Rnewsindia24.com Assam 1 June 2024:-
১/ আজি লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্য্যায়ৰ ভোটগ্ৰহণ।
বিহাৰ, চণ্ডীগড় আৰু হিমাচল প্ৰদেশত অনুষ্ঠিত হয় ভোটদান।
২/ ধেমাজিৰ মৰিধল মহাবিদ্যালয়ত সমগ্ৰ শিক্ষা অভিযানৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হয় ইংৰাজী ভাষা শিকণৰ “জ’লী ফোনিক্স” পদ্ধতিৰ প্ৰশিক্ষণ।
উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।
জ’লী ফোনিক্স হৈছে শিশুসকলক ইংৰাজীত লিখা-পঢ়া শিকোৱাৰ অন্যতম ফলপ্ৰসূ পদ্ধতি, এই আকৰ্ষণীয় পদ্ধতি আজি সমগ্ৰ বিশ্বতে সমাদৃত।
৩/ মাছখোৱাত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান।
HSLCত ৫৮০ নম্বৰ অথবা ততোধিক নম্বৰপ্ৰাপ্ত ১১৮ গৰাকী কৃতীমান শিক্ষাৰ্থীক অভিনন্দন জনাই আছুৱে।
UPSCত উত্তীৰ্ণ হোৱা অসমৰ সু-সন্তানকো অভিনন্দন জনাই আছুৱে।
উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় বিষয়ববীয়াৰ লগতে বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
৪/ মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰিৰ সময়সীমা বৃদ্ধি কৰা হয়।
অহা ২০ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনত খোলা থাকিব জীপ ছাফাৰিৰ ব্যৱস্থা।
৫/ হোজাইত বান পৰিস্থিতিৰ বুজ লয় মন্ত্রী যোগেন মোহনে।
হোজাই-পশ্চিম কাৰ্বি আংলং সংযোগী পথৰ কোমোৰাকতা বানে চিঙা পথ পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
৬/ শিক্ষক লাবুমণি আমচঙক নিলম্বন।
কৰ্তৃপক্ষৰ কাৰণ দৰ্শোৱা জাননীৰ উত্তৰ দিয়া নাই ইউটিউবাৰগৰাকীয়ে।
Assam Jet নামৰ ইউটিউব চেনেলত অনলাইন জুৱাৰ প্ৰচাৰ কৰিছিল শিক্ষকগৰাকীয়ে।
৭/ ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ অৱসৰ ঘোষণা।
সকলো শ্ৰেণীৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে ক্ৰিকেটাৰ গৰাকীয়ে।
৮/ কাইলৈ পুনৰ তিহাৰ জে’ললৈ যাব অৰবিন্দ কেজৰিৱাল।
স্বাস্থ্যজনিত কাৰণত এসপ্তাহৰ জামিন বিচাৰি আৱেদন জনাইছিল যদিও EDয়ে বিৰোধিতা কৰে জামিন আৱেদনৰ।
৯/ ৪ জুনত ঘোষণা হ’ব লোকসভা নিৰ্বাচনৰ ফলাফল।
ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বাক্সা আৰু তামুলপুৰত ড্ৰাই ডে’ ঘোষণা।
বাক্সা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়াৰ এই ঘোষণা।
সুৰা সেৱন, বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি।
১০/ কংগ্ৰেছৰ কোনো প্ৰতিনিধিয়ে অংশ ল’ব নোৱাৰিব EXIT POLLৰ বিতৰ্কত।
X হেণ্ডেলযোগে এই কথা জনাই কংগ্ৰেছ নেতা পৱন খেড়াই।
১১/ দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানি।
২৪ ঘণ্টাত ১৪ শতাংশ বৃদ্ধি আদানি গ্ৰুপৰ শ্বেয়াৰ।
১১১ বিনিয়ন ডলাৰ সম্পত্তিৰে তালিকাৰ শীৰ্ষত গৌতম আদানি।
১০৯ বিনিয়ন ডলাৰ সম্পত্তিৰে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ দ্বিতীয় স্থানত মুকেশ আম্বানী।
১২/ পুনৰ হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
প্ৰায় ৭০ টকা হ্ৰাস পালে প্ৰতিটো চিলিণ্ডাৰৰ দাম।
১৩/ গুৱাহাটীত গাখীৰৰ দাম বৃদ্ধি।
প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি পায়।
১৪/ প্রসিদ্ধ চিত্ৰশিল্পী প্ৰয়াত নীলপৱন বৰুৱাদেৱৰ আজি জন্মদিন।
বসুন্ধৰা কলা নিকেতন আৰু দীপালী-নীলপৱন ফাউণ্ডেচনৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।
উপস্থিত থাকে প্ৰয়াত চিত্রশিল্পীগৰাকীৰ ভাতৃ সুনীল পৱন বৰুৱা আৰু বহু গণ্য মান্য ব্যক্তি।
১৫/ কাইলৈ অৰুণাচল প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোট গণনা।
অৰুণাচলৰ ৬০টা সমষ্টিৰ ১০টাত জয়ী হয় বিজেপি ।
বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী।
কাইলৈ ছিকিমতো ভোটগণনা।
১৬/ GMCH প্ৰেক্ষাগৃহত প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্বৰ্ধনা অনুষ্ঠান।
HSLC-HS পৰীক্ষাত উত্তীৰ্ণ ১০০ গৰাকী বিশেষভাৱে সক্ষম কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়।
উপস্থিত থাকে প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ বিষয়ববীয়া সকল আৰু বহু গণ্য মান্য ব্যক্তি।
১৭/ গুৱাহাটী মহানগৰীৰ জনতা ভৱন সন্মুখত পৰিবহণ বিভাগৰ অভিযান।
নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে অভিযান চলাই পৰিবহণ বিভাগে।
১৮/ আজিৰে পৰা বটলিফ ফেক্টৰীয়ে নলয় ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত।
বটলিফ ফেক্টৰীৰ সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন ঘোষণা ক্ষুদ্ৰ চাহ খেতিয়কৰ।
১৯/ “মুখ্যমন্ত্ৰীয় হিমন্তই চাই লওঁক এইয়া মাত্ৰ ট্রে’লাৰ।
মামা আৰু মামীৰ চকু চাহপাতলৈ গ’ল, ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ হ’ল”- মন্তব্য ছাত্ৰ মুক্তিৰ নেতা ৰাহুল ছেত্ৰীৰ।
২০/ গুৱাহাটীৰ ফাঁচী বজাৰত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
১৮.৬৭ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ ২জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে।
ধৃত বিশ্বজিৎ বড়ো আৰু ৰাহুল আলী।
Sangita Dutta Editor in Chief Rnewsindia24.com