Mising Autonomous Council

Kapé MAC

Spread the love

 

Mising Autonomous Council
Mising Autonomous Council

Ankit Motors Gogamukh

■ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ অনুসৰি বুনিয়াদী স্তৰত আগন্তুক শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাত পাঠদানৰ বাবে প্ৰস্তুতি আৰম্ভ ।

২৭/১০/২০২৪ তাৰিখে জনতা ভৱনত বিভিন্ন জনগোষ্ঠীৰ স্বায়ত্বশাসিত পৰিষদ, সাহিত্য সভা আৰু ৰাজ্যিক শিক্ষা গৱেষণা, প্ৰশিক্ষণ পৰিষদৰ প্ৰতিনিধিৰ সৈতে বিশেষ বৈঠকত মিলিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু।

উক্ত বৈঠকত মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে, মিচিং আগম কেবাঙৰ বিষয়ববীয়া উপস্থিত থাকে।

■ ২২/১০/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যালয়ত হঠাৎ উপস্থিত হৈ পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াক সাক্ষাৎ কৰে ৰাজ্যৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

Paramananda Chayengia

সাক্ষাৎ কালত দুয়োগৰাকীয়ে ছাত্ৰ জীৱনৰ পৰা বৰ্তমানৰ সামাজিক জীৱনলৈকে বাৰ্তালাপ কৰে।

শেষত বহু ব্যস্ততাৰ মাজত ক্ষণতেক সময়ৰ বাবে MAC কাৰ্য্যালয়ত উপস্থিত হোৱাৰ বাবে সাংসদ গৰাকীক আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

■ ২২/১০/২০২৪ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদ ৰঙানদী সমষ্টিৰ নিৰ্মীয়মান সামুহিক সুবিধা কেন্দ্ৰ (Common Facility Centre) পৰিদৰ্শন
কৰে পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

Mising Autonomous Council

পৰিদৰ্শন কালত পৰিষদৰ কাৰ্য্যবাহী সদস্য তথা স্থানীয় সাধাৰণ সদস্য দেৱৰঞ্জন মৰাঙক
চলিত মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ দি কঠোৰ তদাৰক কৰিবলৈ দায়িত্ব অৰ্পণ কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

Mising Autonomous Council

■ ২৩/১০/২০২৪ তাৰিখে
TMPK, MMK, TMMK বিহপুৰীয়া জিলা সমিতিৰ উদ্যোগত বদতিস্থিত তানিঃ কুমদাং লত্তাত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বাঃতাক সমাৰোহ অনুষ্ঠিত কৰে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বহু বিশ্লেষণাত্মক তথা পৰামৰ্শমূলক বক্তব্য প্ৰদান কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

Mising Autonomous Council

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু।

উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যা ইন্দিৰা কুম্বাং,সাধাৰণ সদস্যদ্বয় দিলীপ পেগু, ৰাজু পেগু, MMK ৰ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMMKৰ সম্পাদিকা শৰ্মিলা পায়েং, TMPKৰ সভাপতি তিলক দলে, TMPK, MMK, TMMKৰ কেন্দ্ৰ, জিলা আৰু আঞ্চলিকৰ বিষয়ববীয়া।

■ ২৬/১০/২০২৪ তাৰিখে
ৰেগণ চাপৰিত কৰা ৫০ বিঘা তিলখেতি পৰিদৰ্শনৰ বাবে যোৱাৰ পথত ৰেগন চাপৰি, কমাণ চাপৰী আৰু ভৰতচুক গাঁৱৰ চোম, তিল খেতিয়ক আৰু ব্ৰয়লাৰ পালক সকলৰ সৈতে তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে বিশেষ আলোচনাত মিলিত হয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

Mising Autonomous Council

উক্ত আলোচনাত অহা ৯ নৱেম্বৰ তাৰিখে উল্লেখিত অঞ্চলৰ খেতিয়ক সকলক লৈ সমাৰোহ অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে কৃষক ৰাইজক।

■ ২৭/১০/২০২৪ তাৰিখে পাছিঘাট’ত অনুষ্ঠিত হোৱা, আদি-মিচিং বানে কেবাঙৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

Paramananda Chayengia

উক্ত অনুষ্ঠানত নৱ-নিৰ্বাচিত সভাপতি নৰেশ কুম্বাং, সাধাৰণ সম্পাদক নাৰমি টানি ময়ং আৰু নিৰ্বাচিত সমূহ বিষয়ববীয়াক আন্তৰিক অভিনন্দন ও শুভেচ্ছা জ্ঞাপন কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

 

 

 

Sangita Dutta Editor in Chief Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *