১/ ঝাৰখণ্ডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
শুক্ৰবাৰে বিজেপিত যোগদানৰ পিছত চম্পাই চুৰেণৰ বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা।
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনোৱাৰ লগতে মা কামাখ্যা দৰ্শনৰ বাবেও আহ্বান জনাই মুখ্যমন্ত্ৰী ড’ শৰ্মাই।
২/ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
৫২ সংখ্যক ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
স্থানীয় ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
৩/ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে সুখবৰ।
বিশেষ নিযুক্তিৰ জৰিয়তে নিয়মীয়াকৰণ ২৩,৯৫৬ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ পদ।
২ ছেপ্টেম্বৰত খানাপাৰাত বিতৰণ কৰিব নিযুক্তি পত্ৰ।
৪/ গুৱাহাটী মহানগৰীত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা৷
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজানননী৷
৫/ ভূতত্ব আৰু খনিবিভাগৰ সৈতে AMDCLৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ৷
চুক্তি স্বাক্ষৰত উপস্থিত থাকে মন্ত্ৰী যোগেন মহন, AMDCLৰ উপাধ্যক্ষ অশোক ভড়ালী আৰু ভূতত্ব-খনি বিভাগৰ সঞ্চালক এন. আনন্দসহ আন বহু বিষয়া৷
উল্লেখ্য যে, এই চুক্তি অনুসৰি ডিমা হাছাওৰ ২০০বিঘা ভূমিত চূণশিলৰ খনন কৰিব AMDCLয়ে৷
৬/ ICCৰ অধ্যক্ষ হ’ব জয় শ্বাহ।
অহা ডিচেম্বৰত ICCৰ অধ্যক্ষ হিচাপে দায়িত্ব ল’ব বৰ্তমান BCCIৰ সচিবগৰাকীয়ে।
বিনা প্ৰতিদ্বন্দ্বিতাৰে ১৫ জনীয়া সদস্যই জয় শ্বাহক পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।
জয় শ্বাহ হ’ব ICCৰ ইতিহাসৰ সৰ্বকালৰ সৰ্ব কনিষ্ঠ অধ্যক্ষ।
৭/ শিৱসাগৰৰ মটক গোহাঁইগাঁৱত পুখুৰীত বিহ দি মাছ নিধন দুষ্কৃতিকাৰীৰ।
দিগন্ত ফুকন নামৰ মৎস্য ব্যৱসায়ীগৰাকীৰ পুখুৰীত দিছিল বিহ।
শিৱসাগৰৰ আৰক্ষী অধীক্ষকক ঘটনাৰ তদন্তৰ নিৰ্দেশ DGP জি পি সিঙৰ।
X যোগে ঘোষণা কৰে DGP জি পি সিঙৰ।
৮/ পৃথ্বিৰাজ সাথেক পুনৰ অসম কংগ্ৰেছৰ দায়িত্ব।
পুনৰ সহঃতত্ত্বাৱধায়ক হিচাপে নিযুক্তি সাথেক।
সাথেৰ লগতে জিতেন্দ্ৰ বাঘেলকো অসমৰ দায়িত্ব।
তত্ত্বাৱধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ সহযোগী হ’ব দুই নেতা।
৯/ অসম-অৰুণাচল সীমান্তত অবৈধ অস্ত্ৰৰ লগতে বিস্ফোৰক সামগ্ৰী উদ্ধাৰ।
তিনিচুকীয়া আৰক্ষীয়ে উদ্ধাৰ কৰে বিস্ফোৰক সামগ্ৰীখিনি।
বিস্ফোৰকখিনি কোনো নিষিদ্ধ সংগঠনৰ বুলি সন্দেহ আৰক্ষীৰ।
সামাজিক মাধ্যমযোগে এই কথা জনাই DGP জি পি সিঙে।
১০/ ডুৰাণ্ড কাপ ২০২৪ৰ চেম্পিয়ন NEUFC।
কলকাতাত অনুষ্ঠিত ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেডে পৰাস্ত কৰে মোহন বাগান দলক।
পেনাল্টি শ্বটু আউটত জয়েৰে প্ৰথমবাৰলৈ খিতাপ দখল।
১১/ ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত ভয়ংকৰ ঘটনা।
কনিষ্টবলে গুলীয়ালে আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক।
IC তীৰ্থ চেত্ৰীক গুলীয়ালে কনিষ্টবল প্ৰাঞ্জল বৰাই।
IC তীৰ্থ চেত্ৰীক AMCHত ভৰ্তি কৰোৱা হয়।
আৰক্ষীৰ জিম্মাত কনিষ্টবল প্ৰাঞ্জল বৰা।
১২/ লখিমপুৰত প্ৰথমবাৰলৈ মুকলি হ’ল মানৱ মল নিষ্কাশন কেন্দ্ৰ ও উদ্যান।
লখিমপুৰ পৌৰ সভাৰ ১ কোটি ৫০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হয়।
অত্যাধুনিক কেন্দ্ৰটো আজি বগলীজানত মুকলি কৰা হয়।
কেন্দ্ৰটোত মানৱ মল নিষ্কাষণ কৰি অৱশিষ্টখিনিৰে প্ৰস্তুত কৰা হ’ব সাৰ।
১৩/ আজি শম্ভূ সীমান্তত কৃষক আন্দোলনে ২০০ দিনত ভৰি দিলে।
আন্দোলনথলীত উপস্থিত অলিম্পিয়ান ভিনেশ ফোগাট।
কৃষক আন্দোলনৰ প্ৰতি ভিনেশে সমৰ্থন প্ৰকাশ কৰে।
১৪/ উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ ঔষধ পৰিদৰ্শক।
ঔষধ পৰিদৰ্শক তেজেন্দ্ৰ শইকীয়াক গ্ৰেপ্তাৰ।
ফাৰ্মাচীৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ হয় তেজেন্দ্ৰ।
৪ হাজাৰ ৫০০ টকা উৎকোচ লওঁতেই গ্ৰেপ্তাৰ।
দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে তেজেন্দ্ৰ শইকীয়াক।
১৫/ ঢেকীয়াজুলিৰ দৈমালু জৌগাপুৰত মৰ্টাৰ উদ্ধাৰ৷
চেঁচা নদীত মাছমৰীয়াই উদ্ধাৰ কৰে মৰ্টাৰটো৷
মৰ্টাৰটো দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ বুলি অনুমান৷
বোমা বিশেষজ্ঞই বিস্ফোৰণ ঘটাইছে মৰ্টাৰটো৷
১৬/ তিনিচুকীয়াত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
হেৰ’ইনসহ ৩টা ড্ৰাগছ সৰবৰাহকাৰী আটক।
জব্দ কৰে ২০ লক্ষাধিক টকাৰ হেৰ’ইন।
আটক নৰোত্তম তামুলী, ডম্বৰু মৰাণ আৰু লক্ষেশ্বৰ দহোটীয়া।
ডিমাপুৰৰ পৰা অৰুণাচললৈ সৰবৰাহ কৰিছিল হেৰ’ইনখিনি।
১৭/ ওৰাঙত বাঘৰ আক্ৰমণত প্ৰাণ হেৰুওৱা গৃহৰক্ষী জোৱান ধনমণি ডেকাৰ পৰিয়াললৈ অসম আৰক্ষীৰ পৰা ২ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে।
১৮/ বঙাইগাঁৱৰ বৰপাৰাত খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদ।
ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে খিলঞ্জীয়া ঐক্য মঞ্চই।
বহিৰাগতৰ দপদপনিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী।
প্ৰতিবাদী কাৰ্যসূচীত সংগঠনৰ নেতা-কৰ্মীৰ অংশগ্ৰহণ কৰে।
১৯/ মিঞা গীত পৰিৱেশন কৰি আৰক্ষী জালত ইউটিউবাৰ আলতাৱ হুছেইন।
এক বিতৰ্কিত গীত পৰিৱেশন কৰি সাম্প্ৰদায়িক বাতাবৰণৰ সৃষ্টি কৰিছিল আলতাৱ হুছেইনে।
২০/ পুনৰ ৰাজ্যত ধাৰাষাৰ বৰষুণৰ আগজাননী।
৪ ছেপ্টেম্বৰলৈ ৰাজ্যত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে YELLOW এলাৰ্ট।
Sangita Dutta Editor in Chief Rnewsindia24.com