১/ সামৰণি পৰে লোকসেৱা ভৱনত অনুষ্ঠিত হৈ থকা জিলা আয়ুক্ত সন্মিলন।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিভাগীয় মন্ত্ৰীসকল, আৰু আয়ুক্ত সকল।
২/ AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ পদত্যাগ।
নিৰ্বাচনী বিপৰ্যয়ৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ঘোষণা বদৰুদ্দিন আজমলৰ।
দলীয় সতীৰ্থসকলৰ অনুৰোধত পদত্যাগৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা বদৰুদ্দিন আজমলৰ।
৩/ আজিৰে পৰা কোকৰাঝাৰত আৰম্ভ হৈছে ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা৷
ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিটি আৰৰ প্ৰধান প্ৰমোড বড়োৱে।
১৬ আগষ্টলৈ অনুষ্ঠিত হ’ব ফুটবল প্ৰতিযোগিতাখন৷
৪/ ৰাজ্যত শীঘ্ৰে আৰম্ভ হ’ব বিষয় শিক্ষক নিযুক্তি প্ৰক্ৰিয়া।
কোন বিষয়ত কিমান শিক্ষকৰ প্ৰয়োজন তথ্য যুগুতাইছে বিভাগে।
TEACHER REQUIREMENT TESTৰ জৰিয়তেহে পাব এই পদত নিযুক্তি।
নতুন নিযুক্তি প্ৰক্ৰিয়াক লৈ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ।।
৫/ লাভ জেহাদত যাৱজ্জীৱন কাৰাদণ্ড।
অবৈধ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে বিধানসভাত বিধেয়ক যোগী আদিত্যনাথ চৰকাৰৰ।
লাভ জেহাদত লিপ্ত হোৱা লোকসকলক আজীৱন কাৰাদণ্ডৰ প্ৰস্তাৱ দি বিধানসভাত যোগী চৰকাৰে বিধেয়কখন উত্থাপন কৰিছিল।
কিন্তু পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ বিধানসভাত গৃহীত হয় অবৈধ ধৰ্মান্তৰকৰণ নিষেধাজ্ঞা ২০২৪ বিধেয়কখন।
৬/ অসমৰ নৱনিযুক্ত ৰাজ্যপালৰ শপতগ্ৰহণ অনুষ্ঠান।
শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰা হয় শপত গ্ৰহণ অনুষ্ঠান৷
ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গ্ৰহণ কৰে শপত।
৭/ ৰাজভৱনত গুলাব চান্দ কাটাৰিয়াক বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞাই৷
৮/ ১ আগষ্টৰ পৰা ৰাজ্যত বৃদ্ধি পাব চৰকাৰী চিকিৎসা ব্যয়৷
ৰোগীৰ নাম পঞ্জীয়নকে ধৰি সকলো সেৱাতে বৃদ্ধি পাব মাচুল৷
৯/ ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাক ৰাজ্যিক বিজেপি বিষয়ববীয়াই বিদায়ী সম্বৰ্ধনা জ্ঞাপন কৰে।
১০/ অসমত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবলৈ বিশেষ পৰিকল্পনা৷
অসমত হোম ষ্টেৰ ব্যৱস্থা কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
১১/ পেৰিছ অলিম্পিকত ভাৰতৰ দ্বিতীয়টো পদক জয়।
মিক্সড ১০ মিটাৰ এয়াৰ পিষ্টলত ভাৰতৰ সাফল্য।
ব্ৰঞ্জৰ পদক লাভ কৰে ভাৰতৰ দলটোৱে।
দক্ষিণ কোৰিয়াৰ খেলুৱৈক পৰাস্ত কৰি এই সাফল্য সৰবজোৎ সিং আৰু মনু ভাকৰৰ।
১২/ ৰাজ্যৰ ৫ সমষ্টিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ।
বঙাইগাঁও সমষ্টিৰ মুঠ ভোটাৰ ১,৮২,৩৫৪ জন।
ইয়াৰে পুৰুষ ভোটাৰ ৮৯,৫১০ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৯২,৮৪২ গৰাকী।
সমষ্টিটোত আছে দুগৰাকী তৃতীয় লিংগৰ ভোটাৰ।
সমষ্টিটোৰ মুঠ ভোট কেন্দ্ৰৰ সংখ্যা ২৪৬ টা।
১৩/ চামগুৰিত মুঠ ভোটাৰৰ সংখ্যা ১,৮০,৪৪৮ জন।
ইয়াৰে পুৰুষ ভোটাৰ ৯১,৩০৪ জন আৰু মহিলা ভোটাৰ ৮৯,১৩৩ গৰাকী।
লগতে আছে ১১ গৰাকী তৃতীয় লিংগৰ ভোটাৰ।
সমষ্টিটোৰ মুঠ ভোটকেন্দ্ৰৰ সংখ্যা ১৯৭ টা।
১৪/ অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবীত উত্তাল চচল৷
আপ অসমৰ শতাধিক নেতা-কৰ্মীৰ বিক্ষোভ কাৰ্যসূচী৷
হাতে হাতে প্লে-কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ।
১৫/ কেৰালাৰ ৱায়নাডত প্ৰবল বৰষুণৰ লগতে ভয়ংকৰ ভূমিস্খলন৷
ভূমিস্খলনত শিশুসহ ৬৩ জনকৈ লোকৰ মৃত্যু হয়।
বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান৷
১৬/ ঝাৰখণ্ডৰ বাৰাবাম্বু ষ্টেচনৰ সমীপত ৰে’ল দুৰ্ঘটনা৷
এখন মালবাহী ৰে’লৰ সৈতে সংঘৰ্ষ হাওৰা-মুম্বাই এক্সপ্ৰেছৰ৷
লাইনচ্যুত হয় হাওৰা-মুম্বাই এক্সপ্ৰেছৰ ১৮টাকৈ দবা৷
দুৰ্ঘটনাত ২জন নিহত হয় আৰু আহত হয় প্ৰায় ১৫০জন৷
১৭/ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হয় এটি শিশুৰ।
মৃত শিশুটি গহপুৰ চাহ বাগিচাৰ স্বাতী শৰ্মা।
GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় শিশুটিৰ।
১৮/ মহানগৰীত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ।
পল্টন বজাৰত দুষ্টচক্ৰৰ কবলৰ পৰা উদ্ধাৰ কৰে কিশোৰী-যুৱতীক।
এখন হোটেলৰ পৰা উদ্ধাৰ কৰে ওদালবাক্ৰা আৰক্ষীয়ে।
নাৰী সৰবৰাহকাৰী চক্ৰক বিক্ৰীৰ পৰিকল্পনা দুষ্টচক্ৰৰ। ঘটনা সন্দৰ্ভত শ্বাহজাহান আলী নামৰ এজনক গ্ৰেপ্তাৰ কৰে।
১৯/ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন।
গুৱাহাটীৰ শিল্পগ্ৰামত অনুষ্ঠিত হয় ৩৪ সংখ্যক প্ৰতিষ্ঠা দিৱস।
২০/ মেঘালয়ত অসমৰ পঞ্জীয়নযুক্ত বাহন প্ৰৱেশক লৈ শেহতীয়া সিদ্ধান্ত।
ব্যক্তিগত পঞ্জীয়নৰ বাহন লৈ ভাৰা মাৰিব নোৱাৰিব মেঘালয়ত।
বাণিজ্যিক বাহন চলাচলত নাথাকে কোনো বাধা, ব্যক্তিগত বাহনৰ ক্ষেত্ৰতো নাথাকে কোনো বাধা।
Sangita Dutta Editor in Chief Rnewsindia24.com