অসম গৌৰৱ ভোগালী জলপানৰ মুখ্য কাৰ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় বঁটা বিজয়ী দিৱস” উদযাপন।
অসমীয়া জাতীয় জীৱনৰ লগত জড়িত এক বিশেষ নাম “ভোগালী জলপান”।
নিচেই চালুকীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি আজিৰ পৰ্যায়ত উপনীত হোৱা ‘ভোগালী জলপান’ বহুতৰে প্ৰেৰণাৰ উৎস।
প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী অজিত শৰ্মা বৰুৱাই অহোপুৰুষাৰ্থৰ কাহিনীয়ে নৱ-প্ৰজন্মক উদ্বুদ্ধ কৰে।
স্কুলীয়া দিনত শ্ৰেণীৰ বিৰতিৰ সময়ত দেউতাকৰ দোকানত সহায় আগবঢ়োৱাৰ পৰত সময় বচোৱাৰ বাবে চানা, মৰ্টনবোৰ আগতীয়াকৈ ‘পেকেট’ কৰি থোৱাৰ কথাটোৰেই তেখেতে অজানিতেই অসমীয়া ‘পেকেজড্ খাদ্য’ৰ চিন্তাৰো সূচনা কৰিছিল।
ডেকাকালত সেয়ে জীৱন সংগ্ৰামৰ পাতনি মেলিবলৈ তেখেতে হাজাৰ ব্যৱসায়ৰ মাজৰ পৰা বাচি উলিয়াইছিল মাতৃয়ে নিজহাতে গাঁৱৰ ঘৰৰ পৰা গুৱাহাটীলৈ বুলি টোপোলা বান্ধি দি পঠিওৱা নিভাঁজ অসমীয়া খাদ্যসম্ভাৰৰ ব্যৱসায়িক ভিত্তিটো, তাৰ সম্ভাৱনাময় ভৱিষ্যতক।
এই আশাসুধীয়া প্ৰচেষ্টাক ৰাইজে মৰম দিলে, আদৰি ল’লে।
দৈনিক কঠোৰ পৰিশ্ৰম কৰি, ভাগৰিও আলস্য আৰু ক্লান্তিক প্ৰশ্ৰয় নিদি আজিত শৰ্মা বৰুৱাৰ সৈতে তেওঁৰ সহধৰ্মিনীয়েও চলাই গৈছিল ‘ভোগালী জলপান’ক বিশ্বমুখী কৰাৰ অহৰহ সংগ্ৰাম।
সেই সংগ্ৰামৰে ফচল আজিৰ এই সাফল্য আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ।
৩১/৮/২০২৪ তাৰিখে অসম গৌৰৱ ভোগালী জলপানৰ মুখ্য কাৰ্যালয়ত দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে “ৰাষ্ট্ৰীয় বঁটা বিজয়ী দিৱস” উদযাপন কৰে।
পুৱা পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলন কৰে ভোগালী জলপানৰ পৰিচালন সঞ্চালক অজিৎ শৰ্মা বৰুৱাই, সহযোগীতা আগবঢ়াই পৰিচালিকা অঞ্জলি শৰ্মা বৰুৱা আৰু কৰ্মচাৰী সকলে।
অনুষ্ঠানটি
কৰ্মচাৰী সকল দ্বাৰা সমবেত সংগীতেৰে শুভাৰম্ভণি কৰে।
উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি “positive thinking in day to day” শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে BK Ruma (Brahmakumari)য়ে।
আৰু “Role of Dedication in everyday work” শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য প্ৰদান কৰে IIEৰ অৱসৰপ্ৰাপ্ত বিষয়া J C কলিতাই।
বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পবিত্ৰ শৰ্মা।
বঁটা (প্ৰেৰণা বঁটা ) প্ৰাপক সকল ক্ৰমে –
উপস্থিতিৰ ভিত্তিত-
মনজিৎ বড়ো, মঃ সমীৰ আলী আৰু বিজু কৈৱৰ্ত্য।
বিক্ৰী আৰু গাড়ীচালনাৰ বাবে-
দিবাকৰ চৌধুৰী, বুবুল তালুকদাৰ আৰু বিপুল দাস।
সময়ানুবৰ্তিতাৰ বাবে-
ধীৰেণ হাজৰিকা আৰু নীলমণি বড়ো।
‘অল ৰাউণ্ডাৰ’ অৰ্থাৎ ‘সৰ্বগুণী’ প্ৰেৰণা বঁটা লাভ কৰে কনক কলিতা, কৃতাৰ্থ শৰ্মা আৰু অশোক শৰ্মাই।
শ্ৰেষ্ঠ মহিলা কৰ্মচাৰীৰ প্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে জুমিলা বালা হাজং আৰু মীৰা দাসলৈ।
একেদৰে, শ্ৰেষ্ঠ পুৰুষ কৰ্মচাৰীৰ প্ৰেৰণা বঁটা দিগন্ত নাথ আৰু নজৰুল ইছলামে লাভ কৰে।
‘শ্ৰেষ্ঠ সমন্বয়’ৰ প্ৰেৰণা বঁটা লাভ কৰোঁতাসকল ক্ৰমে-
বিৰাজ দাস, অচ্যুৎ কলিতা, বিষ্ণু প্ৰসাদ শৰ্মা, পৰেশ ডেকা আৰু ৰূপক তহবিলদাৰ।
ইয়াৰ লগতে কুলেন বৰ্মন, জয়নাথ ডেকা, মানস পাঠক আৰু মঃ আজনুৰ আলিয়ে প্ৰেৰণা বঁটা লাভ কৰে।
জ্যেষ্ঠ কৰ্মচাৰী হিচাপে কৃষ্ণ বৰ্মন আৰু সুমিত্ৰা শৰ্মালৈ প্ৰেৰণা বঁটা আগবঢ়োৱা হয় ।
ইয়াৰ উপৰিও, শ্ৰেষ্ঠ প্ৰাক্তন কৰ্মচাৰী হিচাপে গিৰিণ মুদিয়াৰৰ লগতে গজেন দাস, দিগন্ত দাস আৰু ভোগালী জলপানৰ অন্যান্য কৰ্মচাৰীসকললৈ ফুলাম গামোচা আৰু উপহাৰৰ টোপোলাৰে সন্মান যাচে।
আনহাতে, কৰ্মচাৰী আৰু কৰ্মচাৰী সকলৰ সন্তানৰ প্ৰতিভা প্ৰদৰ্শনৰ এক বিশেষ কাৰ্য্যসূচীও ৰূপায়ন কৰা হয়। কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰতিগৰাকীক বিশেষ উপহাৰ প্ৰদান কৰা হয়।
এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আতঁ ধৰে ভোগালী জলপানৰ প্ৰাক্তন কৰ্মচাৰী ঋতুপৰ্ণা শৰ্মাই।
শেষত জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰে।
Rnewsindia24.com