Droupadi Murmu

দিনটোৰ ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

১/ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক নতুন দিল্লীস্থিত কাৰ্যালয়ত সাক্ষাৎ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনিল কুমাৰ পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য আৰু মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াই।

২/ ৰাষ্ট্ৰপতি হিচাপে দুবছৰ সম্পূৰ্ণ দ্ৰৌপদী মুৰ্মুৰ।

আজিৰ এই বিশেষ দিনটোত শিক্ষয়িত্ৰী ৰূপে দেখা যায় ৰাষ্ট্ৰপতিগৰাকীক।

ড০ ৰাজেন্দ্ৰ প্ৰসাদ কেন্দ্ৰীয় বিদ্যালয়ত পাঠদান কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

৩/ সলনি হ’ল ৰাষ্ট্ৰপতি ভৱনৰ দৰবাৰ হল আৰু অশোক হলৰ নাম।

এতিয়াৰে পৰা ‘দৰবাৰ হল’ক ‘গণতন্ত্ৰ মণ্ডপ’ আৰু ‘অশোক হল’ক জনা যাব ‘অশোক মণ্ডপ’ হিচাপে।

ৰাষ্ট্ৰপতি ভৱনৰ দুটা গুৰুত্বপূৰ্ণ হলৰ নাম সলনিত অনুমোদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ।

৪/ অসম অলিম্পিক সন্থাৰ উদ্যোগত হোটেল ভিভান্তাত পেৰিছ অলিম্পিকত অংশ লোৱা অসমৰ খেলুৱৈ সকলৰ অভিনন্দন অনুষ্ঠান।

উপস্থিত থাকে মন্ত্ৰী পিয়ুষ হাজৰিকা, অৰ্জুন মনালিছা মেহতা বৰুৱা, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, ভাৰতীয় বক্সিং ফেডাৰেচনৰ সচিব হেমন্ত কলিতা৷

উক্ত অনুষ্ঠানত সঞ্জনা বৰুৱা, সাঁতোৰবিদ এলভিছ আলী হাজৰিকাক জনোৱা হয় সম্বৰ্ধনা৷

৫/ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত নতুন বেলেষ্টিক মিছাইলৰ সফল পৰীক্ষণ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ।

৫ হাজাৰ কিলোমিটাৰ দূৰত্ব ভেদ কৰিব পাৰিব এই ক্ষেপণাস্ত্ৰই।

দেশৰ বিজ্ঞানী, DRDOক শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

৬/ কাইলৈৰ পৰা আৰম্ভ হ’ব APSCৰ মূল পৰীক্ষা। APSCৰ পৰীক্ষাক লৈ ঐতিহাসিক সিদ্ধান্ত।

প্ৰথমবাৰৰ বাবে ইংৰাজীৰ উপৰিও অসমীয়া ভাষাত থাকিব প্ৰতিটো প্ৰশ্ন।

৭/ ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি হিচাপে নিযুক্তি লাভৰ পাছতেই আজি আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে ৰাকেশ দাসে৷

৮/ দেশৰ মহাকাশ বিজ্ঞান গৱেষণাক এক নতুন মাত্ৰা প্ৰদান কৰা চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ প্ৰথম বার্ষিকীৰ সময়তে এক সুখবৰ।

ভাৰতৰ এই সফল চন্দ্ৰ অভিযানলৈ আগবঢ়োৱা হৈছে এক সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মহাকাশ বঁটা।

অহা অক্টোবৰ মাহত এই বঁটা তুলি দিয়া হ’ব ইছৰ’ৰ হাতত।

৯/ কাইলৈ কাৰ্গিলত ড্রাচভেলীত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত কৰিব কাৰ্গিল বিজয় দিৱস।

কাৰ্গিল বিজয় দিৱসত উপস্থিত থাকিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোডী।

১০/ তামিলনাডু কইম্বটুৰত বিনিয়োগৰ সুবিধা সন্দৰ্ভত বিশেষ অধিৱেশন।

অধিৱেশনত উপস্থিত থাকে

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ।

১১/ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত বিশেষ কাৰ্যসূচী।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজন কৰে এই কাৰ্যসূচী।

বান খহনীয়া, অসমৰ ভৱিষ্যৎ শীৰ্ষক আলোচনা চক্ৰৰ অনুষ্ঠিত কৰে।

১২/ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মাৰ দিন বৃদ্ধি।

৮ আগষ্টলৈকে ন্যায়িক জিম্মাত থাকিব লাগিব অৰবিন্দ কেজৰিৱাল।

সুৰা নীতি কেলেংকাৰীৰ গোচৰত ৰৌজ এভিনিউ আদালতৰ দিন বৃদ্ধি।

১৩/ ‘১৫ আগষ্টৰ ভিতৰত পূৰণ হ’ব প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদ’।

১০০ বা তাতোধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়তহে দিয়া হ’ব প্ৰধান শিক্ষক নিযুক্তি।

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশনত এই ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।

১৪/ মাণ্ডি সমষ্টিৰ সাংসদ কংগনা ৰাণাৱটলৈ জাননী জাৰি হিমাচল উচ্চ ন্যায়ালয়ৰ।

২১ আগষ্টৰ ভিতৰত জাননীৰ সঁহাৰি জনোৱাৰ নিৰ্দেশ ন্যায়ালয়ৰ।

মাণ্ডী সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কিন্নৌৰৰ এগৰাকী প্ৰাৰ্থীৰ আৱেদনৰ ভিত্তিত জাননী জাৰি।

প্ৰাৰ্থীগৰাকীৰ মনোনয়ন ভুল কাৰণত নাকচ কৰাৰ অভিযোগ ।

১৫/ যোৰহাট জিলা কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰাতুল বৰাৰ পদত্যাগ।

দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ৰাতুল বৰাই।

১৬/ কটন মহাবিদ্যালয়ৰ (বৰ্তমানৰ বিশ্ববিদ্যালয়) পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ দিলীপ শৰ্মাৰ দেহাৱসান।

হৃদৰোগত আক্ৰান্ত হৈ নেমকেয়াৰ হাস্পতালত আজি শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট পদাৰ্থ বিজ্ঞানীগৰাকীয়ে।

১৭/ শীঘ্ৰেই ছবিগৃহলৈ আহিব আন এক অসমীয়া ছবি ‘পিশাচ’।

বুধবাৰে অনুৰাধা চিনেমা হলত অনুষ্ঠিত হয় ছবিখনৰ প্ৰিমিয়াৰ শ্ব’।

২ আগষ্টত ছবিগৃহত মুক্তি পাব ছবিখন।

১৮/ কাৰ্বি আংলঙৰ গ্ৰেজিং ৰিজাৰ্ভৰ ভূমিত চলিব উচ্ছেদ অভিযান।

প্ৰশাসনে জাননী আঁৰি দিয়াৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

তুলিৰাম ৰংহাঙৰ উপস্থিতিত আঁৰি দিয়া হয় ফলক।

১৯/ মহানগৰীত STFৰ ড্ৰাগছবিৰোধী অভিযান।

হাতীগাঁৱৰ নটবমাৰ পৰা জব্দ কৰে ১ কোটি ২০ লাখ টকাৰ হেৰ’ইন ।

অলি দেৱী বেগম নামৰ এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

জব্দ হয় ১৩ পেকেট হেৰ’ইন।

২০/ ধিঙত সংঘটিত চুৰিৰ ঘটনাক লৈ ৰাইজৰ প্ৰতিবাদ৷

ধিং চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

ভিন্ন কৌশল অৱলম্বন কৰি চোৰে চলায় আহিছে লুটপাট৷

স্প্ৰে মাৰি চুৰিৰ লগতে মহিলাক নিৰ্যাতন চলাইছিল চোৰে৷

আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ৷

 

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *