১/ আজি তিনিখন বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে ড০ ননীগোপাল মহন্তই।
ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে ঘনপতি ডেকাই।
ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে শপত গ্ৰহণ কৰে মানৱেন্দ্ৰ দত্ত চৌধুৰীয়ে।
অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়া আৰু বহু গণ্য মান্য ব্যক্তি।
২/ আজি গুৱাহাটীত আয়ুক্ত সন্মিলন।
সন্মিলনত অংশগ্ৰহণ কৰে প্ৰতিখন জিলাৰ আয়ুক্তই।
অসম সচিবালয়ৰ লোকসেৱা ভৱনত অনুষ্ঠিত কৰা হয় এই বৈঠক।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু বিভাগীয় মন্ত্ৰী বিষয়া সকল।
৩/ বছৰৰ শেষৰফালে হ’ব পঞ্চায়ত নিৰ্বাচন।
৩১ ডিচেম্বৰৰ ভিতৰতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড’হিমন্ত বিশ্ব শৰ্মাই।
৪/ ২ অক্টোবৰৰ পৰা আৰম্ভ হ’ব উপ-জিলাৰ প্ৰশাসনিক ব্যৱস্থা ।
কামৰূপ জিলাৰ হ’ব ২ খন উপ-জিলা।
নতুন ACS সকলক উপ-জিলাত নিযুক্তি প্ৰদান কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
৫/ বোকাখাতৰ ক্ৰীড়া অনুৰাগী আৰু নৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰশিক্ষাৰ্থীসকলৰ বাবে মুকলি কৰা হয় বোকাখাত টিনিছ ক্লাব।
মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা৷
৬/ ৰাজ্যিক ভিত্তিত অনুষ্ঠিত ১০ মিটাৰ পিষ্টল শ্বুটিঙত গ’ল্ড মেডেল লাভ এঞ্জেল মহন্তৰ৷
২৫ মিটাৰ পিষ্টল শ্বুটিঙৰ ছিনিয়ৰ শাখাটো গ’ল্ড মেডেল লাভ কৰে এঞ্জেলে৷
৭/ চৰকাৰী কাৰ্যসূচীত এতিয়াৰে পৰা নচলিব আমিষ খাদ্য।
চৰকাৰী কাৰ্যসূচীৰ খাদ্য হ’ব সম্পূৰ্ণ নিৰামিষ।
জিলা আয়ুক্তসকলক কঠোৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।
৮/ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে CBIৰ চাৰ্জশ্বীট দাখিল ।
ৰাউজ এভিনিউ আদালতত দিল্লীৰ সুৰানীতি কেলেংকাৰি গোচৰৰ চাৰ্জশ্বীট দিয়ে CBI-এ।
৯/ কাৰ্বি আংলঙত কাৰ্যকৰী হয় নতুন ব্যৱসায়িক কৰ।
স্থাপন কৰা হয় ৪ টা নতুন চেক পইণ্ট।
নতুন চেক পইণ্টৰ বাবে নিৰ্ধাৰণ কৰা হৈছে ৬টা স্থান ।
কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে গ্ৰহণ কৰে এই ব্যৱস্থা।
১০/ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে অঘটন৷
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় অভিনেতা ৰবি শৰ্মা৷
একুৰিয়াম ব্লাষ্টৰ দৃশ্যগ্ৰহণ কৰি আছিল অভিনেতাগৰাকীয়ে৷
১১/ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ড৹ মোহন চন্দ্ৰ কলিতাই কাৰ্যভাৰ গ্ৰহণ কৰে ৷
ড৹ মোহন চন্দ্ৰ কলিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ প্ৰযুক্তি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক৷
১২/ আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস।
দ্য কৰ্বেট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাত ব্যাঘ্ৰ দিৱসৰ আয়োজন কৰা হয়।
১৩/ APSCৰ নিযুক্তি কেলেংকাৰি।
ৰাকেশ পালক ১৪ বছৰৰ কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা।
APSCৰ সদস্য ছামেদুৰ ৰহমান আৰু বসন্ত দলেক ১০ বছৰৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমনা।
২৯জন কৰ্মচাৰীক ৪ বছৰৰ কাৰাদণ্ড।
১৪/ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নতুন ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য৷
বিমানবন্দৰত চন্দ্ৰমোহন পাটোৱাৰী আৰু বিশ্বজিৎ দৈমাৰীয়ে আদৰণি জনায় ৰাজ্যপালগৰাকীক৷
১৫/ মহানগৰীৰ উজানবজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত বিশেষ অনুষ্ঠান৷
সূত্ৰধাৰী নৃত্যৰ কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ লগতে প্ৰশিক্ষণৰত শিক্ষাৰ্থীসকলৰ দ্বাৰা এক মনোগ্ৰাহী অনুষ্ঠানৰ আয়োজন কৰা হয়৷
অনুষ্ঠানত উপস্থিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী৷
১৬/ শোণিতপুৰ জিলা চিটুৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী৷
তেজপুৰ সহকাৰী শ্ৰম আয়ুক্ত কাৰ্যালয়ত ধৰ্ণা৷
চাহ শ্ৰমিক, অংগনৱাড়ী কৰ্মী, ৰন্ধন কৰ্মী, আশা কর্মীৰ প্ৰতিবাদ৷
শ্ৰমিক-কৰ্মীৰ মজুৰি বৃদ্ধিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মীসকলে।
১৭/ গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটি প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠান৷
জিলাখনৰ HSLC আৰু HS পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
এই বিশেষ অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে শংকৰজ্যোতি বৰুৱা৷
১৮/ মৰাণত বনৰীয়া ম’হৰ আক্ৰমণত নিহত এজন।
নিহত লোকজন ২ নং বুঢ়ীখোৱাঙৰ দেৱেশ্বৰ চেলেং।
পথাৰৰ পৰা অহাৰ সময়তে ম’হে আক্ৰমণ কৰে লোকজনক।
ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত লখেন শইকীয়া আন এজন।
১৯/ বিশ্বনাথত কৃষি মহাবিদ্যালয়ৰ পৰীক্ষাৰ্থীৰ প্ৰতিবাদ।
৩ দিন ধৰি বিশ্বনাথত নাই বিদ্যুত্ সেৱা।
বিদ্যুত্ সেৱা নথকাৰ বাবে হাৰাশাস্তি ভুগিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে।
পৰীক্ষা পিছুৱাই দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ-ছাত্ৰীয়ে।
মহাবিদ্যালয় কৰ্তৃপক্ষই জেনেৰেটৰ যোগান নধৰাৰো অভিযোগ।
২০/ মাতৃৰ চিকিৎসা কৰাবলৈ গৈ পুত্ৰৰ মৃত্যু।
হায়দৰাবাদত চিকিৎসালয়ৰ বিল পৰিশোধ কৰিব নোৱাৰাত আনিব পৰা নাই ধ্ৰুৱজ্যোতি নাথৰ মৃতদেহ।
মুম্বাইৰ অসম ভৱনত আছে ধ্ৰুৱজ্যোতিৰ মাতৃ।
Sangita Dutta Editor in Chief Rnewsindia24.com