তেওঁলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে শোকসন্তপ্ত ইৰাণবাসীলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।
জুলহাছ আলী আহমেদৰ প্ৰতিবাদ Rnewsindia24.com