১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam 27 May 2024:-
১/ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ১২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস৷
কটন বিশ্ববিদ্যালয়ৰ KBR প্ৰেক্ষাগৃহত প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।
২/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ আশংকা।
কেজৰিৱালক PET-CT স্কেন কৰাৰ পৰামৰ্শ দিয়ে চিকিৎসকে।
৩/ হাতত কোৰ লৈ আইজলৰ টিলং নদীৰ আৱৰ্জনা নিষ্কাষণ কৰে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই।
সহজ-সৰল জীৱন-যাপন তথা ব্যতিক্ৰমী কৰ্মৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
৪/ অৰুণাচল প্ৰদেশৰ ৰূপা আৰু টেংগা ভেলীত ‘DARE DEVILS’ বিশেষ প্ৰদৰ্শন।
কৰ্প’ছ অৱ ছিগনেলছৰ মটৰ চাইকেল ৰাইডাৰ ডিচপ্লে টীম অৰ্থাৎ DARE DEVILS টীমে গজৰাজ কৰ্প’ছৰ সেনাৰ হৈ অনুষ্ঠান পৰিৱেশন কৰে।
৫/ কাইলৈ বোকাখাত নাট্যমন্দিৰত ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত বিধানসভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অভিনন্দন অনুষ্ঠান।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী অতুল বৰা।
৬/ বিৰাট কোহলিৰ হৈ IPL-২০২৪ৰ অৰেঞ্জ কেপ সংগ্ৰহ কৰে শ্ৰেয়স আয়াৰে।
উল্লেখযোগ্য যে t20 বিশ্বকাপৰ বাবে ইতিমধ্যে আমেৰিকালৈ ৰাওনা হয় ভাৰতীয় দলৰ অধিকাংশ খেলুৱৈ।
৭/ পশ্চিমবংগত সাগৰীয় ঘূৰ্ণি ৰেমলৰ প্ৰভাৱ।
ৰাজ্যখনত দুগৰাকী লোকৰ মৃত্যু হয় ।
গছ উভালি পৰি এগৰাকী অশীতিপৰ বৃদ্ধাৰ মৃত্যু হয়।
পশ্চিমবংগৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি কৰা হয়।
৮/ আজি আৰু কাইলৈ বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা।
বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে সতৰ্কতা জাৰি কৰে কামৰূপ জিলা প্ৰশাসনে।
৯/ আগন্তুক ৫ দিনলৈ উত্তৰ-পূবত অব্যাহত থাকিব বৰষুণ৷
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জাৰি কৰে আগজাননী৷
১০/ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গাণনিকক আটক৷
গাণনিক বিষয়া ভৱেন ডেকাক আটক কৰে মঙলদৈ আৰক্ষীয়ে৷
বিত্তীয় কেলেংকাৰিৰ অভিযোগত আটক কৰে ভৱেন ডেকাক৷
১১/ টীয়কত পথৰ কাষত এটি নৱজাতক উদ্ধাৰ কৰা হয়৷
চতাইৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ সমীপত উদ্ধাৰ হয় নৱজাতকটি৷
পথচাৰীয়ে প্ৰত্যক্ষ কৰে নৱজাতকটি৷
প্ৰায় এমাহ পূৰ্বে শিশুটি জন্ম হোৱাৰ অনুমান কৰা হয়।
১২/ লখিমপুৰ জিলাৰ বগীনদী ভীমপৰা হেকেৰাজান অঞ্চলৰ গঢ়া খহনীয়া পৰিদৰ্শন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ডাঙৰীয়াই।
গঢ়া খহনীয়া স্থান পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰি অতি শীঘ্ৰে প্ৰতিৰোধৰ কাম কৰিবৰ বাবে NHPC ৰ কৰ্তৃপক্ষক টেলিফোন যোগে আহ্বান জনাই।
পৰৱৰ্তী সময়ত প্ৰয়োজন সাপেক্ষে NHPC আৰু পৰিষদৰ তৰফৰ পৰা যুটীয়াভাৱে পৰিদৰ্শন তথা বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে ।
পৰিদৰ্শন কালত সংগ দিয়ে পৰিষদৰ কাৰ্যবাহী সদস্য দেবৰঞ্জন মৰাং ডাঙৰীয়া, সাধাৰণ সদস্য অনিল পায়েং আৰু বহু গণ্য মান্য ব্যক্তিয়ে।
১৩/ কোকৰাঝাৰ, চিৰাঙৰ ভাৰত-ভূটান সীমান্তত বন ধ্বংসযজ্ঞ।
৫ হেক্টৰ ভূমিৰ মূল্যবান গছ কাটি তহিলং কৰে অসাধু চক্ৰই।
বেদখল হোৱা অঞ্চলসমূহত পুনৰ গছপুলি ৰোপণ কৰিব।
অঞ্চলসমূহ পৰিদৰ্শন কৰে BTR প্ৰধান প্ৰমোদ বড়োৱে।
১৪/ বঙাইগাঁৱত বোমা উদ্ধাৰৰ ঘটনাৰ তদন্ত অব্যাহত।
গোলাপাৰাত উদ্ধাৰ হয় হস্তনিৰ্মিত ৩টা বোমা।
উদ্ধাৰ কৰে ডিটনেটৰ ১৫ ডাল, ফায়াৰ ক্ৰেকাৰ ৫ পেকেট, ১২৮৫ টকাৰ বাংলাদেশী নোট।
১৫/ কয়লা খনিত আবদ্ধ ৩ শ্ৰমিকক উদ্ধাৰৰ বাবে অভিযান।
উপস্থিত থাকে কল ইণ্ডিয়াৰ উচ্চপদস্থ বিষয়া।
প্ৰতিকূল বতৰৰ বাবে আৰম্ভ হোৱা নাই উদ্ধাৰ অভিযান।
১৬/ বঙাইগাঁৱৰ কোকিলা উত্তৰপাৰাৰ পৰা জব্দ কৰে ৩খন নকল সোণৰ নাও।
নকল সোণৰ নাওসহ পিতা-পুত্ৰক আটক কৰে আৰক্ষীয়ে।
১৭/ ব্ৰহ্মপুত্ৰৰ নিখোজ হোৱা ২ যুৱকৰ এজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।
নাৰেংগীৰ চিন্ময় পাঠক নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে SDRF এ।
সন্ধান পোৱা নাই অৰ্জুন নাথ নামৰ আন জন যুৱকৰ।
দেওবাৰে সন্ধিয়া ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল ২ যুৱক।
১৮/ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পত অঘটন।
বৰষুণৰ ফলত বান্ধৰ ৰাইট বেংকত ভূমিস্খলন সংঘটিত হয়।
২০০ মিটাৰ উচ্চতাৰ পৰা শিল খহি মৃত্যু হয় এজন শ্রমিকৰ।
শ্রমিক জনৰ নাম প্ৰতাপ গগৈ।
১৯/ পশ্চিমবংগ-বাংলাদেশৰ উপকূলত খুন্দা সামুদ্ৰিক ঘূৰ্ণী ‘ৰীমাল’ৰ।
হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে চুবুৰীয়া দেশ বাংলাদেশত।
দুগৰাকী মহিলাসহ বাংলাদেশত নিহত হয় ১০ জন লোক।
২০/ লখিমপুৰৰ খেলমাটি কাণ্ডৰে জড়িত আন ৪ দুষ্কৃতিকাৰীক আটক কৰে আৰক্ষীয়ে।
আৰক্ষীৰ জালত পৰে ১৯টাকৈ দুষ্কৃতিকাৰী।
Sangita Dutta Editor in Chief Rnewsindia24.com