
ইণ্ডিয়ান পেনচাক চিলাট ফেডাৰশ্ব্যনৰ উদ্যোগত কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ ইণ্ড’ৰ ষ্টেডিয়ামত ১৬ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰ তাৰিখ লৈ সাতদিনিয়াকৈ অতি আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পেনচাক চিলাট প্ৰতিযোগিতা ২০২৪ ৰ সফল সামৰণি পৰে।

উক্ত প্ৰতিযোগিতাত অসমৰ ২২ গৰাকী পুৰুষ আৰু মহিলা খেলুৱৈয়ে টেণ্ডিং, টুংগল, গাণ্ডা, ৰেগু আৰু ক্ৰীয়েটিভ ছ’ল’ বিভাগত অংশগ্ৰহণ কৰি ১৭ টা সোন, ১৫ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জ সৰ্বমুঠ ৪০টা পদক জয় কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে।

দেশৰ ৩৬ খন ৰাজ্যৰ মুঠ ১২৫৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পেন্চাক চিলাট প্ৰতিযোগিতা খনিত অসমৰ হৈ – গোলাঘাটৰ অচ্যুমান বৰচেতীয়াই দুটা সোণ পদক, এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক, অনন্যা শইকীয়াই দুটা সোণৰ পদক আৰু এটা ৰূপৰ পদক, বদ্ৰীয়া গগৈয়ে তিনিটাকৈ সোণৰ পদক, এটা ৰূপৰ পদক আৰু দুটা ব্ৰঞ্জ পদক, অচ্যুত বড়োৱে দুটা ৰূপৰ পদক, প্ৰেৰণা হাজৰিকাই এটা সোণৰ পদক, ৰিম্পী গগৈয়ে দুটা সোণৰ আৰু এটা ব্ৰঞ্জৰ পদক, মনিকা বড়োৱে এটা ব্ৰঞ্জৰ পদক, প্ৰিঞ্চজ্যোতি চুতীয়াই দুটা ৰূপৰ আৰু দুটা ব্ৰঞ্জৰ পদক, তিতাবৰৰ ৰিটিচা শইকীয়াই দুটা সোণৰ পদক, উদিপ্ত হাজৰিকাই দুটাকৈ ৰূপৰ পদক,ৰাজ দাসে এটা ৰূপৰ পদক, বৈষ্ণৱী কচাৰীয়ে এটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক, গোৱালপাৰা জিলাৰ দিবাকৰ ৰাভাই সোণৰ পদক, উদালগুৰিৰ জেউতি বড়োৱে সোণৰ পদক।
ধেমাজী জিলাৰ লিজা চুতীয়াই সোণৰ পদক, মহন কলিতাই এটা সোণৰ আৰু এটা ৰূপৰ পদক, নাৰায়ন বিশ্বকৰ্মাই সোণৰ পদক, কৃষ্ণকান্ত টায়ে ৰূপৰ পদক, বিঞ্জুমায়া চেত্ৰীয়ে ৰূপৰ পদক আৰু তনজ্যোতি সোনোৱালে ৰূপৰ পদক লাভ কৰে বুলি অসম পেনচাক চিলাট সন্থাৰ সাধাৰণ সম্পাদক তথা কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলেয়ে Rnewsindia24.com ক জানিবলৈ দিয়ে।

Sangita Dutta Editor in Chief Rnewsindia24.com