১ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
14 June 2024:-
১/ ইটালীত জি-৭ সন্মিলনত
উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
সন্মিলনত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমীৰ জেলেনস্কি আৰু পোপ ফ্ৰান্সিছক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
আনহাতে, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি সোনাকৰ সৈতেও বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
২/ নামৰূপত ২৫ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
অইল আৰু অসম শক্তি উৎপাদন নিগমৰ যৌথ কোম্পানী এ.পি.জি.চি.এল অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ দ্বাৰা নিৰ্মাণ হ’ব এই প্ৰকল্পটো।
৩/ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি গৃহভূমিত উপস্থিত সৰ্বানন্দ সোণোৱাল।
বৰঝাৰ বিমানবন্দৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক আদৰণি জনাই দলৰ একাংশ নেতা-কৰ্মীয়ে।
৪/ বিধায়ক পদ ত্যাগ কৰে মন্ত্ৰী পৰিমল শুক্ল বৈদ্যই।
বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক অৰ্পণ কৰে পদত্যাগ পত্ৰ।
৫/ ২২ জুলাইৰ পৰা ৯ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিৱেশন৷
প্ৰধানমন্ত্ৰী হিচাপে তৃতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত এয়া নৰেন্দ্ৰ মোদীৰ প্ৰথমখন অধিৱেশন৷
অধিৱেশনৰ প্ৰথম দিনটোতেই বাজেট উত্থাপনৰ সম্ভাৱনা৷
৬/ বিধায়ক পদ ত্যাগ কৰে ফণীভূষণ চৌধুৰীয়ে৷
অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক পদত্যাগ-পত্ৰ অৰ্পণ কৰে ফণীভূষণ চৌধুৰীয়ে।
আৰনাইৰে ফণীভূষণ চৌধুৰীক সম্বৰ্ধনা জ্ঞাপন কৰে বিশ্বজিৎ দৈমাৰীয়ে।
৭/ আজি বিশ্ব ৰক্তদাতা দিৱস।
এই উপলক্ষ্যে মহানগৰীৰ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচী৷
অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু বহু গণ্য মান্য ব্যক্তি।
৮/ শপত গ্ৰহণৰ এদিনৰ পাছতে বিধায়ক পদ ত্যাগ৷
বিধায়ক পদ এৰিলে ছিকিমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে৷
নামচি-ছিংথিথাং সমষ্টিৰ বিধায়িকা কৃষ্ণা কুমাৰী ৰায়ে এৰিলে পদ৷
শেহতীয়া নিৰ্বাচনত SDFৰ প্ৰাৰ্থী বিমল ৰায়ক পৰাভূত কৰিছিল কৃষ্ণা ৰায়ে৷
৯/ ২৬ জুনত হ’ব লোকসভাৰ অধ্যক্ষৰ নিৰ্বাচন৷
ৰাষ্ট্ৰপতিয়ে জাৰি কৰে অধিসূচনা।
১০/ ২০ জুনত জম্মু-কাশ্মীৰলৈ যাব প্ৰধানমন্ত্ৰী মোদী৷
দুদিনীয়া কাৰ্যসূচীৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে।
১১/ ৰুষ্ট প্ৰকৃতিৰ ৰোষত উত্তৰ ছিকিম।
বান-ভূমিস্খলন মৃত্যু হয় ৬জনকৈ লোকৰ।
উত্তৰ ছিকিমত আবদ্ধ হৈ আছে ১৫০০ৰো অধিক পৰ্যটক।
১২/ সোণাপুৰত গ্ৰেপ্তাৰ কুকি উগ্ৰপন্থী সদস্য৷
STFৰ অভিযানত গ্ৰেপ্তাৰ কৰে মণিপুৰৰ যুৱকজনক৷
কিছুদিন ধৰি অসমত বাহৰ পাতি আছিল উগ্ৰপন্থী সদস্যজনে৷
এখন বাহনেৰে গৈ থকা অৱস্থাত সোণাপুৰত গ্ৰেপ্তাৰ কৰে STFএ।
১৩/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু হয়।
উদ্যানখনৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ হয় মৃত গঁড়৷
অক্ষত অৱস্থাত আছে মৃত গঁড়টোৰ খৰ্গ৷
১৪/ কাছাৰৰ ধলাইৰ সপ্তগ্ৰামত ৬ কোটি টকাৰ য়াবা টেবলেট জব্দ কৰা হয় ৷
ধলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মহিলাসহ ৩জন মিজো সৰবৰাহকাৰীক৷
এখন স্কুটীত তালাচী চলাই আৰক্ষীয়ে জব্দ কৰে টেবলেটখিনি৷
১৫/ স্বদেশলৈ অনা হয় কুৱেইটত অগ্নিদগ্ধ হৈ নিহত হোৱা ৪৫জন ভাৰতীয়ৰ মৃতদেহ।
ভাৰতীয় বায়ুসেনাৰ পৰিবহণ বিমান এখনত অনা হয় মৃতদেহসমূহ।
নিহতসকলৰ অৰ্ধেকেই কেৰালাৰ আছিল বাবে বিমানখনে প্ৰথমে অৱতৰণ কৰে কেৰালাৰ কোচি বিমান বন্দৰত।
১৬/ মৰিগাঁৱৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ অধীক্ষকক গ্ৰেপ্তাৰ।
জিলা আয়ুক্তৰ নিৰ্দেশত অধীক্ষক বাবুল শইকীয়াক গ্ৰেপ্তাৰ কৰে।
মহিলা কৰ্মচাৰীক অভব্য আচৰণ, অশ্লীল ইংগিত দিয়াৰ অভিযোগ বাবুল শইকীয়াৰ বিৰুদ্ধে।
১৭/ৰূপহীহাটত বন্দুকসহ ৩ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ।
চোৰাং চিকাৰীকেইটাৰ পৰা জব্দ কৰে ২২ জাঁই সক্ৰিয় গুলী।
১৮/ বিজেপি যুৱ মৰ্চাৰ নেতা ৰাকেশ দাসক অব্যাহতি।
দলীয় অনুশাসন ভংগৰ অভিযোগত তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ সকলো দায়িত্বৰ পৰা অব্যাহতি।
এই নিৰ্দেশ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংক অংকুৰ বৰুৱাৰ।
২০/ নাহৰকটীয়াত ডায়েৰীয়া, কলেৰাৰ ভয়ংকৰ ৰূপ।
বেমাৰ দুটাত দুজন লোকৰ মৃত্যু হয় আৰু আক্ৰান্ত হয় ৭০ৰো অধিক লোকে।
আক্ৰান্ত জয়পুৰ চাহ বাগিচাৰ প্ৰায় ৭৫গৰাকী লোক।
Sangita Dutta Editor in Chief Rnewsindia24.com