তিনি সহস্ৰাধিক জনতাৰ উপস্থিতিত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” ৰূপায়ন।

Spread the love

Mising Autonomous Council

প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা

Mising Autonomous Council

২৪/৮/২০২৪ তাৰিখে তিনি সহস্ৰাধিক জনতাৰ উপস্থিতিত যোৰহাট জিলাৰ চাৰিগাওঁ মুৰংঘৰ প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন অনুষ্ঠিত কৰে।

Mising Autonomous Council

সন্মিলিত গণশক্তি অসমৰ নেতৃত্বাধীন মিচিং স্বায়ত্বশাসিত পৰিষদৰ দহ বছৰীয় কাৰ্য্যকালত কি কি উন্নয়নমূলক কাম কৰা হল আৰু আগন্তুক ৫ বছৰত কি কি পৰিকল্পনা কৰা হৈছে সেই বিষয়ে ৰাইজক অবগত কৰাৰ উদ্দেশ্যে পৰিষদৰ ৩৫ খন সমষ্টিত “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পৰিষদে।

Mising Autonomous Council

তাৰেই অংশ শ্ৰৰূপে ২৪/৮/২০২৪ তাৰিখে তিনি সহস্ৰাধিক জনতাৰ উপস্থিতিত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিৰ “প্ৰতিশ্ৰুতি, প্ৰতিফলন আৰু পৰিকল্পনা” শীৰ্ষক সভাখন অনুষ্ঠিত কৰে।

Mising Autonomous Council

সভাত সভাপতিত্ব কৰে প্ৰাক্তন সভাপতি কাপুৰাম পেগুৱে। আদৰণি ভাষণ প্ৰদান কৰে MMKৰ সভাপতি হৰেন চন্দ্ৰ ৰিচঙে।

Mising Autonomous Council

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ উপাধ্যক্ষ যগেশ্বৰ কুটুমে।

Mising Autonomous Council

উক্ত সভাত ৩৩ নং যোৰহাট পৰিষদীয় সমষ্টিত যোৱা ৫ টা বছৰত ৰূপায়ন কৰা শিক্ষা, স্বাস্থ্য, কৃষি, জনস্বাস্থ্য, জলসম্পদ আদি বিভাগৰ লগতে মুৰংঘৰ, ৰংগমঞ্চ, ৰাজহুৱা প্ৰেক্ষাগৃহ, নামঘৰ, থান, মন্দিৰ, পথ, দলং, কালভাৰ্ট, ওখ ভেটিকে ধৰি বিভিন্ন আঁচনিৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক ৫ বছৰৰ বাবে পৰিষদৰ পৰিকল্পনাৰ সম্পৰ্কে অৱগত কৰি ৰূপায়নৰ বাবে ৰাইজৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে স্থানীয় সাধাৰণ সদস্য তথা কাৰ্য্যবাহী সদস্য পুৰুষোত্তম দলেয়ে।

Mising Autonomous Council

উপস্থিত থাকে যোৰহাট জিলা TMPKৰ সভাপতি বাবাই পেগু, MMKৰ সম্পাদক ৰাজেন পেগু, TMMKৰ সভানেত্ৰী পদমিনি পেগু কামান, সম্পাদিকা ৰূপা দলে, প্ৰচাৰ সম্পাদিকা বাসবী পেগু, গনশক্তিৰ গোলাঘাট জিলাৰ কাৰ্য্যবাহী সভাপতি গোপাল মিলি, বিজেপিৰ ঢেকাৰগ্ৰহ খণ্ডৰ সভাপতি চিত্তৰঞ্জন দাস, ITDP যোৰহাট জিলা মহকুমাৰ অধ্যক্ষ কুশল পেগু, MMKৰ সদস্য অতুল মিচং, জনজাতি মিচিং হাইস্কুলৰ চন্দ্ৰ বৰা, ভোজখাতি এম.ই স্কুলৰ প্ৰধান শিক্ষক ৰাজেন শৰ্মা, আমগুৰি এম.ই স্কুলৰ প্ৰধান শিক্ষক লক্ষ্যৰাম পেগু,
গাঁৱৰ গাম সকল,বিশিষ্ট ব্যক্তি/নাগৰিক সকল, বিজেপি, গণশক্তি, MBK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰ, জিলা, খণ্ড, আঞ্চলিক আৰু শাখা শক্তিৰ বিষয়ববীয়াৰ লগতে তিনি সহস্ৰাধিক ৰাইজ।

Mising Autonomous Council

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *